বিদায়
উলাহৰ গীত মাত, জীৱনৰ শেষ
দুদিনীয়া সংসাৰৰ আশিষ অশেষ
মিছাই কৰিলোঁ সখী ধেমালি-ধুমুলা
মৰণে কৰিব আজি অলীক পুতলা
অব্যৰ্থ মৰণ শেল লভিব হিয়ায়
বিদায় বিদায় সখী বিদায় বিদায়।
সুখেই সকলো যদি বসুধাত হয়
ভাগি গ'ল কিয় তেনে সুখৰ নিলয় ?
নালাগে যাচিব আৰু সঞ্জীৱনী সুধা,
নহয় সহজ সখী মৰণক ৰুধা
মৰণ মৰণ আজি লভিব হিয়ায়
বিদায় বিদায় সখী বিদায় বিদায়।
দুদিনীয়া সৌন্দৰ্য্যৰ মোহন আভাই
নোৱাৰে মোহিব আৰু মৰতৰ দায়
ধুনীয়া কতনো ফুল লেৰেলি শুকায়
নিঠুৰ মৰণ মাথো মৰণ সদায়
বিদায় বিদায় সখী বিদায় বিদায় !!
বল, বীৰ্য্য, মন, জন আশাৰ ৰতন
নহয় ৰতন মাথো জাবৰতি বন
আজি আছে কালি নাই মাটিৰ নিলয়
তাকেই সাৱটি নৰ বিয়াকুল হয় ?
নিকৰুণ শেষ আজি লভিব বিদায়
বিদায় বিদায় সখী বিদায় বিদায় ।
নালাগে বুজাব আৰু মিলন আৰতি
নুশুনে মৰণে সেই প্ৰেম ভৰা গীতি
জীৱনৰ শেষ শান্তি মৃত্যুৰ কবল
চকুৰ আগত আজি কৰে টলবল
বিজয়ী মৰণ আজি লভিব বিদায়
বিদায় বিদায় সখী বিদায় বিদায় ।
দুদিনীয়া সংসাৰৰ মোহন আলয়
মৰণ বৰণ কৰি হব পাৰে লয়
লভিব বিদায় কিন্তু হেঁপাহৰ ঠাই
অসীম আকাশৰ সৌৱা জেউতি চৰায়
চিৰ সুখ চিৰ শান্তি লভিব বিদায়
বিদায় বিদায় সখী বিদায় বিদায় !!