মাটি মাটি প্ৰাণ আছে তোৰ
অৱয়ব
মাটি
মাটি
প্ৰাণ আছে তোৰ
গান আছে তোৰ
জীৱন থাকে তোৰ কোলাত শুই
সাৰপাই সি পোহৰে যেতিয়া
দিয়েহি আহি
সোণৰ কাঠিৰে চুই৷
সোণৰ কাঠিৰ পৰশ পাই
ৰূপান্তৰৰ পিয়াহ জাগি যায়
ৰূপৰ পৰা ৰূপ বিচাৰি
মাটি যায়---
স্বৰ্গ ৰচে
নৰক ৰচে
পোহৰ ৰচে
এন্ধাৰ ৰচে৷৷