মা, দেউতাই যে
অৱয়ব
মা, দেউতাই যে
বিহুৰ দিনা
গাই আছিলে গান
সেই দিনা মই
শুই থাকোতে
দেখিছিলোঁ এটা সপোন
তেনেয়ে অকণমান৷
মা, তই সজা যে
শিং থকা যে
ৰঙা ৰঙা পিঠা
খাবলৈ যে এঠা এঠা
অলপ মিঠা মিঠা
তেনেকুৱাই তিনটা আহি
মোৰ বিছনাত উঠিল
আৰু এটাক মাতোতেও
ওপৰলৈ নুঠিল
মই খাওঁ বুলিলে
হাওঁ হাওঁ বুলি মোক খাবলৈ আহে
নাখাওঁ নাখাওঁ বুলি ক’লে
খিল্ খিল্কৈ হাঁহে
এনেতে জানো ক’ৰপৰা
আহিল ষাঁড়গৰু
গছকি দিলে পিঠাকেটাক
ওলাল নাড়ী-ভুৰু
ষাঁড়গৰুটো অহা দেখি
ইমান ভয় লাগিল
তই নুঠুতেই বুইছ মা
মোৰ টোপনি ভাগিল৷৷