মোৰে মন বনতে তই কি বাঁহী

ৱিকিউৎসৰ পৰা


মোৰ মন বনতে তই কি বাঁহী বজালি
অ’ সুন্দৰ--
সুন্দৰ সখা মোৰ চিৰসুন্দৰ ৷
নিশা চন্দ্ৰাৱলী
তাতে তাৰে দীপিকাৱলী পাতি দিলি
নিশাৰ এন্ধাৰ তই হাঁহিতে উজলালি
আনি দিলি পুৱতীৰ অৰুণাৱলী
সুৰৰে কোঠালি মোৰ
                ৰ’দালিৰে কৰি সোণোৱালী
অন্তৰ ভৰি মোৰ বিকশিলে কত-শত
                             শুকুলা শেৱালি
পাহিৰে কোলাতে পৰি--
তোৰ মৰম নিয়ৰৰে মুকুতাৱলী ৷৷