মায়া ! মায়া ! ব্যাপি অনন্ত
অৱয়ব
মায়া! মায়া! -----
ব্যাপি অনন্ত এই যে বিশ্বকায়া!
ইমান ধুনীয়া
বিনন্দীয়া
কাৰ অভিনৱ ছাঁয়া৷
পোহৰত জিলিকা প্ৰহেলিকা
আন্ধাৰত জিলিকা কুহেলিকা
এই যে অসীম মায়া
কাৰ অভিনৱ ছাঁয়া?
কাৰ সপোনে ৰূপ লৈ নাচে
বিশ্বৰ বাস্তৱত
কাৰ বাস্তৱে সপোনৰ দৰে
ভ্ৰমি ফুৰে ভুৱনত
এই মহাসুন্দৰ মায়া
কাৰ অভিনৱ ছাঁয়া?