মা, মোৰ হ’লে আৰু

ৱিকিউৎসৰ পৰা


মা, মোৰ হ’লে আৰু
      পঢ়িবলে’ মনকৈ যোৱা নাই
কিয় জানিছ মা ?
      তই যে কৱ, দুষ্ট ল’ৰা
                  নামাতিবি, বুলি
                  সেই কাৰণে মা ৷
মোৰ কিতাপৰ ক টো হ’ল
                  বৰ দুষ্ট পাই
তাক মাতিলেই শুৰ ডালেৰে
            দিয়ে কুৰকুৰাই
ঞটো ইমান অঘাইটং
      তাৰ ফালে চাবকে নোৱাৰি পাই
      সেইডালে শিয়াঁৰি শিয়াঁৰি জোকায় ৷
বুইছ মা,
      ক-ফলাখন
            দুষ্ট ল’ৰাৰে ভৰা
মা, সিহঁতক কোবাই কোবাই
            খেদি দে ঘৰৰ পৰা ৷৷