দৃষ্টিৰ বিননি
সুপ্তিহীন চেতনাৰ স্বপ্নময়ী সোণালী ক্ষণত
কোন খনিকৰে
বিশ্ব-পুলকিত কৰি মাটিৰ প্ৰতিমা গঢ়ি
সাধনা আৱৰে ?
সত্যৰ সুষমা লই তৃপ্তিহীন ৰহস্যৰ
মায়াৰ ৰেখাত
অময়া অনন্ত সুখ বোলাই ৰঞ্জিত কৰে
চকুৰে দেখাত ।
সুগোপন অদৃষ্টৰ আন্ধাৰ পাটৰ এই
বিশ্বজোৰা ছবি
হয় হয় সিও মাথো মায়াৰ পূজাত যচা
মহা মায়া হবি,
খেলাৰ পুতুলা তেনে মায়া ফুলনিত আমি
পৰিছো ভাগৰি,
আমাৰ তুলিকা তিতে অন্ধকাৰ জীৱনৰ
শোণিত বাগৰি ।
স্বপ্নালস দুচকুৰে সৃষ্টিময়ী ভাস্কৰ্য্যৰ
মোহিনী সাজত,
অৰূপ ছবিটি দেখি স্বৰূপ বিচাৰি ফুৰো
হিয়াৰ মাজত ।
তাতে আহি নিয়তিয়ে ভাগ্যৰ লিপিকা লিখে
মহা উচৱৰ
সৃষ্টিৰ পদুম সৰি থিতাতে মৰহি যায়
সপোন বুকুৰ ।
বিদায় পুৰবী শুনি সন্ধ্যাৰ আঁচল উৰে
পাৰ হয় পল;
শেষৰ কুঁৱলী নামি আন্ধাৰে আৱৰি ধৰে
দ্বীপ্ত নীলাচল ।
আন্ধাৰৰ আঁৰে আঁৰে কেনিবা আঁতৰি যায়
মায়াৰ মৰম;
সৃষ্টিৰ বুকুত মাথোঁ দৃষ্টিৰ বিননি ফুটে
সেয়ে অনুপম ।।