জীবিকাৰ উপায়

ৱিকিউৎসৰ পৰা
Jump to navigation Jump to search
জীবিকাৰ উপায়
লেখক লক্ষ্মীনাথ বেজবৰুৱা
Wikimedia-logo.svg আৰু চাওক প্ৰবন্ধ.
কৃপাবৰ বৰুৱাৰ কাকতৰ টোপোলাৰ লেখা

মূৰ কামোৰণিটো যে সংক্ৰামক বা খোচৰা ব্যাধি এইটো কথা মই আগেয়ে নেজানিছিলো| এতিয়া দেখিছোঁ যে কলাজ্বৰ আৰু মাউৰৰ লগৰ ইও এটা বৃহত্‌ ব্যাধি|এই দুই ব্যাধিৰ দৰে ইও মাৰাত্মক নে কি কব নোৱাৰো, কিন্তু সংক্ৰামক তাৰ কোনো যে ভুল নাই| বৰবৰুৱাই কি কাম কৰে, কেনেকৈ খাইছে, কেনেকৈ লৈছে, ডাঙৰীয়াৰ Ostensible source of livelihood কি এইবিলাক কথাৰ শুং বিচাৰি ভাবি #$৯ অসমীয়া মানুহৰ মূৰকামোৰণিয়ে ধৰিছে| এইদৰে মূৰ কামূৰিবলৈ আৰম্ভ কৰিলে, বৰবৰুৱাই ”সন্দেহিছে” যে কোনো এক আঁউসী বা পূৰ্ণিমাত দীপান্বিতাৰ ৰাতি ফট্‌‍কা ফুটাদি আৰু হাৱৈ উড়াদি এইবিলাক অসমীয়াৰ তালু ফুটি প্ৰাণবায়ু কেইটি বাহিৰ হৈ উড়ি লৰ মাৰিব|

বৰবৰুৱা বৰবৰুৱা| ঈশ্বৰে তেওঁক বৰবৰুৱাৰ বৰ বিষয়খন চিৰস্থায়ী বন্দৱস্ত কৰি দিছে দেখি তেওঁ তাকে ভোগ দখল কৰি আছে কৰি থাকিব; নিদিয়াহেঁতেন নাই, সেই বুলি তেওঁ ডিঙিত কলহ বান্ধি জলে জাম্প দি, বা পাইপয়চা ভাঙ্গি কানিৰ লাড়ু খাই ৰাইজৰ লগত তেওঁৰো প্ৰাণবায়ুটি হাৱৈ ফট্‌কাৰে সৈতে উড়াই দিব নোৱাৰে| জীবিকাৰ উপায় গোসাঁয়ে কৰি দিয়াহেঁতেন, দিলেহেঁতেন, নিদিলে তেওঁ কি কৰিব? শাস্ত্ৰত যত্ন কৰিবলৈ কৈছে; তেওঁ কানীয়া ভকতক আমৰলীয়া হাঁহৰপৰা তিলহোম বটুক পাঠ আৰু কালীপূজালৈকে যতবিলাক যত্ন আছিল সোপাকে কৰিলে, আৰু কি কৰিব? সেইবিলাকৰ লগে লগে বা তেওঁ কাম-কাজ ব্যৱসায়-বাণিজ্যৰ অনুসন্ধানত বনাই ফুৰা নাই? এনে এটা কাম নাই যত তেওঁ দোখোট্‌-এখোট্‌ মাৰিবলৈ চেষ্টা কৰা নাই, কিন্তু তেওঁৰ কপালত ঘটি বাটি একোটো নুঠে তেওঁ কি কৰিব! সিদিনা বৰচাহাবৰ চিৰস্তাত কাম এটা খালি হৈ ওপঙিছে বুই ভু পাই খোদাবান্দৰ ওচৰত খোদ হাজিৰ হলোগৈ| বৰচাহাবে কি লাগে বুলি মোক জিঙ্গাস্‌ কৰাত মুখে মুখে ইংৰাজীতে এই দৰে দৰ্খাস্ত কৰিলো:- Dated sibsagar the eighteenth april eighteen hundred and eighty fipe Sir I hape the honor to reform you that beingk givent to understant that the post of the rebenue superintenden is lying vacancy in your Oppice, and I bag to apply myselp as a candidate for the situationt.

With regard to my qualification I bag to statement that I rad up to thirt clas Sibsagar department gogoronomento English School, Guha hadmaster, and I know English perfectedly wel.

Further I bag that I a Mawra boy and if your Srifeet kindly become my fathor mathor, than I poor mant get raikha.

Khodabanda dazoor khamin malik garip parabasti I have I have the honor to be sir your most obedient servant K, Borborooah ass quire.

এই দৰ্খাস্ত শুনিয়েই বৰ চাহাবে চাপৰাচীক বৰবৰুৱাৰ ”হেণ্ডচেকেন্দ” কি ”ডিঙিচেকেন্দ” কৰিবলৈ ”ভেজিলত” বৰবৰুৱা মানে মানে প্ৰস্থান কৰিলে| সেইদেখিহে কওঁ যে গুণীৰ গুণ কি ইংৰাজ কি ”নেটিপ” কোনেও নুবুজে, এই দুখতে বৰবৰুৱাৰ বনলৈ যাবৰ অভিপ্ৰায় হয়|


কেছাৰিৰ কামৰ বায়ু ইমানতে এৰি বৰবৰুৱাই ইয়াৰ পাছত ইস্কুল মাষ্টৰ হবৰ মনোগত কৰিলে| মাষ্টৰী পৰ্ব্বৰ কথা কওঁ:- এদিন ঘুমুহকৈ খবৰ ওলাল বোলে অমুক ইস্কুলৰ চেপেন্‌ মাষ্টৰৰ (Second master) কাম খালি| বৰবৰুৱাই অতি হাবিলাষে সেই কামৰ অভিলাষে শেনটো যোৱাদি ইস্কুলৰ ইনস্পেক্টৰ চাহাবৰ ওচৰলৈ গমন কৰিলে| এইবাৰ কিন্তু মুখে মুখে দৰ্খাস্ত কৰা প্ৰণালী পৰিত্যাগ কৰি লেখি দিয়া প্ৰণালী অৱলম্বন কৰা হৈছিল| চাহাবে শুধিলে, ’ওৱেল, তই পঢ়াব পাৰিবি?’ মই কলো, ”খোদাবান্দা নোৱাৰিবৰ একো কাৰণ নাই|” ”বাৰু তই কাইলৈ এঘাৰ বজাত স্কুলত হাজিৰ হৈ কাম কৰিবি|” এই বুলি চাহাবে ক’লত মই তিনটা তিনি হতীয়া চালাম দি ”খামিন মালিক” বুলি গুচি আহি পাছ দিনা সময়মতে ইস্কুলত হাজিৰ| মোক দেখি ”চেপেন ক্লাচৰ” লৰাবোৰে প্ৰথমতে ফিচিঙাফিচিং কৰিছিল, কিন্তু যি চকু চেলাই ধৰিলো, একেবেলিয়েই এটাইবিলাক কাঁহ পৰি জিন গ’ল! কলিংকপিং নামেৰে এটা অঘাইটং লৰাই মই মুগাৰ চুৰিয়াৰ বৰ ফেৰ মাৰি যোৱা দেখি দন্তবিকাশ পূৰ্ব্বক হাস্য কৰিছিল, সেই কথা নিৰীক্ষণ কৰি মই ক্ৰোধান্ধ হৈ চকু পকাই তাক ক’লো—”কটা মই তোৰ বাপেৰৰ ঘৰৰ মুগাৰ চুৰিয়া পিন্ধিছো নে?” মোৰ ডাবি শুনি গোটেই ক্লাচে ঢেক্‌ঢেকনি মাৰি হাঁহিবলৈ ধৰিলে| সি যি হওক, মোৰ ছাত্ৰবিলাকেৰে সৈতে অনতিবিলম্বে মই সন্ধি স্থাপন কৰি পিঠা যেন হ’লো| কাৰণ আকৰীৰে সৈতে যদি নিতান্তই গৃহবাস কৰিব লগীয়া হল তেন্তে দন্দ-খৰিয়াল কৰি কি লাভ হব? কোন ঘণ্টাত কি পঢ়াব লাগিব, এই কথা জানিবৰ অভিপ্ৰায়ে ৰুটিং (Routine) পাঠ কৰি পালো যে প্ৰথম ঘণ্টাত ”টেলিগ্ৰাফি”| মোৰ চুলিৰ আগে ধাতু গ’ল; মইতো টেলিগ্ৰাফি নেজানো, কেনেকৈ পঢ়াওঁ! ভৈয়াই মই টেলিগ্ৰাফি পঢ়াব লাগে বুলি জনাহেঁতেন কেতিয়াও ”চেপেন মাষ্টৰ” নহলোহেঁতেন! পাছে, মৰণত শৰণ দি উপস্থিত বুদ্ধি উলিয়ালো| এটা লৰাৰ চেলেং কাপোৰ এখন আনি পকাই তাঁৰৰ নিচিনা কৰি দুটাক দুমুৰে ধৰিবলৈ লগাই দি মেজৰ ওপৰত আঙ্গুলিৰে তবলা বজাবলৈ ধৰিলো| মোৰ কাণ্ড দেখি গোটেই ক্লাচ তবধ| তাৰে এটাই মৰসাহ দি সুধিলে, ”ছাৰ, কৰিছে কি?” মই উত্তৰ দিলো, ”টেলিগ্ৰাফি শিকাইছো|” সি বোলে ”নহয় ছাৰ, চিলেঠত আখৰ লিখিবলৈ হে দিব লাগে|” তেতিয়াহে মই জানিলো, অ’ টেলিগ্ৰাফি নহয় ’কেলিগ্ৰাফি’ (Caligraphy)| মোৰ ধাতু আহিল; কিন্তু সিহঁতৰ আগত অপ্ৰস্তুতৰ ভাব নেদেখুৱাই তত্‌ক্ষণাত্‌ ক’লো ”মই সেইটো জানো বাৰু আজিলৈ টেলিগ্ৰাফিকে শিকহঁত, কাইলৈ কেলিগ্ৰাফিৰ কেলি কৰিম|” মোৰ ছাতৰবিলাকৰ ভিতৰত বৰ নাম হৈ গল যে ”আমাৰ ছাৰে খুব জানে”|

ইয়াৰ পাছত এল্‌জাবৰাৰ পাল আহিল| তত্ক্ষ ণাত্‍ ’ব’ৰ্ডত’ মই এইকেটা অঙ্কৰ জাবৰ লেখি দি ছাতৰ্হঁতক সাৰিবলৈ কলো| Solve the equatations. (১) ভোজ*২-মদ*২-কুকুৰা*২=০ (২)বিয়া-তিৰোতা*২=০ শৰাধ-দক্ষিণা=০ (৩) মিছা*২+ ভণ্ডামি*৩=অসম সমাজ ভিতৰ-ক’লা*২-বাহিৰ বগা*৩=অসমীয়া (৪) এল্‌জোবৰাত ভগ্‌লাৰ্‌ ফেক্‌চন্‌ কাক কয়? (৫) ডেৰকুৰি অসমীয়া শিয়াললৈ ৩০ ডাল নেজ আছে, গাইপতি কেইডাল কেইডালকৈ পৰিব? X আৰু Y দি এইটো অঙ্ক কৰিব লাগিব|

ইয়াৰ পাছত হিষ্টৰি বা ইতিহাসৰ পাল| হিষ্টৰি হাতত লৈয়েই মোৰ হিষ্টিৰিয়া ৰোগ আধাআধি হল! কোনোমতে মনটো থিৰকৈ লৈ বান্ধৱ কৃষ্ণাই সুমৰি প্ৰথমৰ লৰাটোক এই প্ৰশ্ন পুট (put) কৰিলো:- ’কুইন এলিজাবেথে কাৰ পুতেক আছিল?’ মোৰ পুট্‌ কৰা প্ৰশ্নত আপ্লুত হৈ গদগদ ভাৱে সি উত্তৰ কৰিলে:-’গদাধৰ সিংহৰ|” উত্তৰত সন্তোষিত হৈ ইতিহাস সিমানতে এৰি জিয়গ্ৰাফি বা ”ভোগোল” বন্দুক হাতত লৈ এটা ছাতৰৰ প্ৰতি এই ঔটেঙাটোৰ সমান ডাঙৰ গুলি মাৰি পঠিয়ালো:-”দিন ৰাতি কেনেকৈ হয়?” সি গুলি খাই উত্তৰ দিলে:-”চকু মুদিলে ৰাতি আৰু চকু মেলিলে দিন|” এই উত্তৰত মই থমক খাই ৰোৱা দেখি আৰু এটা লৰাই ”এই উত্তৰ অশুদ্ধ হৈছে ভাবি কলে-”নহয় চাৰ, চকু মেলিলে ৰাতি, চকু মুদিলে দিন|”

ইমানতে ”ভোগোলৰ” শিক্ষা সামৰি, জিয়মেট্ৰি বা জয়মতি হাতত ললো| লৈয়েই মোৰ মতিটো বা মনটো জয় পৰি গল! শেহত কলো, জয়্মতিৰ প্ৰতিজ্ঞা আজিলৈ থাওক, কাইলৈ শিকিম; লাঙ্গি গদাপাণি নহলে জয়মতি শিকাব নোৱাৰি| মই লাঙ্গি গদাপাণি হৈ আহি সেই প্ৰতিজ্ঞা শিকাব লাগিব| মোৰ কথাত মোৰ ”সমূহ বাপু” ছাত্ৰসকল পৰম আমোদিত হৈ ”দশোদিশ জুৰি” ঘৰাঘৰি বৈ গল|

লাহে লাহে মোৰ গুণ বিদ্যা ইনস্পেক্টৰ চাহাবৰ কাণ পালত চাহাবে মোক ইস্কুললৈ আৰু যাবলৈ হাক দি বতৰা কৈ পঠিয়ালে, আৰু মোৰ সেই দিনাৰ পৰা মাষ্টৰীপৰ্ব্বৰ আধ্যা পৰিল| পাছত আৰ-তাৰ মুখে শুনিবলৈ পালোঁ বোলে চাহাবে হেনো মোক ”ঘিচ্‌-মিচ্‌” (dismiss) কৰিলে| কিন্তু ই বিশ্বাসৰ সম্পূৰ্ণ অযোগ্য; কাৰণ মোক ঘিচ্‌-মিচ্‌ কৰিবলৈ চাহাব নালাগে, মহাম্লেচ গো-ঘাদক চাহাবৰ আজুককাকেও বিচাৰি পাব কত?

দুঠাইত দুই এটা ঠেকেছা ঘাইহে বুজিলোঁ যে ’কলৌ অন্নগতা প্ৰাণা:” অৰ্থাত্‍ কলিকালতা অন্নৰ অৰ্থাত্‌ ভাতৰ লগতে গতা খাই প্ৰাণ যায়| এক মনে বোলোঁ চাহ বাগিছাৰ বৰমহৰীকে হওঁ; কিন্তু তাতো তো উক্ত মহাম্লেচ গোখাদৰুমস্তি! যশ্য নিশ্বাসাত্‌ সহ ভোজনাত্‌ উঠনাত্‌ ৰহনাত্‌ মহাপাতকো বৰ্ত্ততে| খলু সাগ্নিক ব্ৰাক্ষ্মণ লৰা জাত্যান্তৰং গমিষ্যামি আমতি বিস্তৰেণ| বিশেষত: মহৰী হবলৈ গলে মহবিদ্যাত মহামহোপাধ্যায় নহলে নহয়| মই তো সেই ফালে ঠন্‌ ঠন্‌ মদন গোপাল| সেই বিদ্যাৰ ক বুলিব নেজানিলে ৰত্নাৱলী পঢ়িবলৈ যোৱাটো মোৰ পক্ষে ”বিলম্বনা” মাত্ৰ|

ইয়াৰ পাছত, ইকথাই কথা নহয়, বোলোঁ দোকানকে দিওঁ| কিন্তু সাত পুৰুষ কালিমনে বা ধাৰে বস্তু খোৱা ভাই অসমীয়াই এবছৰৰ ভিতৰতে মোক দিল্লীৰ বাদশ্যাহ কৰি হোকা লাখুটি জাপি হাতত দি যে বানপন্থী নকৰিব তাৰ জামিন কোন?

গোসাঁই হৈ শিস্য ভজাই জীবিকা আৰ্জিবলৈকো যে নীচেই সুচল এনে নহয়| এঠাইত নিৰ্ম্মালি লৈ লেঙ্গামাগুৰি বা বগৰিগুৰি অধিকাৰ গোস্বামী, এতিয়াই কুৰি টকামান ব্যয় কৰিলেই হৈ যাব পাৰোঁ; মোৰ দুহাত আৰু পাছ ফালৰপৰা আল্ধৰাৰ দুহাত দেখুৱাই চতুৰ্ভুজ মূৰ্ত্তি শিশ্যৰ নয়নগোচৰ কৰিবলৈকে গাত লব পাৰোঁ, কিন্তু ৰৌ ৰৌ নৰকটো পাহৰোঁ কেনেকৈ? ভায়াহঁত? এতিয়া দেখিলা, যে কৃপাবৰ বৰুৱাই কৃপাবৰ বৰুৱাক লৈ ব্যতিব্যস্ত! তেওঁৰ বৰপেট নহল জানিবা ভালুকৰ সাঙ্গী হে হল! তাক ববও নোৱাৰি থবও নোৱাৰি|

কেতিয়াবা ভাবোঁ খেতি কৰোঁ; কিন্তু ভাবি চোৱাঁচোন বামুণৰ লৰা হবলৈ গল হালোৱা চহা! তাৰ আগেয়েই শিল এটা বিচাৰি আনি মূৰটো আফালি ভাঙ্গি বৰবৰুৱা ডাঙৰীয়াৰ অস্তিত্ব লোপ নকৰো কিয়? হতশ্ৰী হোৱা ”ৰিভৰ্‌ষ্টীম্‌ নেভিগেশ্যন্‌ কোম্পানি” আৰু ”ইণ্ডিয়া জেনেৰেল কোম্পানিৰ” তাপত নাও লৈ বেপাৰ কৰাটোৰো ভিকাচন ভাগিল| কুলাঙ্গাৰ দেশীয় মানুহে দেশীয় বা জাতীয় নাৱত সহানুভূতি প্ৰকাশ কৰক ছাৰি এনে সনাতন নৌকা প্ৰথাক ৰসাতললৈ যাবলৈ এৰি দি বিদেশীক পইচা দি জাহাজৰ খালাচীৰ ভাতৰ ওপৰত টিঘিল্‌ নিঘিলালে গা নোৰোৱা হৈছে!

একমনে ভাবোঁ, উকিলৰ টৰণী হৈ গুচৰীয়াৰ টৰণী হেৰুৱাই দিওঁ, যত মানুহ আছে, ধৰি ধৰি আনি গোচৰ লগাই দিওঁ, তেহে যদি কিৰ্পিণ অসমীয়াই শিকে| কিন্তু সাত-পাছ গুণি-ভাবি তালৈকো আগ বাঢ়িব নোৱাৰা হলো| কাৰণ, অৰিয়া-অৰিত পৰি ভদো মুক্তিয়াৰে তেওঁ উপাৰ্জ্জন কমি যোৱা যেন দেখিলে আখেজত মোৰ যে পেটটোৰ ওপৰত আক্ৰমন নকৰিব তাৰ আটক কি? তেওঁৰ গোধা ভৰিখন বৰবৰুৱাৰ পেটেৰে সৈতে দীঘলে পুতলে সমান; আৰু সেই কলগছীয় ভৰিৰ ভিতৰত জ্বৰ-খাপৰিও নাই!

বাতৰি কাকত এখনকে উলিয়াওঁ বুলি সকলো ঠিক কৰি এবাৰ ককালত কাপোৰ বান্ধি লাগি গৈছিলো তাৰ লগত মই কত টকা ভাঙ্গিলো, কত কত পুৰুষাৰ্থ কৰিলো তাৰ এতাৱন্ত নাই; বালিচাহীৰ পৰা গজহস্তীলৈকে যতবিলাক মানুহ আছে, সকলোকে নেখাটিবলৈ মোৰ নেথাকিল| সেই কামৰ অৰ্থে মান অপমান কাটিকৈ থৈ কত খুদ খহু আৰু কত টোপা-খহু মানুহক মই হাতত ধৰিলো, ভৰিত ধৰিলো, সেই কথা সুৱঁৰিলে এতিয়া হিয়া ক’লা পৰি আহে| অধিক কি, শ্ৰীযুত ওৱাহোৱাহোৱাংক্কংক:, শ্ৰীলশ্ৰীযুক্ত হেকুটুকু, শ্ৰী শ্ৰীযুত হাসৌহা:, মিষ্টৰ কুহুৰ্‌ কুহৰ্‌ মিচেজ দশনদাড়িম্ববীজপান্তি, শ্ৰীযুতা দুইকো-দুয়ো-নাহি-তুষ্টি, মান্যবৰ খ্যাতনামা প্ৰভৃতি ডাঙৰ ডাঙৰ লেখক-লেখিকাসকলক মোৰ কাকতত লেখিবলৈ বন্ধৱস্ত কৰি, শেহত কুৰ্চিতীয়া দেশী ভাইসকলৰ নিগ্ৰহত কাকত উলিয়াব নোৱাৰি মই হেন মানুহটো ৰাইজৰ আগত অমানুহ হলো! ঘনে ঘনে লোকৰ সাপ-বাতৰি কাকতে অসমীয়াক খাই থৈছে দেখি, বৰবৰুৱাৰ কেচু-বাতৰি কাকত লবলৈকো তেওঁবিলাকো ভয় খায়|

এনেবিলাক বেজাৰতেহে তেও বৰবৰুৱাই ভাই অসমীয়াক কেতিয়াবা কেতিয়াবা বৰটোপৰ মুখত দি উড়াই দি নিশ্চিন্ত হবৰ অভিপ্ৰায় কৰে! বৰবৰুৱাই কি অসমীয়ালৈ care বা পৰোৱা কৰে? দেশ-দ্ৰোহীসকলৰ পৰা তেওঁ জলপিভ্ডৰ আশা কেতিয়াবাই পৰিত্যাগ কৰিলে| আন কি তেওঁ মৰাৰ আগেয়ে আপোনাআপুনি তেওঁ আদ্যশ্ৰাদ্ধ, বিষোত্‌সৰ্গ, তিলকাঞ্চন, বৈতৰণী প্ৰভৃতি অন্তেষ্টি ক্ৰিয়া সোপাকে কৰি যাবলৈ ঠিক কৰিছে! কোনোবা বিদেশী ভক্তই যাদি তেওঁৰ দাড়ি, চুলি বা নখ আনি কেতিয়াবা ”কবৰ দিয়ে তেনেহলে তেওঁ তালৈকো (কবৰৰ বা মৈদামৰ ওপৰত দিবলৈ) এটা কবিতা লেখি থৈ যাব| তাৰ বাহিৰে ”কৃপাবৰ বৰুৱাৰ স্বৰ্গ যাত্ৰা” বুলি, কাকতত ছাপিবলৈ, এটা সুন্দৰ হৃদয়্গ্ৰাহী কবিতা লেখিবলৈকো তেওঁ আৰম্ভ কৰিছে|

কেতিয়াবা ভাবোঁ বোলো গোটাচেৰেক কিতাপকে ল্খি এনেও নাই তেনেও নাই ডাঙৰ হৈ যাওঁ! কিন্তু ”মাছে বোলে মাতে, পানীয়ে দুই কোৱাৰি ভেটে”; এই কুলক্ষণীয়া পৃথিৱীত তো সুখেৰে ডাঙৰ মানুহো হব নোৱাৰি| লেখা-পঢ়া শিকি কিতাপপত্ৰ লেখি ডাঙৰ মানুহ হলেই মানুহ চৰ্কাৰী হয়| চৰ্কাৰী আলিত যেনেকৈ এটাইৰে অধিকাৰ, চৰ্কাৰী মানুহতো সেইদৰে এটাইৰে ”দাবি দাওৱা”| এই কথাৰ উদাহৰণ বিচাৰি খপিয়াই ফুৰিব নেলাগে| ডাঙৰ গ্ৰন্থকাৰ, ডাঙৰ কবি, ডাঙৰ বৈজ্ঞানিক প্ৰভৃতি ”মানুহবিলাক এক প্ৰকাৰ ৰাজহুৱা সম্পত্তি; যেয়ে পায় সেয়ে তেওঁবিলাকৰ ওপৰত একো খচা মাৰে; সেয়ে তেওঁবিলাকৰ জীৱন স্বভাৱ চৰিত্ৰৰ সমালোচনা কৰি ধিন্দৌ-খিটৌ মাৰি যায়| তেওঁবিলাকে নিজৰ পাই-পয়চা এটাও লোকে নজনাকৈ ফটা-কঁঠাত লুকাই ৰাখিব নোৱাৰে| মিল্‌টনৰ গাৰুগুলিপ্‌ কেইটা আছিল, চেক্সপিয়েৰে বিহুৱে সংক্ৰান্তিয়ে ক’ত কেইগিলাচ ফটিকা খাইছিল, গ্লেড্‌ষ্টোন চাহাবে ভাত এগৰাহ কেইবেলি চোবালে, ভাত ৰান্ধিবলৈ ঘৰত খৰি নোহোৱা বাবে কেতিয়া কোন দিনা উকাই বাৰী-চুকত খৰি এডাল ফালিলে, বাইৰণে ভাৱনা চাবলৈ গৈ বৰখুটাৰ আঁৰ লৈ কোন গাভৰু ছোৱালীৰ গোলাপী গালত টিপতে লৰালৰিকৈ কেইটা পখিলা-চুমা খালে, এনেবিলাক কথা পৃথিৱীৰ এমূৰৰপৰা সিমূৰলৈকে ঢোল পিটি ”জাহিৰ” হৰা হয়! ডাঙৰ মানুহৰ ইমান দুৰ্দ্দশা যে তেওঁবিলাকে লুকাই চুৰকৈ প্ৰেমপত্ৰ বা বিশ্বাসী চিঠি এখন লেখিও, সেই চিঠিখন ছপা নোহোৱাকৈ সৰুৱাব নোৱাৰে| এইবিলাক কথা গুণিগাঁথিয়েই ভয়ত বৰবৰুৱাই পুথি-কিতাপ আদি লেখি ডাঙৰ হোৱা আশা এৰি বুধিয়কৰ কাম কৰিব লাগিছে|

ইত্যাদি কথা ভাবি-চিন্তি কৃপাবৰ বৰুৱা কিন্তু বিবুধি| জীবিকা, বিলৰ মাছ-কাছ নহয় যে পল জুলুকি বাই ধৰি আনিম; বা হাটৰ আলুগুটিও নহয় যে চৰতীয়া এটা পেলাই দি গোটাচেৰেক লৈ আহিম; বা কেয়াঁৰ ঘৰৰ ”মিল্‌মিল্‌ কা থান”ও নহয় যে ”দে বাবু দে, এই মাহৰ দৰমহা পালে তোক দাম দিম” বুলি লৈ আহিম; ই বিধতাই কপালত এখা কথা, হোৱাৰ হয় নোহোৱাৰ নহয়| কি বোলাঁ?

এনেও নাই তেনেও নাই মৰোঁ জীও সোঁ আধিকৈ দেশ উদ্ধাৰতে লাগি যাম ন কি? যাওঁ লাগি| যি থাকে কপালত, খোকাত নাইকিয়া মাছ| বৰবৰুৱাই তেনেহলে কুকুৰা কাটি, কিন্তু ৰূপেসৈতে শপত খাই কৈছে যে তেওঁ আসাম দখল কৰিহে এৰিব| আহিয়েই অসমত ঢোল পিটি শুনাই দিব, যে দেশহিতৈষী মাত্ৰকে আসাম দখল কাৰ্য্যত তেওঁৰে লগ লাগক| জিল্লাৰ বৰ চাহাবক আজিয়েই জাননী দিয়া যাওক, যে তেওঁ বৰবৰুৱাক দেশ এৰি দি , চেল্‌ভেশ্যন আৰ্ম্মি অৰ্থাত্‍ মুক্তি ফৌজ নামে যি ফৌজ ওলাইছে, তাত সোমাই এঙাচোলা আৰু চুৰিয়া পিন্ধি ফোট লৈ খ্ৰীষ্তিয়ান ধৰ্ম্ম প্ৰচাৰ কৰক| তুৰন্তে বৰ চাহাবে বৰবৰুৱাক গাদি এৰি দিয়ক| যিবিলাক চাহাব মুক্তি ফৌজত নোসোমায় বা আন প্ৰকাৰে খ্ৰীষ্টিয়ান ধৰ্ম্ম প্ৰচাৰ কৰিবলৈ মান্তি নহয়, তেওঁবিলাকক অবিলম্বে টোপোলা-টাপলি বান্ধি তেলীয়া নাও লৈ বিলাতলৈ উভটি যাবলৈ বৰবৰুৱাই হুকুম দিছে| সিবিলাক কিন্তু জাহাজত যাব নোৱাৰে, জাহাজ আমালৈ থাকিব; তেলীয়া নাও, পাঞ্চৈ নাও আৰু ডোমে মাছ মৰা চুছীয়া নাও লৈ স্বস্থানে প্ৰস্থান কৰক| আমাৰ দেশত বৰবৰুৱাৰ অনুমতি মতে যিসকল চাহাব ধৰ্ম্ম কাৰ্য্যত লাগি থাকিব, সেইসকলে হেট্‌ কট্‌ পটৌং আমাক এদি দি পাগুৰি মিৰ্জাই চোলা আৰু মুগাৰ বৰ চুৰীয়াৰ ফেৰ মাৰি থাকক; তেওঁবিলাকৰ মদৰ বটল আৰু আমাক দি, আমাৰ কানি-খোৱা হোকা আৰু ভাঙৰ চিলিম তেওঁলোকে লওক; কচু-ঢেকীয়া-পকাখৰিচা লৈ, কৰি-কট্‌লেট আমাক দিয়ক; তেওঁবিলাকৰ বঙ্গলাবোৰ আমাক এৰি দি আমাৰ স্বৰ্গদেখা জেলুকীয়া ঘৰত তেওঁলোক সোমাওকহি| শ্বিলং বৰুবৰুৱাৰ কানিপানৰ আড্ডা হওক| চাহ বাগিছাবিলাক যেনে আছে তেনেই ৰুদাই গাওঁবুঢ়া আৰু চটাই হাজৰিকা প্ৰভৃতিক দিয়ক, গাওঁবুঢ়া আৰু হাজৰিকা ককাইহঁত সৰ্ব্বতোভাৱে কৰ্ত্তব্য|