বৰবৰুৱাৰ বিয়া

ৱিকিউৎসৰ পৰা
Jump to navigation Jump to search
বৰবৰুৱাৰ বিয়া
লেখক লক্ষ্মীনাথ বেজবৰুৱা
Wikimedia-logo.svg আৰু চাওক প্ৰবন্ধ.
কৃপাবৰ বৰুৱাৰ কাকতৰ টোপোলাৰ লেখা

বৰবৰুৱাৰ বৰ বিয়া, অসমৰ ইমূৰৰ পৰা সিমূৰলৈকে যত যি ঢুলীয়া-খুলীয়া চমুৱা-মচুৱা আছাহঁক মানে সকলো সমূহ বাপু মিলি এক চিত্ত মনে ধুম্‌ বাই দিয়া| বৰবৰুৱা কৃপাবৰ কবিবৰৰ বৰ বিয়া; অসমীয়া ভাইহঁত, পাৰা যদি তোমালোকৰ শোৱনি-ঘৰবোৰৰ চালত ধান-খেৰৰ জুই লগাই দি ওলাই আহি টিকা চপৰিয়াই হেপোৰ-পিটি দেও দিয়া! ভীষ্মৰ প্ৰতিজ্ঞা ভাগিল, বৰবৰুৱা ডাঙৰীয়াৰো বিয়া কৰিবৰ মন হল| কিয় হল, ঈশ্বৰে জানে| কিন্তু বৰবৰুৱাই ইয়াকে মাত্ৰ জানে, যে বাঁহৰ আগত বগলী নাচে, বৰবৰুৱাৰ বিয়ালৈ আৰু ন কুৰি ন দিন আছে| বৰবৰুৱাৰ বৰ বিয়া, চৰাই-চিৰিকতি পহু-পতং প্ৰভৃতি যত যি আছাহঁক সকলোৱে চাপি-কুঁচি আহি উৰুলি দিয়াঁ| আমুকা বৰবৰুৱাৰ বৰ বিয়া, অসমৰ ইমূৰৰ পৰা সিমূৰলৈকে যত যি ঢুলীয়া-খুলীয়া চমুৱা-মচুৱা আছাহঁক মানে সকলো আমূহ বাপু মিলি এক চিত্ত মনে ধুম্‌ বাই দিয়া| বৰবৰুৱা কৃপাবৰ কবিবৰৰ বৰ বিয়া; অসমীয়া ভাইহঁত, পাৰা যদি তোমালোকৰ শোৱনি-ঘৰবোৰৰ চালত ধান-খেৰৰ জুই লগাই দি ওলাই আহি টিকা চপৰিয়াই হেপোৰ-পিটি দেও দিয়া! ভীষ্মৰ প্ৰতিজ্ঞা ভাগিল, বৰবৰুৱা ডাঙৰীয়াৰো বিয়া কৰিবৰ মন হ’ল| কিয় হল, ঈশ্বৰে জানে| কিন্তু বৰবৰুৱাই ইয়াকে মাত্ৰ জানে, যে বাঁহৰ আগত বগলী নাচে, বৰবৰুৱাৰ বিয়ালৈ আৰু ন কুৰি ন দিন আছে|

ডাঙৰীয়াৰ মন-ঘোৰা ছুটিলেই আৰু ছুটিল, ধৰিবৰ কস্য সাধ্যং? এতদ্ধেতু বিয়াৰ আয়োজনং এবং যদৰ্থে চণ্ডীকা পাঠ: তদৰ্থে এই বিজ্ঞাপন ইতি ভাব:|

বৰবৰুৱাক ছোৱালী বিয়া দিওঁতা অসমত কোন কোন আছে, তেওঁবিলাক আগবাঢ়ি ওলাই আহক, আহি কিমান দিনত আৰু কিমান টকাত বৰবৰুৱাৰে বিয়া দিবলৈ এজনী উপযুক্তা দিপ্‌লিপ্‌ কন্যা তেওঁলোকে চপ্‌লাই (Supply) কৰিব পাৰিব তাত কণ্ট্ৰেক্ট বা ঠিকা লওক; বৰবৰুৱাই তেওঁবিলাকৰ টেণ্ডৰ ইন্‌ভাইট (Tender invite) কৰিছে| আৰু টেণ্ডৰৰ লগে লগে, কণ্ট্ৰেক্টৰ বা ঠিকাদাৰসকলে ৫০০ কৈ টকা (Earnest money) বৰবৰুৱাৰ হাতনি-পেৰাত জমা থওক| ৫০০শতকৈ বেছি ডাঙৰীয়াই নোখোজে কাৰণ অসমীয়া নিচেই, দুখীয়া, দুখীয়াক কৃপা কৰা কৃপাবৰ স্বভাৱ-সিদ্ধ| কোৱা বহুল্য যে বৰবৰুৱাই কম বা বেছি নিৰিখৰ টেণ্ডৰ মঞ্জুৰ নিজ ইচ্ছামতে কৰিব|

তলত লিখা বন্দৱস্তত (Condition) বৰবৰুৱাই বিয়া কৰাব| তাৰ ভিতৰৰ এটা এডোখৰ লৰচৰ হলেও টেণ্ডৰ নমঞ্জুৰ,--(১) জোৰোণ পিন্ধাবৰ দিনাৰেপৰা চন্দ্ৰদিবাকৰ থাকে মানে শহুৰৰ ঘৰৰ সৈতে মোৰ ঘৰ অশ্ব-মহিষ হব লাগিব| কাৰণ বিয়াৰ উদ্দেশ্যই সংসাৰ বঢ়োৱা| এধামৰা মৰচেৰেলা মানুহৰ পৰা কোনো কালেও সংসাৰ নেবাঢ়ে; তালৈ তেজী জঁকাল ধৰ্‌ফৰ্‌ ধাৰ্‌ফাৰ্‌ কৰি ফুৰা টিঙত-খীৰোৱা তীখামোখৰা মানুহ লাগে| বন্ধু কুটুম্বৰ কামি পৰস্পৰ সাহায্য কৰা| শহুৰ জোঁৱাইৰ বন্ধুত্ব সকলো বন্ধুত্বৰ শিৰোমণি| তেওঁবিলাক পৰস্পৰ ঠকাঠকীয়া সাহায্যত যে তেজী, সজীব, গতিকে সংসাৰ বঢ়োৱা উন্নতিশীল মানুহ হব লাগ, তাক ভেবা অঁকৰা পৰ্য্যন্ত সকলোৱ স্বীকাৰ কৰিব| সেইদেখি শহুৰ জোঁৱাইৰ কন্দল অত্যাৱশ্যকীয়| এই কাৰণতহ দূৰদৰ্শী আমাৰ পূৰ্ব্বপুৰুষসকলে এই সনাতন প্ৰথা অসমত চলাই থৈ গৈছ| (২) জোঁৱাই শহুৰৰ মাজত কেতিয়াও কোনো কাল ভাত বা আন সিদ্ধান্ন-পকান্নৰ চলাচল নহব| কিয়নো, সিদ্ধান্ন-পকান্নৰ তপত ভাপত জাতটি ঘিঁউ উতলাদি উতলি বৈ গৈ নাইকিয়া হবৰ সম্ভৱ| অধিক কি, কোমল চাউল আৰু ভোতমনোহৰ কলো আমাৰ ভিতৰত লাহ ধীৰ আগ পাছ চাইহে চলিব; কিয়নো আহুদি বুলি যি এটি ভীষণ পদাৰ্থ আছে, তাৰ আগত দ্বাৰকাৰ কৃষ্ণ আৰু কৈলাশৰ শিৱও থৰহৰি কম্পমান| (৩) শহুৰৰ টিকনি থাকিব লাগিব; কাৰণ, বৰ্ত্তমান কালৰ জাতটি আৰু বামুণৰ ব্ৰাক্ষ্মণ্যটি তল ফালৰপৰা উজাই গৈ টিকনিতহ ৰৈছে; টিকনিৰ আগৰ গাঁঠিটিয়ে অনুগ্ৰহতকৈ ধৰণী ধৰি আছে; নতুবা জাত আৰু ব্ৰাক্ষ্মণ্যৰ ফালে সাঙ্গেই| বিশেষত: জোঁৱাই শহুৰৰ চুলিয়া-চুলিৰ সময়ত টিকনিয়ে বৰ গুণ দিব| (৪) ঘৈণীৰ বাপেক মাক সাতোপুৰুষক ধৰি নিতৌ দুপৰীয়া, গধূলি, পুৱা তিনিও প্ৰসঙ্গত মই গালি পাৰি উদ্ধাৰ কৰিবলৈ পাব লাগিব| কাৰণ ছোৱালী দিলেই শহুৰৰ ঘৰ মোৰ গোলামৰ দৰে হ’ল; নহলে ছোৱালী দিবলৈ মোৰ ভৰিৰ তলুৱাৰ ছাল সিহঁতে কেতিয়াও নেকামুৰিল্হঁতেন; গোলামৰ সাতোপুৰুষক গালিৰ তপত পিঁড়েৰে উদ্ধাৰ কৰি দিয়া শাস্ত্ৰসন্মত| (৫) জীয়েকৰ সতি-সন্ততি নোহোৱাকৈ শাহু-শহুৰে মোৰ ঘৰত জলগ্ৰহণ কৰিব নোৱাৰে; কাৰণ তেতিয়ালৈকে বিহৰ ভয় ষোলকলা| মানুহৰ চঞ্চল মন, কেতিয়া কি হয় কোনে জানে? (৬) ছোৱালী শান্তি বিয়া হোৱাত পলম হলে বা হৈও কিছু দিন যদি বাপেকৰ ঘৰতে থাকে অথচ বাপেকে শান্তি দি উলিয়াই নিদিয়ে, বা মই কৰি দিয়া দিনৰো, আজি দিম কাইলৈ দিমকৈ, মাকৰ নৰীয়াহে, ছোৱালীৰ গা ভাল নহয়হে ইত্যাদি নানা ৰকমৰ ওজৰ আপত্তি উলিয়াই হোঁহোঁকা-পিচলা কৰে, তেন্তে মই হলে কিন্তু মিঠাকৈ এই বুলি শহুৰলৈ চিঠি লেখিম:-”আপোনাৰ জীয়েকক নো আপোনাৰ ঘৰৰ কোনটো লৰালৈ ৰাখিব খুজিছে, মোক অনুগ্ৰহকৈ জানিবলৈ দিব?” তেতিয়া কিন্তু মো এই স্পষ্ট ভদ ব্যৱহাৰত কোনো মোক দূষিব নোৱাৰিব, এইদেখি মই এই কথা আগেয়েই কৈ থৈছোঁ| (৭) বিয়া কৰাই মোৰ ঘৰলৈ মোৰ ঘৈণীক আনিলে আৰু পৰাপক্ষত চন্দ্ৰ-সূৰ্য্যত গ্ৰহণ লাগিলেও, আনকি মাক-বাপেক মৰিলেও, মাক-বাপেকৰ ঘৰলৈ নপঠিয়াওঁ; তেওঁ যদি কেতিয়াবা কিবাস্বৰূপে যায়ও, এৰাতিতকৈ তাত বেছিকৈ থাকিব নোৱাৰে; আৰু চৰু খুটি মাৰি বেলেগে ভাত খাব লাগিব; এই কথাত ফাকি ফুকা চলাব নোৱাৰাকৈ ঘৈণীৰ লগত মোৰ সঁজাতি যাব; যদি সিমানতো প্ৰৱঞ্চনা আদি চলে, অৰ্থাত্‌ মিছাকৈয়ে বেলেগে চৰু জুৰি দেখুৱাই মাকৰ হাত ভাত খায়, তেনেহলে, সেই কথা মোৰ কাণত যদি পৰে, তেন্তে তাইৰ পিঠিত ডোমচোৰাত মেলি পানী ঢালিম, আৰু ৰাইডাঙেৰে তাইৰ পিঠিৰ ছাল নাইকিয়া কৰিম| এই মোৰ খাতাং কথা| (৮) অলঙ্কাৰপাতি নিদিয়াকৈ বিয়া কৰাম; কাৰণ অলঙ্কাৰ গৰুৰ হাড়, গতিকে সি অস্পৃশ্য; আৰু আমুকা নিজেই কেঁচা সোণ ডোখৰ, নিজেই ”সাতেশ্বৰী হাৰ|” এই কথাৰ সাক্ষী মই বিয়াৰ দিনা দিম, আপত্তিকাৰীসকলক মই তেতিয়া শুনাই দিম, যে সুন্দৰীসকলে ”আমাৰে দেউতা হীৰা কি মুকুতা জলে কি ৰাম ৰাম” বুলি মোৰ ৰূপ বৰ্ণাই নাম গোৱা| ছোৱালী বেছি সুন্দৰী হব নেলাগে; কাৰণ যিমান সুন্দৰী সিমান ভয়ৰ স্থল, মূৰকত মই সকলো কাম এৰি টোকোন লৈ দিনে-ৰাতিয়ে পহৰীয়া হব নোৱাৰো| সীতা-ৰাৱণৰ কথাই আমাৰ মনত যি চিতা লগাই দিছে, তাৰ প্ৰভাৱতে পেটৰ ভাত সদাই এধা ফুটা হৈ থাকে| আৰু ফটা কঁথাতহে সোণ থাকে, বুঢ়ালোকৰ বচন| (১০) বিয়াৰ আগেয়ে ছোৱালী নেচাওঁ; মোৰ ওচৰচুবুৰীয়াৰ অমুক বৰাই বা অতি টানে মোৰ টোলৰ ভিতৰত থকা তমুক মাউতনীয়ে চাই আহি ভাল বুলিলেই সকলো হল| আজিকালি আকৌ দৰাই নিজে ছোৱালী চোৱা নিয়ম লাহে লাহে কৰবাৰপৰা আমাৰ দেশত ওলাইছেহি| মানুহ হৈ নো কেনেকৈ লাজটো পুৰি পাতত দি খাই এনে কাম কৰিব পাৰে, এই কথা বৰবৰুৱাই ভাবোঁত ভাবোঁত তেওঁৰ হাত ভৰি এটাই কেটা পেটত সোমাই লুকাই ফাঁট মাৰিবলৈ উদ্যোগ কৰাত তেওঁ পথালি কোমোৰাটি যেন হব লগা হ’ল| (১১) বিয়াৰ পিছতো, মোৰ ঘৰলৈ আহিলেও, তিনটা মান লৰা ছোৱালীৰ মাক নোহোৱালৈকে ঘৈণীৰে মোৰে চকু একে নহয়, কাৰণ গিৰীয়েকৰ মুখলৈ চাই ঘৈণীয়েকে কথা কলে, আকৌ সেই কথাতে লাই পাই কেনেবাকৈ হাঁহিলে, সেইজনী মানুহ নিশ্চয় নিশ্চয় নিশ্চয় বেয়া হোৱাৰ লক্ষণ! দিনৰ পোহৰত আৰু ৰাতিৰো আধ খিনিলৈকে নিজৰ শোৱনী-ঘৰত বৰবৰুৱা নোসোমায়; তেনে কাম যি কৰে ছি:! লাজ! লাজ! লাজ! টোপনিৰ পাকে যেনেকৈ কুকুৰ আমাৰ আৰ্হি, শোৱনী-ঘৰত সোমোৱা পাকেও চোৰ আমাৰ আৰ্হি! (১২) আৰু নিতৌ তিৰোতাক ভুকু, ঢকা, গোৰ প্ৰদান কৰা যাব; ”যে হেতু” ই অতি পুৰণি আইন অৰ্থাত্‌ পুৰণি প্ৰথা| তিৰোতাক বশত ৰাখিব খুজিলে ”এইস্যা মাফিক চলনেই হোগা|” টাঙ্গোনে কুকুৰ সেও, আৰু গোৰে তিৰোতা সেও, হাতীলৈ লাংচিং, তিৰোতালৈ বাঘ-ঢকা| যি এইবিলাক নকৰে তাক বুঢ়ালোকৰ বাক্যত তিৰোতা-সেৰুৱা বোলে| এনে আশৈ নোপোৱা জাতিৰ বৰবৰুৱাই কি মুখলৈ চাব? তেওঁ টেটুৰ গুৰিলৈক এপেটকৈ শপত খাই কৈছে যে তেওঁ তেওঁৰ তিৰোতাক ধৰি পুহমহীয়া জাৰত নিতৌ সেৰেলা কৰিব আৰু দুৱাৰ-চুকত বাহ বোন্দামহৰ মাজত বহুৱাই থব| (১৩) ছোৱালীক কেতিয়াও পঢ়িব-শুনিব নিদিওঁ, মাক-বাপেকেও নিদিব| পঢ়িলে শুনিলে কেৱল গুচে, কেৱল গুচে, আৰু প্ৰেম-পত্ৰিকাৰ সম্পাদিকা হৈ যালৈকে পায় তালৈকে তলে তলে কাকত ”ভেজে”; এই কথাত মই হে নেলাগে আন সকলৰো খুব সতৰ্ক থকা উচিত| (১৪) শাহুৱে মোৰ আগত কেতিয়াও ওলাব নোৱাৰে, ময়ো শাজুৰ আগত তথৈবচ; কাৰণ ই যে ”বৰা চৰম কা বাত”| তেওঁ যদি শাহুৱে মোক চাব খোজে, বেৰৰ জলঙা আছে, চিন্তা কি? মোৰ হলে শাহুক চাবৰ কোনো সকাম নাই, আৰু সেইবাবে খেদো নাই| শাহু-বাঘ নেচাই তেওঁৰ জীয়েক-বোন্দাকে চালেই আমাৰ শাহুৰ আধ্যা পোৱা যাব|

আমুকা বৰবৰুৱা অতি উদাৰ, অতি খোলা, অতি ভোলাঙা মানুহ; তেওঁৰ মুখে এটা, পেটে নাই; সেই দেখি পোনপটিয়ে তেওঁ মনৰ কথা ভাঙ্গি বিয়াৰ আগেয়ে শহু-শাহুবৃন্দক কৈ দিছে| দৰে-ভাৱে আহে যদি খপৰ, বহাই দিলো, বহাই দিলো; নাহে যদি ”কুচ্‌পৰোৱা” নাই, বৰলা ভকত হৈ থাকিলোৱেই বা?