ময়না/ময়না

ৱিকিউৎসৰ পৰা

[  ]

ময়না

( ১ )

 ম‍ই কোনো ছোৱালীৰ কথা কোৱা নাই—মোৰ “ময়না” কোনো মৰম লাগা ছোৱালীৰ মৰমৰ মাত নহয়। মই নিজেই তিৰী মানুহ, ছোৱালীবিলাকত মতা মানুহে যি সৌন্দৰ্য্য় দেখে বুলি ভাবে, মই বোধ কৰোঁ দেখিবলৈ তেনে একো নাপাওঁ। মোৰ ময়না আচল চৰাই ময়না। সোণাৰ ভৰি —সোণাৰ ঠোট—সোণাৰ কাণ – আৰু সোণাৰ চখু থাকা চিকমিকীয়া[১] পাখিৰ ময়না!


( ২ )

 সি অনেক দিনৰ কথা। মোৰ সৰুতে বিয়া হইছিল। আৰু মোৰ স্বামী – স্বামী বুলিলে তোমালোকে কি বুজিবা? নাটক-নভেলত প্ৰাণনাথ, হৃদয়নাথ, প্ৰাণেশ্বৰ প্ৰভৃতি বহুত শব্দৰ কথা পঢ়িছা; এই আটাইবিলাক শব্দ লগ কৰি এটা যদি শব্দ গঢ়ি দিব পাৰিলা হয়, তেনেহলে বুজিব পাৰিলা হয় মোৰ স্বামী বোলাত মই কিহৰ কথা কইছোঁ। মই আদৰতে ‘দেউতা’ বুলি মাতিছিলোঁ।

 মোৰ দেৱতা—মোৰ স্বামীএ সৰুতে মোক তেওঁৰ লগলৈ আনিছিল। তেওঁ চাকৰি কৰিছিল নামনিৰ ফালে—মই উজনিৰ মানুহ। মোৰ দেৱতাই মোক লই নামনিৰ ফালে চাকৰি কৰিবলৈ গইছিল। দুই তিন বছৰমানৰ পাছত মোৰ কোলাখান শুৱাই আৰু মোৰ দেৱতাৰো মনটো উজ্জল কৰি এটি দেৱদূতে আমাৰ ঘৰত ঠাই ললেহি। সেই শিশুৰ অমৃত সানা কথাত, তাৰ নাচন-বাগন কান্দন-কাটনত আমাৰ ঘৰ-বাৰী, আমাৰ অন্তৰ-আত্মা অপূৰ্ব সুধা ৰসত মধুময় হৈ উঠিল। কিন্তু যমে তাক মাৰি নিলে—যম দেৱতাটো এনে নিষ্ঠুৰ!

 মোৰ স্বামীৰ কামটোত মফঃস্বল ফুৰিব লগীয়া আছিল। সদায় বাহিৰলৈ যাব লাগে আৰু আঁতৰত থাকিব লাগে। তেওঁ বাইচিকেল ৰাখিছিল— পাৰিৎপক্ষত সদায় মোৰ ওচৰলৈ আহিবৰ নিদানত। তেওঁ গলে মই ঘৰত অকলে থাকিব লাগে –চাকৰ মুঠতে একজন, সিও নামনিৰ মানুহ। প্ৰথম প্ৰথম তাৰ কথাকে ভালকৈ বুজিব পৰা নাছিলোঁ—পাছত লাহে লাহে সি বৰ মৰমৰ চাকৰ হই উঠিছিল—তাৰ নামটো ধনীৰাম। কিমান দিন তেওঁ আৰু মই কোৱা-কুৱি কৰিছোঁ,— লৰাটো বাচি থাকা হলে মই ঘৰত বেচ সুকলমে সুখত থাকিব পাৰিলোঁ হয়। তাৰ পাছত দুয়োটাই কিমান দিন আশাও কৰিছিলোঁ— কি জানি ঈশ্বৰে এটি সন্তান দিয়ে! কিন্তু ঈশ্বৰৰ সেই ফেৰা কূপা নহল।


( ৩ )

 এদিন মই ঘৰতে অকলে বহি আছোঁ, মোৰ স্বামী মফঃস্বলত — সিদিনা আহাৰ কথা [  ] আছিল[২]। মই অকলে বহি কত কি ভাবিছোঁ; ক’ত মোৰ উজনিৰ আই-বোপাইৰ ঘৰ, তাত সৰু সৰু ভাই ভনীহঁত–মৰমৰ আই বোপাই–পকি-ঘৰ—গাড়ী-ঘোঁৰা—এই আটাই বিলাক সুখ-স্বাচ্ছন্দ্য; আৰু ইয়াত, কৰ এখন নামনিৰ গাওঁ —তাৰে এচুকত মানুহ-দুনুহৰপৰা নিলগত এটি জুৰুলা সৰু খেৰৰ পঁজা; ভিঠিত জেকনি, চাৰিও ফালে ঢেকিয়া আৰু কচু বন। এইবিলাক কথা ভাবিছিলোঁ।—আৰু ভাবিছিলোঁ মোৰ দেৱতাৰ কথা। উজনিৰ ঘৰতো কোনো নাই, যি মোৰ দেৱতাৰ সমান। মোৰ দেৱতাই মোক কি সুখ-শান্তি ৰসত ডুবাই ৰাখিছে!

 এনেতে বাইচিকেলৰ ঘণ্টা এটা কাণত পৰিল। ঘূপুহ কৰে ওলাই পদূলিলৈ আহিলোঁ। মোৰ দেৱতা আহি পালে, গোটেই গাটোত আনন্দ আৰু হৰ্ষৰ ঢৌ এটা বাগৰি গল। চাকৰটোএ চাইকেলখন ধৰিলে। তেওঁৰ হাতত এটা সজা—এতিয়াহে মন কৰিলোঁ। সজাটো হাতত দি মোৰ দেৱতাই কলে—“এইটো ময়না, ইয়াক পঢ়িবলৈ শিখাই ললেইয়ে তোমাৰ লগ হব–মই কেতিয়াবা নহলে।”

 হায়! সেইদিনা বুজিলোঁ সন্তানহীনাৰ প্ৰাণত কি দুখ! সেই দিনা জানিছিলোঁ নে তেওঁৰ এই কেই আষাৰ কথা কেনেকৈ ভবিষ্যতে ফলিল!

( 8 )

 মোৰ ময়নাটোই মাত ধৰিলে। ৰাতি হলে কয়—“আইদেউ! দেউতা নাহে”। বাইচিকেলৰ ঘণ্টা শুনিলে কয়—“আইদেউ! সৌ দেউতা আহিল।” আৰু নিজানত, যেতিয়া মোৰ দেৱতা চৰ্কাৰী কামত বাহিৰত থাকে, তেতিয়া মোৰ ময়নাৰ লগত কিমান আলাপ কৰো, কিমান কথা পাতো, তোমালোকে কি বুজিবা? হয়তো ভাবিবা, চৰাইৰ লগত কি কথা। অমাতাৰ লগত কিহৰ আলাপ। কিন্তু মোৰ ময়না জানো চৰাই আছিল। দেখাতেহে চৰাই—সি মোৰ আদৰৰ সোণ—মোৰ যে মৰি গল সেই কোলা শুৱনি সোণাতকৈও যে বেছি মৰমৰ! কিজানি - সিয়েই মোৰ দুখ সহিব নোৱাৰি ময়না জন্ম লই আকৌ ঘূৰি আহিছিল!

( ৫ )

 মোৰ দেৱতাৰ কথা ফলিল। মোৰ দেৱতাই মোৰ লগ এৰিলে। সেই নিঠুৰ যম দেৱতা——যাক মই আজিলৈকে বিচাৰি পোৱা নাই—সি মোৰ দেৱতাক মাৰি নিলে। মোৰ লগ হল তেওঁ থই যোৱা ময়না। ময়নাই কয়—“আইদেউ! দেউতা নাহে।” মই কান্দো, তাই কয়—“আইদেউ! নাকান্দিব, দেউতা আহিব”। হায় মূঢ় পখী! —তই জানা হলে কোন লোকলৈ মোৰ দেৱতা গইছে— সেই লোকৰ পৰা প্ৰত্যাগমন আছে নে নাই–সেই লোক কি? মই আৰু কান্দো, তাই আৰু কয়—“আইদেউ! নাকান্দিব দেউতাক পাব”।

 উজনিৰ ঘৰৰ পৰা মানুহ আহিল, মোক নিবলৈ। কিন্তু যি পবিত্ৰ পিঠত মোৰ দেৱতা নোহোৱা হইছে——তাক এৰি যাওঁ কেনেকৈ? কাৰো লগত মোৰ কথা কবৰ মন নাই— আনে মোৰ যন্ত্ৰণা, মোৰ দুখ, কি বুজিব! ময়নাৰ লগত মোৰ মেল—ময়নাৰ লগতে মোৰ খেল। উজনিলৈ নগলোঁ। [  ]

( ৬ )

 কুচটীয়া যমৰ ইমানতো সন্তোষ নহল। এদিন এটা চোলা[৩] পঠিয়াই মোৰ আদৰৰ ময়নাটোক সি মাৰি নিলে। মোৰ এতিয়া কথা কবলৈ কোনো নাই—মই নামাতো। মাতিলে নো লাভ কি? নিজে নিজে ভাবি থাকোঁ—পাৰিলে যমক এটা সেকা দিবলৈ!

 মানুহে কয় মই বলিয়া। কওক, যাৰ যিহকে মন যায়। ময়ে বলিয়া নে সিহঁতেই বলিয়া—মইহে তাক বুজোঁ—সিহঁতে কি বুজিব? মুঠে মোক যমটোক লাগে। তাক এটা সেকা দিব পাৰিলে — তেতিয়া মাতিমো, খামো আৰু মানুহক দেখুৱাম যে মই বলিয়া নহওঁ— প্ৰতিশোধ হে বিচাৰোঁ।

  1. পাণ্ডুলিপিত ‘চিকচিকীয়া’ আছে। — সং, শ, গো. ৰ. কলা
  2. পাণ্ডুলিপিত ‘নাছিল’ আছে। —সং, শ. গো.ৰ.
  3. পাণ্ডুলিপিত ‘চেলা’ আছে, চেলাহে শুদ্ধ। —সং, শ. গো. ৰ।
    ৰচনাকাল ৫/৩/১৭