পৃষ্ঠা:ময়না.pdf/১০

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
৫৩
ময়না


( ৬ )

 কুচটীয়া যমৰ ইমানতো সন্তোষ নহল। এদিন এটা চোলা[১] পঠিয়াই মোৰ আদৰৰ ময়নাটোক সি মাৰি নিলে। মোৰ এতিয়া কথা কবলৈ কোনো নাই—মই নামাতো। মাতিলে নো লাভ কি? নিজে নিজে ভাবি থাকোঁ—পাৰিলে যমক এটা সেকা দিবলৈ!

 মানুহে কয় মই বলিয়া। কওক, যাৰ যিহকে মন যায়। ময়ে বলিয়া নে সিহঁতেই বলিয়া—মইহে তাক বুজোঁ—সিহঁতে কি বুজিব? মুঠে মোক যমটোক লাগে। তাক এটা সেকা দিব পাৰিলে — তেতিয়া মাতিমো, খামো আৰু মানুহক দেখুৱাম যে মই বলিয়া নহওঁ— প্ৰতিশোধ হে বিচাৰোঁ।


  1. পাণ্ডুলিপিত ‘চেলা’ আছে, চেলাহে শুদ্ধ। —সং, শ. গো. ৰ।
    ৰচনাকাল ৫/৩/১৭