মোৰ অকোৱা পকোৱা সুৰত
অৱয়ব
মোৰ অকোৱা পকোৱা সুৰত বিজুলি খেলে
মোৰ নিজৰা আচেৰে ওফৰা ছন্দে ছন্দে
শতেক বৰ্ণ জ্বলে
বিসম্বাদী শিলত আঘাতি
উচ্ছলি উঠে
তানৰ পদুমে
কণিকাৰ পাহি মেলে৷
সাগৰলৈ বৈ যোৱা মোৰ সুৰে
পৰ্ব্বতে ভৈয়ামে
আপোন পাহৰি ফুৰে
যত বাধা পাই
তাতোক’য়ে জ্বলি
সৌন্দৰ্য্য ফুলাই
শিলৰ মূৰত নাচি গুচি যায়
বন বনান্ত তোলে শিয়ঁৰাই
অগ্ৰগতিৰ জয়গান গাই
মহাসাগৰত মিলে৷৷