মই ৰোৱা ফুলনিৰ
অৱয়ব
মই ৰোৱা ফুলনিৰ
ফুলবোৰ সৰি গলে
ভাগি ছিগি পৰি গলে
কোনে তুলিবি?
চুবৰিৰ মৰমত ভোলগৈ থাকোতেই
নুবুটলিবি৷
সৰি যোৱা ফুলৰে সখি নপতাবি তই
মৰি যোৱা পাহিটিৰ
বেজাৰত নাথাকিবি ৰৈ
সুন্দৰৰ পূজা কৰি
নতুনৰ গুটি ধৰি
আগেয়ে নেদেখা ফুল
মই ৰুমগৈ৷
সৰি যোৱা সৰি জহি যাব
নতুনে জীৱন পাই হাঁহিব নাচিব৷৷