পৃষ্ঠা:Kirtan Ghosha.pdf/৫২৬

ৱিকিউৎসৰ পৰা
নেভিগেশ্যনলৈ যাওক সন্ধানলৈ যাওক
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
কীৰ্ত্তন ১১]
৫১৫
শ্রীকৃষ্ণৰ বৈকুণ্ঠ-প্ৰয়াণ

নিমিবেকে নৰ-চেষ্টা এড়ি।
বৈকুণ্ঠত প্ৰৱেশিলা হৰি॥ ১২২
যেন মেঘে বিজুলী-ছটাক।
নৱাৰিল কেৱে লক্ষিবাক॥
কৃষ্ণৰ গতিক সৱে দেৱে।
সেহিমতে নলক্ষিল কেৱে॥১২৩
যিটো দেহা ধ্যানৰ আলয়।
দেখি হোন্ত আপুনি বিস্ময়॥
হেন তনু ভৈল অন্তৰ্ধান।
বিজুলী-ছটক যেন ঠান॥ ১২৪
শ্ৰী ধৰ্ম্ম সত্য ধৃতি যত।
সৰে গৈল কৃষ্ণৰ পাছত॥
হেন দেখি যত দেৱগণ।
সৱাৰৰ বিস্ময় ভৈল মন॥ ১২৫
কৃষ্ণৰ অদ্ভুত যোগ-গতি।
দেখি সৱে প্ৰশংসিলা অতি॥
স্বকী স্বকী স্থানে চলি গৈলা।
শুক মুনি নৃপতিত কৈলা॥ ১২৬
ৰাজা আতি বিস্ময় নকৰা।
মৰা পুত্ৰ অন্তকৰোপৰা॥