মোৰ গাঁওখনিত কোনে বাৰু

ৱিকিউৎসৰ পৰা
মোৰ গাঁওখনিত কোনে বাৰু
লেখক জ্যোতিপ্ৰসাদ আগৰৱালা
Wikimedia-logo.svg আৰু চাওক প্ৰবন্ধ.
জ্যোতি সংগীত


মোৰ গাঁওখনিত
          কোনে বাৰু
          চম্পা ফুলালে
মোৰ পথাৰখনিত
          কোনে বাৰু
          সাউজী বোলালে?

ঘৰটিৰ মোৰ
          জালি কাটি
          পোহৰ পেলালে
সোণটিৰ মোৰ
          মনটি হৰি
          তুল তুলালে৷

আন্ধাৰ নিশা
          গাঁওখনিত
          বন্তি জ্বলালে৷৷