মই লিখা মোৰ ৰেডিঅ’ৰ

ৱিকিউৎসৰ পৰা


মই লিখা মোৰ ৰেডিঅ’ৰ
         সোণ পুৱতিৰ গানে
                অৰুণ হাঁসিৰ
                       কৰুণ চুমা
                             গাতে সানি আনে৷
বিজুলীবাই আকাশেদি আহে
মোৰ গানে তাইৰ আঁচল ধৰি হাঁহে
মোৰ কোঠালিত আলাসতে ভাহে!
          বিদায় লোৱা পুৱাৰ তৰাৰ
                   মনৰ বেজাৰ--- গোপনৰ--- সপোনৰ

আহিল জ্বলি মোৰ গানৰে প্ৰাণে প্ৰাণে
মই নজনা কথা..ক’লে কাণে কাণে


মই লিখা মোৰ ৰেডিঅ’ৰ

          সোণ পুৱতিৰ গানে৷৷