মোৰ গানটো আছিল বহীৰ পাতত
অৱয়ব
মোৰ গানটো আছিল
বহীৰ পাতত
লগতে আছিলে সুৰ
সুৰৰ সতে ছন্দ আছিল
জীৱন জুইৰে পূৰ৷
ছন্দ পিছে উতলি উঠিলে
সুৰে মনে মনে গুমৰিলে
বহীতে বন্দী বুলি
দুয়ো গুচি গ’ল
দেশ বিদেশলে’
উৰাই সোণৰ ধূলি৷
গানো বোলে আৰু বহীত নাথাকে
লগ বিচাৰিহে যাব
বিচাৰি বিচাৰি
সিহঁতক গৈ
কতনাজনৰ কত অন্তৰত
কতনাজনৰ কত ভিতৰত
জিৰাই থাকোতে পাব৷
ছন্দ বিচাৰি
সুৰ বিচাৰি
মোৰ গান যাব
যাব।।