মুক্তি (আমাৰ মুক্তি কিমান দূৰ)
আমাৰ মুক্তি কিমান দূৰ
ব’ৰাগী ! মুক্তি কিমান দূৰ ?
মুক্তি তোমাৰ নহয় দূৰত
জগোৱা তোমাৰ প্ৰাণৰ মাজত
সুপ্ত বীণাৰ সুৰ.....
তোমাৰ মুক্তি নহয় দূৰ,
পথিক ! মুক্তি নহয় দূৰ ৷
ঝঙ্কাৰ দিলাতো তোমাৰ বীণত
বজা নাই যে আমাৰ প্ৰাণত
তোমাৰ বীণৰ সুৰ ;
আমাৰ মুক্তি কিমান দূৰ.....
ব’ৰাগী ! মুক্তি কিমান দূৰ ?
হিংসা-দ্বেষ কপটে তোমাৰ
ৰুদ্ধ কৰিছে প্ৰাণৰ দুৱাৰ
(তুমি) স্বাৰ্থেৰে ভৰপুৰ ;
বজা নাই তাত ; শুনা নাই তুমি
বিশ্ববিয়পা সুৰ......
তোমাৰ মুক্তি নহয় দূৰ
পথিক ! মুক্তি নহয় দূৰ ৷
শক্তি যে মোৰ তেনেই ক্ষীণ
দুৰ্ব্বল হিয়া মায়াতে লীন
নিৰাশাৰে ভৰপুৰ ৷
উষ্ণ শোণিত শীতল কৰিছে
বীণো যে নেবাজে মোৰ,
আমাৰ মুক্তি কিমান দূৰ ....
ব’ৰাগী ! মুক্তি কিমান দূৰ ?
শক্তি তোমাৰ নহয় ক্ষীণ
নেবাজিব কিয় তোমাৰ বীণ
কৰাচোঁ কলুষ দূৰ...
লুপ্ত নহয়, সুপ্ত নহয়,
মোহ-মায়া কৰা চূৰ ;
তোমাৰ মুক্তি নহয় দূৰ,
পথিক ! মুক্তি নহয় দূৰ ৷
সুপ্ত বীণা মোৰ পৰাণে ধৰিব
মুক্তিৰ অমিয়া গান....
আপোন পাহৰা শক্তি উথালি
কৰিব কলুষ ম্লান ?
লাঞ্ছনা-ক্লেশ শত নিপীড়ন
উপেঞ্চি উঠিব, কৰিব জীৱন
আত্মবলেৰে পূৰ ;
মুক্তি কিমান দূৰ ....
ব’ৰাগী ! মুক্তি কিমান দূৰ ?
(যেতিয়া) পাহৰি পেলাব দুৰ্দ্ধৰ্ষ শক্তি
অনন্ত বিয়পি উথলা ভক্তি
সুঁৱৰি ধৰিবা তান,
(তেতিয়া) গহীন বননি কঁপাই বাজিব
নীৰৱ বীণৰ তান ৷৷
যেতিয়া হিংসা-দ্বেষ এৰি আপোন পাহৰি
পৰক আনিবা আপোনাৰ কৰি
এৰি মা-অভিমান,
এৰি হীণতা, নীচতা, ক্ষুদ্ৰ স্বাৰ্থ
লভিবা যেতিয়া জ্ঞান-পৰমাৰ্থ
পবিত্ৰ কৰিবা প্ৰাণ ;
আত্মবলেৰে হই বলীয়ান
সেৱা-ধৰ্ম্ম লবা সত্য মহান
শুনিবা তেতিয়া মোৰ
মুক্তি বিচাৰি ওলোৱা পথিক
ধৰিবা তেতিয়া সুৰ ৷
জাগিবা তেতিয়া জাগিব তেতিয়া
মোহ, সপোনৰ ঘোৰ
সুপ্ত বীণৰ বাজি উথা সুৰে
জগাব মৰ্ত্ত্যপুৰ :
তোমাৰ মুক্তি নহয় দূৰ
পথিক ! মুক্তি নহয় দূৰ ৷