বাকীছোৱা জীৱন/মোৰ পৰিয়াল
মোৰ পৰিয়াল
পৰিয়ালৰ যিটো সংজ্ঞা বা পৰিয়াল বুলিলে মানুহে যি বুজে তাৰ লগত মই কেতিয়াবা—একমত হ’ব নোৱাৰো। পিতৃপ্ৰধান সমাজৰ নিয়ম মতে একে পূৰ্বপুৰুষৰ পৰা নামি অহা উত্তৰ পুৰুষ সকল একেটা বংশৰ, গতিকে একেটা বৃহৎ পৰিয়ালৰ। পিছে একেজন পূৰ্বপুৰুষৰ বংশধৰ সকল কালক্ৰমে বাঢ়ি বাঢ়ি ইমান বিস্তৃত হয় যে এটা সময়ত কোনেও কাকো চিনি নোপোৱা হয়, সম্পৰ্কও নাথাকে। গতিকে সমাজেই নিৰূপণ কৰি দিয়ে পৰিয়ালৰ আকাৰ। যেনে, সাত বা পাঁচ পিৰি দূৰলৈ গ'লে সম্পৰ্ক ছিন্ন হয় কিছুমান পৰিয়ালত। প্ৰচলিত ধাৰণা মতে এহাল দম্পতী আৰু তেওঁৰ আটাইকেজন পুত্ৰ-বোৱাৰী, নাতি-নাতিনীৰে গঠিত ঘৰখনেই এটা পৰিয়াল, যাক যৌথ পৰিয়াল বুলি কোৱা হয়। আজিকালি যৌথ পৰিয়ালবোৰ ভাগি যাবলৈ ধৰিছে। পতি-পত্নী আৰু তেওঁলোকৰ ল'ৰা-ছোৱালীৰে গঠিত অণু (nuclear) পৰিয়ালবোৰেই আজিৰ সমাজত প্ৰাধান্য লাভ কৰি আছে। এটা কথা মন কৰিব লগা যে বংশৰ গতি নিৰ্ধাৰিত হয় পুৰুষৰ যোগেদি। তিৰোতা মানুহৰ ইয়াত কোনো স্থান নাই। পুৰুষৰ আটাইকেইজন ভায়েক ককায়েক একে পৰিয়ালৰ, কিন্তু মহিলাৰ বাই-ভনীসকলৰ বিয়া হৈ গ'লে মাক ভায়েক-ককায়েকৰ লগত সম্পৰ্ক ছিন্ন হৈ বেলেগ পৰিয়ালভুক্ত হয়।
মই কিন্তু কোনো দিনে মানি লোৱা নাই সমাজে বান্ধি দিয়া এই বৈষম্যমূলক নিয়ম। মই কল্পনা কৰিব নোৱাৰো যে একে মাক-দেউতাকৰ জীয়ৰী বাইদেউ অনিতা, ভনী সবিতা, প্ৰতিমা, ৰীতা আৰু মই একে পৰিয়ালৰ নহওঁ। উপজিবৰ পাছৰে পৰা বহু বছৰলৈ একেখন ঘৰতে ডাঙৰ হৈছো, একেলগে খাইছো, শুইছো, পঢ়িছো, ফুৰিছো, সুখ-দুখ উপভোগ কৰিছো। ভায়েক-ককায়েক একেখন চালৰ তলত বাস [ ৩৫১ ] নকৰিলেও একেটা যৌথ পৰিয়ালৰ বুলি কোৱা হয়। ছোৱালীৰ ক্ষেত্ৰত এই নিয়ম নাথাকে। মোৰ দৃষ্টিত মোৰ ভনীহঁতৰ অণু পৰিয়ালবোৰো মোৰ যৌথ পৰিয়ালৰ সদস্য।
মোৰ সংজ্ঞাত কেৱল বাই-ভনীয়ে নহয় মোৰ অনেক অতি আপোনজন, যাৰ সৈতে হয়তো তেজৰ সম্পৰ্ক নাই, তেওঁলোকো মোৰ পৰিয়ালভুক্ত। মই কেনেকৈ ক’ম সুমিত্ৰা হাজৰিকা, সবিতা লহকৰ-মুকুল কলিতা, মঞ্জুলা আৰু তেওঁৰ পুত্ৰ কন্যা ভাস্কৰ-জিঞ্জি, তেওঁৰ পালিতা কন্যা ৰীমা-ববিতা, জুনু বৰা-নৰেন বৰা মোৰ পৰিয়ালৰ কোনো নহয় বুলি। মঞ্জুলাই তেওঁৰ গাঁঠিৰ ধন খৰচ কৰি মোৰ ‘সোঁতৰ বিপৰীতে’ নামৰ কিতাপখন প্ৰকাশ কৰি মানুহৰ মাজত বিনামূলীয়াকৈ বিতৰণ কৰিছিল। মই ক’ব পাৰো নে কুমুদ ৰঞ্জন দাস, ৰিপুঞ্জয় গগৈ, খাইৰুল আলম, অলক আৰু ৰাজীৱ অধিকাৰী ভ্ৰাতৃদ্বয়, ৰাজেন্দ্ৰ আৰু সৰিতা খেতোৱাত, খগেন শৰ্মা, হেমন্ত বৰ্মন-সম্প্ৰীতি মোৰ পৰিয়ালৰ কোনো নহয়। সুখে-দুখে তেওঁলোক আমাৰ কাষত থিয় দিয়েহি। আন অনেকৰ নাম হয়তো থাকি গ'ল। অনেকে ক’ব পাৰে তেওঁলোকক পৰিয়াল নহয় বন্ধু বুলি ক'ব পাৰি। কিন্তু বন্ধুত্ব হয় সমবয়সাৰ লগত। এওঁলোক আটায়ে মোৰ পুত্ৰ-কন্যা সম।
মইনো কেনেকৈ কওঁ ষ্টেট বেংক অব্ ইণ্ডিয়াৰ দক্ষিণ গুৱাহাটী শাখাত কৰ্মৰত শ্যামন্ত কোঁৱৰ, সঞ্জয় চক্ৰৱৰ্তী, সুৰজিত বৰুৱা — যি তিনিজনক মই ‘থ্ৰী এছ’ বুলি কওঁ মোৰ আপোন নহয় বুলি। আমাৰ সাহায্যকাৰিণী সুৰো দেৱীৰ লগত সাধাৰণতে বেঙ্কলৈ যাওঁ। উভতি আহি সুৰোই গৃহস্থক কয়, ‘মাহী বেংকত সোমাই থম থম মদন গোপাল হৈ বহি থাকে। সকলো কাম কৰি দিয়ে বেংকৰ মানুহে'। সঁচাই ভাবো এওঁলোক বদলি হৈ গ'লে মোৰ পানীত হাঁহ নচৰা অৱস্থা হ'ব। একেদৰে ইউ বি আই বেংকতো আছে মোৰ আপোনজন। তাতো বহি থাকো বিগ্ৰহটোৰ দৰে। দুদুলমণি শৰ্মা আৰু ৰুমা গোস্বামী থাকোতে কিহৰ চিন্তা? আন এজন আছিল দীপংকৰ খাওন্দ। তেওঁ বদলি হৈ গৈছে। ৰুমা আকৌ আমাৰ সহপাঠী ফুচুৰি গোঁসাই অৰ্থাৎ নৰেণ গোস্বামীৰ জীয়ৰী। আৰ্য হাস্পাতালৰ এম ডি ডাঃ বিজয়া গোস্বামী, অনিল শৰ্মা মোৰ আপোন নহয় নে? আপোন নহয় নে গল্পকাৰ প্ৰণৱজ্যোতি ডেকা আৰু তেওঁৰ পত্নী গীতা?
মোৰ নিজস্ব সংজ্ঞা মতে মোৰ বৃহত্তৰ পৰিয়ালৰ সদস্য সংখ্যা অনেক।[ ৩৫২ ]
মোৰ অনু পৰিয়াল : ইতিহাসবিদ, সমাজবিজ্ঞানী, গৱেষক, সাহিত্যিক আৰু কবি হিচাপে খ্যাত আমাৰ গৃহস্থ অধ্যাপক অমলেন্দু গুহ, আমাৰ পুত্ৰ সুপ্ৰতীক (জয়), বোৱাৰী মনীষা আৰু দুই নাতি ঋষভ-অনুভৱৰে আমাৰ অণু পৰিয়াল গঠিত। পুত্ৰ-বোৱাৰীৰ কথা ইতিমধ্যে বিভিন্ন প্ৰসংগত উল্লেখ কৰিছো। কোৱা হৈছে পুত্ৰ জয় আৰু বোৱাৰী মনীষা অগাপিছাকৈ খড়গপুৰ আই আই টিৰ পৰা ওলাই উচ্চ শিক্ষাৰ্থে আমেৰিকালৈ গৈছিল। দুয়ো ইউনিভাৰচিটি অব্ চাদাৰ্ন। কেলিফ’ৰ্নিয়াৰ পৰা পি এইচ ডি ডিগ্ৰী লাভ কৰি আমেৰিকাৰ পূৱ উপকূললৈ চাকৰি কৰিবলৈ আহে। মনীষা সোমালে ফিলিপচ্ কোম্পানীৰ ৰিছাৰ্চ এণ্ড ডেভেলপমেন্ট বিভাগত বিজ্ঞানী হৈ আৰু জয় গ’ল মিনিয়া পলিচৰ 3M কোম্পানীৰ ৰিছাৰ্চ এণ্ড ডেভেলপমেন্ট বিভাগত বিজ্ঞানী হিচাপে। দুবছৰমান পিছত জয় আহিল নিউয়ৰ্ক ষ্টেটত অৱস্থিত আই বি এম কোম্পানীলৈ। বৰ্তমান তেওঁ কোম্পানীটোৰ এটা বিভাগৰ সঞ্চালক। পিছে ল’ৰাৰ দেহত আছে শিক্ষকৰ তেজ। দেউতাক শিক্ষক, ককাদেউতাক শিক্ষক। তাৰো ইচ্ছা আছিল শিক্ষকতা কৰা।কেইবাখনো বিশ্ববিদ্যালয়ৰ পৰা আমন্ত্ৰণ আহিছিল। পিছে বিয়া বাৰু কৰাই সংসাৰ পাতিলে মানুহে কেতিয়াবা স্বাধীনতা বিসৰ্জন দিবলগীয়া হয়। তাৰ বিয়াও পতা হৈছিল আজিকালিৰ তুলনাত কম বয়সত। আমেৰিকাত আত্মীয়-আপোনজনহীন পৰিবেশত অকলশৰে জীৱন কটোৱা কষ্টকৰ। নিজে পছন্দ কৰা বিয়া ঠিকেই হৈ আছিল। মনীষা বি টেক পাছ কৰি আমেৰিকালৈ উচ্চ শিক্ষাৰ্থে যোৱাৰ এবছৰৰ পাছতে দুয়ো পি এইচ ডিৰ ছাত্ৰ হৈ থাকোতে তেওঁলোকৰ বিয়া পাতি দিয়া হৈছিল। ডিগ্ৰী লাভ কৰাৰ পাছত কম বয়সতে তেওঁলোক পিতৃ-মাতৃও হয়৷
বিচাৰি বিচাৰি ভাল স্কুলত সন্তানক ভৰ্তি কৰোৱাৰ পাছত মাক-দেউতাকে সহজতে আন ঠাইলৈ চাকৰি সলনি কৰি যোৱাত হয় কিছু অসুবিধা। আন এটা সমস্যা পতি-পত্নী দুয়ো পছন্দমতে একে বিশ্ববিদ্যালয়ত নহ'লেও ওচৰা-ওচাৰিকৈ কাম পাব লাগিব। স্বামী-স্ত্ৰী দুয়ো বেলেগ বেলেগ ঠাইত থাকি কাম কৰাৰ উদাহৰণ নোহোৱা নহয়। পিছে ল'ৰা-বোৱাৰী দুয়ো নিজ নিজ পদত সুপ্ৰতিষ্ঠিত। তদুপৰি জয়ে নিউয়ৰ্কৰ কলম্বিয়া বিশ্ববিদ্যালয়ত সপ্তাহত এদিন অবৈতনিক অধ্যাপক হিচাপে পঢ়ায়। মনীষায়ো এটা ইঞ্জিনিয়াৰিং ইনষ্টিটিউতত পঢ়াইছিল। কিছুদিন কৰাৰ পাছত এৰি দিছে। আচল চাকৰিটো কৰি নিউয়ৰ্ক চিটিলৈ গৈ ক্লাছ লৈ উভতি আহে মানে ভালেখিনে ৰাতি হয়। ঘৰত ল’ৰা দুটাৰ পঢ়া শুনাৰ খা-খবৰ ঘাইকৈ মনীষাই [ ৩৫৩ ] কৰে। ইমান পৰিশ্ৰম কৰা আমাৰো ভাল লগা নাছিল। সাতে-পাঁচে এৰি দিলে। তেৱোঁ দৰমহা লোৱা নাছিল।
আমি এবাৰ তাত থাকোতে মনীষা সেইখন ইনষ্টিটিউটত কাম কৰি আছিল। আহিবৰ সময়ত প্ৰায়ে বাংলাদেশী দোকানৰ পৰা আনিছিল কাবাব আৰু চিকেন বা মাটন ৰোল। যাওক বাৰু খোৱাৰ কথা।
ল’ৰাৰ পৰিয়ালটো নিউয়ৰ্ক মহানগৰীৰ উত্তৰে ওৱেষ্টচেষ্টাৰ কাউণ্টিত (কাউণ্টি আমাৰ মহকুমাৰ দৰে) চাপাকুৱা নামৰ চহৰত থাকে। ক্লিণ্টন দম্পতীৰ ঘৰো একেখন চহৰতে। জয়-মনীষা দুয়োৰে কৰ্মস্থল ঘৰৰ পৰা নাতিদূৰত। তাত ঘৰ কিনাৰ একমাত্ৰ উদ্দেশ্য আছিল ঠাইখনৰ প্ৰথম শ্ৰেণীৰ স্কুলবোৰ। সেইখন দেশত স্কুল ভাল হ’লে ঘৰৰ দাম বেছি হয়। গৃহস্থৰ ল’ৰা-ছোৱালী পঢ়ক বা নপঢ়ক নিৰ্দিষ্ট নিৰিখত নিজৰ ঘৰ থকা মানুহে স্কুল টেক্স দিবই লাগিব। পাব্লিক স্কুলবোৰ ঘাইকৈ টেক্সৰ টকাৰেই চলে। চাপাকুৱাৰ স্কুলবোৰৰ মান যে উন্নত মোৰ সৰু নাতিটোক প্ৰাইমাৰী স্কুলত ভৰ্তি কৰাবলৈ যাওঁতেই দেখিছিলো। প্ৰাইমাৰী স্কুলৰ লাইব্ৰেৰী, অডিটৰিয়াম, কম্পিউটাৰ কোঠা, গান-বাজনাৰ কোঠা, বাস্কেট বল কোৰ্ট ইত্যাদি চাওঁতে ভাবিছিলো কোনোবা বিশ্ববিদ্যালয়ৰ কেম্পাছতে সোমালো নেকি। আমেৰিকাত দ্বাদশ শ্ৰেণীলৈ পঢ়াশুনা বিনামূলীয়া; আনকি বাছেৰে অহা-যোৱাও বিনামূলীয়া। তেওঁলোকৰ নীতি হ’ল দেশৰ সকলোৱে উচ্চতৰ মাধ্যমিকলৈ পঢ়াটো আৱশ্যকীয়। তাৰ পিছত কলেজত পঢ়ক-নপঢ়ক নিজৰ কথা। গতিকে কলেজৰ শিক্ষা গ্ৰহণ অনেকে কৰে ঋণ লৈ। আজিকালি আমাৰ ইয়াতো ছাত্ৰ-ছাত্ৰীয়ে ঋণ লৈ শিক্ষা গ্ৰহণ কৰাটো সহজ হৈছে।আমাৰ ইয়াতো বিদেশৰ দৰে ঘৰ সাজিবলৈ বা গাড়ী কিনিবলৈ পইচা জমাব নালাগে।
সংস্কৃতত এশাৰী বাক্য আছে— ‘ঋণং কৃত্বা ঘৃতং পিবেৎ যাবজ্জীৱন সুখং জীবেৎ।' ঋণ কৰি ঘিউ খাই ওৰে জীৱন সুখেৰে থাকা। বেংকৰ ঋণ অৱশ্যে ঘুৰাই দিব লাগে। যি কি নহওক, ঋণ লৈ নিজৰ ভৰিত থিয় দিব পাৰিলে পিছত পৰিশোধ কৰাত অসুবিধা ক’ত?
আমেৰিকাত সৰু ল’ৰা-ছোৱালী হোৱাৰ দৰে সুখ নাই। প্ৰথম সুখ হ’ল কোনোবা এটা শ্ৰেণীলে পঢ়া-শুনাৰ চাপ নাই, পৰীক্ষাও নাই, এসোপামান হ’ম ৱৰ্কো নাই। আমাৰ ইয়াৰ শিশুৰ দৰে তেওঁলোকৰ শৈশৱ হ'ম ৱৰ্কৰ হেঁচাত পংগুত্ব প্ৰাপ্ত নহয়। হালধীয়া ৰঙৰ স্কুল বাছে ছাত্ৰ-ছাত্ৰীক নমাবলৈ বা উঠাবলৈ ধৰিলে দুয়োফালৰ [ ৩৫৪ ] ট্ৰেফিক বন্ধ হৈ যায়। দুৰ্ঘটনাত যাতে কোনো ছাত্ৰ-ছাত্ৰী আহত বা নিহত নহয় তাৰ বাবে এই সতৰ্কতা।
কিতাপৰ দোকানত দেখিছো শিশু সকলৰ অবাধ স্বাধীনতা। বাৰ্নছ এণ্ড ন’ব্লছ নামৰ বিখ্যাত কিতাপৰ দোকানত দেখিছিলো এখোজ দুখোজ খোজ কাঢ়িব পৰা শিশুৰ বাবেও আবেষ্টনীৰ মাজত কিতাপৰ ব্যৱস্থা। ফালিব নোৱৰা প্লাচটিক জাতীয় কাগজত ছপা হয় সিহঁতলৈ কিতাপ। সেই কিতাপৰ লগত সজাই ৰাখে খেলিবলৈ নানা ধৰণৰ খেলনা। সেইবোৰ কণমানি বোৰে টানি-টুনি গছকি তহিলং কৰে। দোকানীৰ ভ্ৰক্ষেপ নাই। অবাধ স্বাধীনতা। স্বাধীনচিতীয়া নাগৰিক তৈয়াৰ কৰে এইদৰে।
মোৰ নাতিহঁতৰ স্কুল দেখি আমাৰ দেশৰ স্কুলবোৰৰ অৱস্থাৰ কথা সিহঁতক কৈছিলো, বিশেষকৈ দুৰ্দশাৰ কথা। কিছুমান স্কুলৰ দুৱাৰ-খিৰিকী নাই, কিছুমানৰ বেৰেই নাই, চালখনো ফুটা।
আমাৰ সৰুটো নাতিৰ বয়স তেতিয়া পাঁচ বছৰ। সি তাৰ খেলনা বেংকত খুচুৰা পইচা জমায়। এদিন বেংকৰ পৰা পইচাবোৰ উলিয়াই মোনা এখনত ভৰাই মোক দি কৈছিল অসমৰ স্কুলবোৰ এই টকাৰে মেৰামতি কৰাবলৈ। তাৰ উদাৰতা দেখি মই গৌৰৱবোধ কৰিছিলো। মাকে সেই খুচুৰা পইচাখিনি বেংকত দি বিনিময়ত নোট লৈ আহিছিল। মই গুৱাহাটীত ডলাৰৰ নোটকেইখন ভঙাই দুহেজাৰ ভাৰতীয় টকা পাই জালুকবাৰী শিশু সদনত অনুভৱৰ নামত দি আহিছো। ডাঙৰটো নাতি ঋষভৰ তেতিয়া আঠ বছৰ বয়স। সি মোক কৈছিল আমেৰিকাৰ প্ৰেছিডেণ্টক লগ ধৰি অসমৰ ভগা-ছিগা স্কুলবোৰ মেৰামতি কৰিবলৈ কিছু সহায় আনিবলৈ। সেই সময়ত বোধকৰো আমেৰিকাৰ প্ৰেছিডেণ্ট আছিল বুশ্ব (সৰু গৰাকী বুশ্ব)। মোৰ ধাৰণা সিহঁতক স্কুলতে বোধকৰো দান কৰিবলৈ শিকোৱা হয়। কিয়নো সিহঁতক কিবা দিব খুজিলেই কয়, ‘আমাৰ আছে, তুমি charity কৰা'। সেইখন দেশত হেনো কোৱা হয় ‘তোমাৰ উপাৰ্জনৰ টকা আটাইখিনি তোমাৰ নহয়, এটা অংশ দান কৰিবা'।
আমেৰিকাৰ দাতাসকলৰ ভিতৰত প্ৰথমেই মনত পৰে মাইক্ৰ'ছফটৰ গৰাকী বিল গেট্ছৰ নাম। তেওঁ হাজাৰ হাজাৰ কোটি টকা খৰচ কৰে পৃথিবীৰ মংগলাৰ্থে, বিশেষকৈ পিছ পৰা দেশবোৰৰ বাবে। তেওঁ আৰু তেওঁৰ পত্নী মিলিন্দা গেট্ছে তেওঁলোকৰ সম্পত্তিৰ আধামান জনহিতকৰ কামত ব্যয় কৰে। পৃথিবীৰ পৰা পলিঅ' নিৰ্মূল কৰিবলৈ কিমান অৰ্থ তেওঁলোকে ব্যয় কৰি আছে তাৰ হিচাপ হয়তো [ ৩৫৫ ] তেওঁলোকেও নাজানে। ক'ৰবাত পঢ়িছিলো ল'ৰা-ছোৱালীৰ বাবে তেওঁলোকে কোনো সম্পত্তি এৰি থৈ নাযায়, দি যাব জনহিতাৰ্থে। প্ৰাক্তন ৰাষ্ট্ৰপতি বিল ক্লিণ্টন তেওঁৰ দৰে চহকী নহয়, কিন্তু জনপ্ৰিয়। তেওঁ নানা উপায়েৰে দান-বৰঙণি সংগ্ৰহ কৰি আৰ্তৰ্জনৰ সেৱাত খটুৱায়। এসময়ত ছুনামী বিধ্বস্ত দক্ষিণ ভাৰতলৈ সহায়ৰ হাত আগবঢ়াবলৈ বিল ক্লিণ্টন অসুস্থ দেহাৰেই আহিছিল। কোনোবা এগৰাকী অষ্ট্ৰেলিয়ান ক্ৰিকেট খেলুৱৈয়েও ভাৰতত জনহিতকৰ কাম কৰি আছে।
ভাৰততো জনহিতকৰ কামত ব্যয় কৰা মানুহ আছে। কিন্তু যিটো হাৰত চহকীৰ সংখ্যা বাঢ়িছে সেই হাৰত দাতাৰ সংখ্যা বঢ়া নাই। আমাৰ অসমতে কোটিপতিৰ সংখ্যা ইমান আছে বুলি জনা নাছিলো। নিৰ্বাচন খেলিবলৈ অহাসকলৰ সম্পত্তিৰ তালিকা প্ৰকাশ কৰাৰ পাছতহে গম পালো অসমীয়া দুখীয়া নহয়। সাধাৰণতে ভাৰতীয় মানুহে মন্দিৰত দান কৰে পুণ্য অৰ্জন কৰিবলৈ। আম্বানী পৰিয়ালে প্ৰায়ে তিৰুপতি মন্দিৰলৈ গৈ সোণৰূপেৰে উপচাই দিয়ে মন্দিৰৰ ভঁৰাল। দক্ষিণ ভাৰতত আছে অসংখ্য চহকী মানুহ। তেওঁলোকেও ঘাইকৈ দান দিয়ে মন্দিৰত। আমাৰ মন্দিৰবোৰত কোটি কোটি টকা মূল্যৰ সোণ নিষ্ক্ৰিয় হৈ পৰি আছে। ভগৱানেনো এইবোৰেৰে কি কৰিব। জনমংগলৰ বাবে উলিয়াই দিলে দেশৰ শ্ৰীবৃদ্ধি কৰাত কামত লাগিলহেঁতেন। কিছুমান মন্দিৰে হেনো দিয়েও।
নাতিহঁতৰ কথা উলিয়াইছিলো। চাওঁতে চাওঁতে সিহঁত ডাঙৰ হ'ল। উচ্চতৰ মাধ্যমিকৰ হেঙাৰ পাৰ হৈ ডাঙৰ নাতি ঋষভ এই বছৰ অৰ্থাৎ ২০১১ চনত নিউয়ৰ্কস্থিত কলম্বিয়া বিশ্ববিদ্যালয়ত নাম লগালে গণিত আৰু অৰ্থনীতি বিষয় লৈ। ইঞ্জিনিয়াৰিং বা ডাক্তৰী পঢ়াৰ যোগ্যতা অৰ্জন কৰাৰ পাছতো সি অৰ্থনীতিৰ ফালেহে ঢাল খালে। দেউতাক-মাক দুয়ো বিজ্ঞানী কিন্তু হেজাৰ হেজাৰ মাইল আঁতৰত ভাৰতত থকা ককাকৰ বিষয়টোৰ প্ৰতিহে সি বেছি আকৰ্ষণ বোধ কৰিছে। সি সৰুৰে পৰা কিতাপৰ পোক। ককাকে তাক কেইখনমান কিতাপ দিছিল ডাঙৰ হ’লে পঢ়িবলৈ। সৰুতেই সেইবোৰ পাগুলি খাই নিজৰ লক্ষ্য স্থিৰ কৰিছে সি। ল’ৰাটো বৰ একাডেমিক। জোৰ কৰি তাক খেলিবলৈ পঠোৱা হয়। সিহঁতৰ স্কুলত তলৰ ক্লাছৰে পৰা সংগীতো এটা বিষয়। ঋষভৰ মনটো থাকে সদায় কিতাপত। উপায়হীন হৈ সি বেহেলা বজাবলৈ লৈছিল। নাজানো কলেজতো সংগীত বাধ্যতামূলক নে কি। কলেজত নাম লগোৱাৰ পাছতে শুনিলো ক্লাছ আৰম্ভ হোৱাৰ আগত ছাত্ৰসকলক দুদিনত ১৫০ মাইল চাইকেল চলাবলৈ দিয়া হৈছিল। চাইকেল চলোৱা ক্লাছেৰে [ ৩৫৬ ]
■ নিউয়ৰ্ক চহৰত লেখিকাৰ পৰিয়াল |
আমেৰিকাৰ স্কুলত ইউনিফৰ্ম পোছাকৰ প্ৰচলন নাই। একে ধৰণৰ পোছাক পৰিধান কৰা সকলৰ হেনো ব্যাক্তিত্বৰ বিকাশ নহয়। প্ৰতিটো শিশু যে স্বতন্ত্ৰ তাক হৃদয়ংগম কৰিবলৈ হ’লে সিহঁতক হেনো সিহঁতৰ ইচ্ছামতে বিচৰণ কৰিবলৈ এৰি দিব লাগে। সেইবুলি জহন্নামে যাবলৈ দিয়া শিক্ষকৰ উদ্দেশ্য নহয়। মই কোনো দিনে নাতিহঁতক ইস্ত্ৰি কৰা কাপোৰ পিন্ধি স্কুললৈ যোৱা দেখা নাই।
আমেৰিকাত মাক-দেউতাকে সন্তানক যদি নিৰ্দয়ভাৱে অতিৰিক্ত শাসন কৰে বা সিহঁতৰ ওপৰত নিৰ্যাতন চলায় তেনেহ'লে সেই শিশুসকলক তেওঁলোকৰ পৰা আঁতৰাই লৈ গৈ তোলনীয়া মাক-দেউতাকৰ (Foster parent) অধীনত ৰাখে।
সৰু নাতি অনুভৱৰ গুৰু আৰু আদৰ্শ তাতকৈ তিনি বছৰে ডাঙৰ ককায়েক ঋষভ। তাৰ এটা নিজস্ব সত্তাও আছে। বাহিৰা জ্ঞানৰ কিতাপ পঢ়িবলৈ যদিও ভাল পায় সি ককায়েকৰ দৰে গ্ৰন্থকীট নহয়। ককায়েকৰ দৰে বেহেলাখন বজাব লাগে বাবেই সি নবজায়, সংগীতৰ প্ৰতি সি অনুৰক্ত। আমাৰ পুত্ৰও সংগীতানুৰাগী। সৰুটো পুতেকক প্ৰথমতে ৰাছিয়ান গাভৰু এজনীৰ তত্ত্বাৱধানত ঘৰতে পিয়ানো শিকোৱা হৈছিল। আৰু গীটাৰ শিকিছিল গানৰ স্কুলত। পাছত তাক পিয়ানোৰ স্কুলত ভৰ্তি কৰি দিয়া হয়। বৰ্তমান সি নানা ঠাইত বজাই ফুৰে। নিউয়ৰ্ক মহানগৰীতো নামকৰা হলত কণ কণ ল’ৰাবোৰে শ্বো কৰি সুনাম অৰ্জন কৰিছে। আমি ইনটাৰনেটত সেই শ্বো দেখিলো। পুতেকৰ সাফল্যত গৰ্বিত দেউতাকে আমালৈ এখন চি ডি কৰি পঠাইছে। অনুভৱৰ এসময়ত ইচ্ছা আছিল ৰকষ্টাৰ হোৱাৰ। ইফালে ডাক্তৰ হোৱাৰো চখ। পঢ়াশুনাত সি ভাল। এতিয়া ভবিষ্যতে কি কৰে ভৱিতব্যইহে জানে।
দিনটো জয়হঁতৰ ঘৰখন নিমাও-মাও হৈ থাকে, আবেলি আটায়ে নিজ নিজ কামৰ পৰা উভতি অহাৰ পাছত কিছুসময় এক হুলস্থুলীয়া পৰিৱেশৰ সৃষ্টি হয়। [ ৩৫৮ ] এফালে পোৱালি ৰকষ্টাৰে নাচি নাচি গীটাৰ বজায় বা পিয়ানোত সুৰৰ মুৰ্ছনা তোলে— মোজাৰ্ট, বিথোফেন, দেবুছি আৰু কিবাকিবি। আন এটা কোঠাত ঋষভে কিবা এটা বিষয় উত্থাপন কৰি মাকৰ লগত তৰ্কযুদ্ধত অৱতীৰ্ণ হয়। সি এজন ভাল তাৰ্কিক। স্কুল টীমৰ লগত তৰ্কযুদ্ধ কৰিবলৈ নানা ঠাইলৈ গৈছে— কেতিয়াবা জিকিছে, কেতিয়াবা হাৰিছে। মাকো তাৰ্কিক।
ল’ৰা-বোৱাৰী-নাতিহঁতক লৈ একেলগে বাস কৰাৰ এক সুকীয়া আনন্দ আছে। সেই আনন্দৰ পৰা বঞ্চিত হৈ আমি দুয়ো বুঢ়া-বুঢ়ী গুৱাহাটীৰ ঘৰত সেই স্মৃতি পাগুলি থাকো। নাতিহঁতেও আমাক সিহঁতৰ লগত থাকিবলৈ কয়। পিছে গুৱাহাটীত আমাৰ এটা নিজস্ব জীৱন আছে যিটো এৰি সুদূৰ বিদেশত থকাটো কষ্টকৰ। দুই নাৱত দুই ভৰি যেন অৱস্থা।
মানুহ মোৰ প্ৰিয় বিষয়। প্ৰতিজন মানুহ স্বতন্ত্ৰ হৈ-ও মানুহ প্ৰজাতিটো মূলতঃ একেই। ধৰ্ম, ভৌগলিক অৱস্থান, ভাষা আদিয়ে মানুহক পৰস্পৰৰ পৰা দূৰতৈ ৰাখিছে। গৃহস্থৰ কৰ্মসূত্ৰে ভাৰতৰ বিভিন্ন ঠাইত দেশ-বিদেশৰ মানুহক লগ পোৱাৰ সুযোগ পাইছিলো; ল’ৰা-বোৱাৰী নাতিহঁতৰ সান্নিধ্যই আন বহু দেশৰ মানুহক লগ পোৱাৰ ক্ষেত্ৰখন বহল কৰিলে।
বামুণ আৰু ক্ষত্ৰিয়সকলৰ উপনয়ন আৰু ইছলামধৰ্মী সকলৰ ছুন্নত অনুষ্ঠানৰ দৰে ইহুদীসকলেও এটা ধৰ্মীয় নিয়ম পালন কৰে। ঋষভৰ ইহুদী বন্ধুৰ বাবে অনুষ্ঠিত এনে এটা উৎসৱত যোগ দিবলৈ সিহঁতক নিমন্ত্ৰণ কৰিছিল আৰু গাইপতি একোটাকৈ মূৰৰ ওপৰ অংশ ঢাকিব পৰা বিশেষ ধৰণৰ ইহুদী টুপী উপহাৰ দিছিল। ঋষভে সেই টুপীটো আনি ককাকক পিন্ধাই দিছে।
ইহুদী বা Jew নামৰ যে এটা জনগোষ্ঠী আছে সৰুতে শ্বেইক্সপিয়াৰৰ ‘মাৰ্চেণ্ট অব্ ভেনিচ’ নাটকত ‘শ্বাইলক দ্য জ্যু’ চৰিত্ৰটোৰ উল্লেখ পাই জানিছিলো। এই সাউদজন বৰ কঠুৱা স্বভাৱৰ আছিল আৰু আছিল সুত পিশাচ। ধাৰণা কৰিছিলো ইহুদী মাত্ৰেই দয়ামায়াহীন হয়। শ্বাইলকৰ বাহিৰে আন কোনো ইহুদীৰ বিষয়ে বহু দিনলৈ শুনা নাছিলো। দ্বিতীয় বিশ্বযুদ্ধৰ সময়ত তেওঁলোকৰ কথা ঘনাই কাণত পৰিছিল। হিটলাৰে এই জাতিটোক বিশ্বৰ বুকুৰ পৰা উৎখাত কৰিবলৈ লাখে লাখে ইউৰোপবাসী ইহুদীক গেছ চেম্বাৰত ভৰাই নিধন কৰে। এইবোৰ সকলোৱে জনা কথা। যি কি নহওক, তেওঁলোকৰ প্ৰতি থকা ভুল ধাৰণা উঠাই লৈ সেই ঠাই পূৰণ কৰিছিলো স্নেহ, সহানুভূতি আৰু সহমৰ্মিতাৰে। শ্বেইক্সপিয়াৰে শ্বাইলকক ‘জ্যু’ বুলি [ ৩৫৯ ] নকৈ শ্বাইলক নামৰ সাউদ এজন বুলি ক'লে কি ক্ষতি আছিল। মিছাকৈয়ে বহুদিনলৈ জাতিটোৰ প্ৰতিয়ে এটা ভাল ধাৰণা পোষণ কৰিব পৰা নাছিলো। ঋষভৰ বুদ্ধিমান আৰু মৰমলগা ইহুদী বন্ধুটোক দেখি মোৰ পুৰণি কথাবোৰ মনত পৰিছিল।
অনুভৱৰ আটাইতকৈ অন্তৰংগ বন্ধুজন আছিল পাকিস্তানী, নাজানো এতিয়াও সেই বন্ধুত্ব আগৰ দৰে আছে নে নাই। সিহঁত মাজে মাজে ইজনে সিজনৰ ঘৰত ৰাতি কটাইছিল। সিহঁতৰ অন্তৰংগতাৰ ঘাই কাৰণ দুয়ো পশুপ্ৰেমী। পশু-পক্ষীৰ লগত চিনাকি হ'বলৈ, সিহঁতক ভাল পাবলৈ নানা ধৰণৰ জন্তু স্কুল কৰ্তৃপক্ষই মাজে মাজে আনে। দুয়োটা নাতিয়ে অজগৰৰ গাত হাত বুলাই মৰম কৰিছে বুলি শুনি মোৰ গা জিকাৰ খাই উঠিছিল। সাপৰ পিঠিতো কোনোবাই হাত বুলায় নে? অনুভৱে ঘৰতে পুহিছিল তিনিবিধমান গেকো অৰ্থাৎ ডাঙৰ ডাঙৰ জেঠি পোক যেন প্ৰাণী। এইবোৰ দোকানতে কিনিবলৈ পোৱা যায়; সিহঁতৰ বাবে সজা, বিভিন্ন ধৰণৰ খাদ্য আদিও দোকানতে পাব পাৰি। পুহিব পৰা সকলো ধৰণৰ জীৱ জন্তু দোকানতে বিক্ৰী হয়। চেৰাবলিয়া আমেৰিকানসকলে নিগনিও পোহে। অনুভৱৰ বন্ধুজনৰ ঘৰত হেনো পুহিছে বাইশবিধ প্ৰাণী। তাৰে ভিতৰত আছে এডাল সাপ। ইমানবোৰ পশু-পক্ষী পুহিলেই নহ’ব, চোৱাচিতা কৰিবলৈ মানুহো লাগিব। সিহঁতৰ হেনো যৌথ পৰিয়াল। মাক-দেউতাক দুয়ো ডাক্তৰ। আমেৰিকাৰ ডাক্তৰসকল বৰ চহকী। গতিকে জন্তু পোহা টান কাম নাছিল।
এইবোৰ কথা শুনি আমাৰ আত্মীয় এজনে কৈছিল অনুভৱে যেন পাকিস্তানীৰ সংগ ত্যাগ কৰে। কাৰণ সিহঁতৰ বিশ্বাস নাই। নিজৰ দেশত ভাৰত-পাকিস্তানৰ মাজত মিত্ৰতাৰ অভাৱ আৰু পাকিস্তানী সন্ত্ৰাসবাদীয়ে ভাৰতত কূটাঘাতমূলক কাম-কাজ চলাই থকা বাবে আমি ধাৰণা কৰো এই দুখন দেশৰ মানুহৰ মাজত বন্ধুত্ব হ’ব নোৱাৰে। অথচ বাহিৰত ভাৰতীয় উপমহাদেশৰ মানুহৰ মাজত কোনো বৈৰী ভাব নাই। অনুভৱ আৰু তাৰ বন্ধু দুয়ো জন্মসূত্ৰে আমেৰিকান, গতিকে সিহঁতৰ ককাদেউতাকৰ দেশৰ শত্ৰুতাই সিহঁতক নোচোৱে।
নাতিহঁতৰ যোগেদি নানা ধৰ্ম, নানা জাতি, নানা দেশৰ মানুহক পালো। একেদৰে ল’ৰা-বোৱাৰীৰ সহকৰ্মী, বন্ধু-বান্ধৱ আদিও বিভিন্ন দেশৰ, বিভিন্ন জাতিৰ, বিভিন্ন ধৰ্মৰ। পৰস্পৰৰ লগত সৌহাৰ্দমূলক সম্পৰ্কই মনত জগায় বিশ্বভ্ৰাতৃত্ববোধ, যাৰ ফলত বিশ্বত শান্তি স্থাপিত হোৱা সম্ভৱ বুলি ভাবো। এটা কথা মন কৰিছো ধৰ্মই পৰস্পৰৰ মাজত বিভেদৰ সৃষ্টি কৰে। পৃথিৱীখন যদি এটা ধৰ্মৰ অধীন হ'লহেঁতেন! [ ৩৬০ ] আৰু সেই ধৰ্মটোৰ নাম যদি মানৱ ধৰ্ম হ'লহেঁতেন। পিছে মোৰ এই আশা দুৰাশাৰে নামান্তৰ।
জয়-মনীষাৰ নানা দেশীয় বহু সহকৰ্মীৰ লগত চিনাকি হৈ তেওঁলোকক বেলেগ ঠাইৰ মানুহ যেনতো লগা নাই। মোৰ আটাইতকৈ ভাল লাগিছিল তাৰ্কি নামৰ দেশখনৰ পৰা অহা দম্পতীহালক। গৃহস্থ ছেভদেত নোৱান কলম্বিয়া বিশ্ববিদ্যালয়ৰ অধ্যাপক আৰু গৃহিণী ফুছুন কোনোবা এখন কলেজৰ।
স্কুলৰ তল শ্ৰেণীত এখন পাঠ্যপুথিত তাৰ্কিত গণতন্ত্ৰৰ প্ৰতিষ্ঠাতা মুস্তাফা কামাল আতাতুৰ্কৰ বিষয়ে পঢ়িছিলো। ১২৯৯ খ্ৰীষ্টাব্দত প্ৰতিষ্ঠিত অটোমেন সাম্ৰাজ্যখনৰ চুলতান সকলে কেইবা শতাব্দী ধৰি তাৰ্কিক শাসন কৰিছিল। এটা সময়ত কামাল আতাতুৰ্কৰ নেতৃত্বত তাত বিপ্লৱৰ সূত্ৰপাত হয় আৰু ১৯২৩ চনত ৰাজতন্ত্ৰক ওফৰাই তাৰ্কিত প্ৰতিষ্ঠিত হয় গণতন্ত্ৰ। তাৰ পাছত বিশাল সেই অটোমেন সাম্ৰাজ্যৰ ভাগ্য চুৰমাৰ হ’ল আধুনিকতাৰ বতাহ এছাটিৰ খুন্দাত। আধুনিক তাৰ্কিৰ মুক্ত পৰিৱেশত ডাঙৰ হোৱা অধ্যাপক নোৱানৰ লগত আমাৰ গৃহস্থৰ সম্পৰ্ক বৰ ঘনিষ্ঠ হৈছিল। নোৱান গোমোঠামুখীয়া অধ্যাপক নহয়। জয়ক কৈছিল বিশ্বসুন্দৰী ঐশ্বৰ্য ৰায়ক তেওঁৰ চাবৰ মন। জয়ে ঐশ্বৰ্যই অভিনয় কৰা চিনেমা এখনৰ চি ডিত বিশ্বসুন্দৰীক দেখুৱাইছিল। নোৱানৰ মতে তেওঁৰ পত্নী ফুছুন হেনো বেছি ধুনীয়া, অৱশ্যে ৰসিকতা কৰিয়ে কৈছিল। পিছে ফুছুন সঁচাকৈয়ে ৰূপৱতী।
আমি তাত থাকোতেই বাতৰি কাকতত পঢ়িছিলো অটোমেন সাম্ৰাজ্যৰ শেষ উত্তৰাধিকাৰী হিজ ইম্পিৰিয়েল হাইনেছ প্ৰিন্স আৰটুগ্ৰুল ওছমানৰ ৯৭ বছৰ বয়সত তাৰ্কিৰ মাটিত মৃত্যু হয়। কামাল আতাতুৰ্কে যেতিয়া ৰাজবংশৰ সকলো পুৰুষ-নাৰীক তাৰ্কিৰ পৰা বহিষ্কাৰ কৰে তেতিয়া ওছমান ভিয়েনাত স্কুলৰ ছাত্ৰ। ওৰে জীৱনটো তেওঁ কটাইছিল নিউয়ৰ্কৰ মেনহাটনত এটা দুকোঠীয়া এপাৰ্টমেন্টত। কিন্তু সুদীৰ্ঘকাল বাস কৰিও তেওঁ আমেৰিকাৰ নাগৰিকত্ব লোৱা নাছিল, তাৰ্কিৰ নাগৰিক হৈয়ে থাকিল। তেওঁ আছিল আধুনিকমনস্ক। গতিকে ৰাজতন্ত্ৰৰ ঠাইত তাৰ্কিত গণতন্ত্ৰ প্ৰতিষ্ঠা হোৱাক আদৰণি জনাইছে। তেওঁ বাৰু মনে মনে ভৱা নাছিল নে যে তাৰ্কিৰ চুলতান হৈ থকা হ'লে ২৮৫ টা কোঠাৰ দোলমাবাহছে ৰাজপ্ৰাসাদত মহা আৰামত জীৱনটো কটাব পাৰিলেহেঁতেন। জীৱনৰ প্ৰথম দহ-এঘাৰটা বছৰ তেওঁ ৰাজপুত্ৰ হিচাপে তাতেই কটাইছে। জয়হঁতৰ তাত লগ পোৱা তাৰ্কিৰ দম্পতীহালৰ বয়স কম, তেওঁলোকৰ জন্ম গণতান্ত্ৰিক তাৰ্কিত, গতিকে দুৰ্দান্ত আধুনিকমনস্ক ব্যক্তি।[ ৩৬১ ] গুৱাহাটীৰ মহিলা সাংবাদিক টেৰেছা ৰহমান এবাৰ কৰ্মসূত্ৰে তাৰ্কিলৈ গৈ দেখিছিল সকলো মানুহেই তাত আধুনিকমনস্ক। সাধাৰণতে মছজিদত মহিলাৰ প্ৰৱেশ নিষেধ, তাৰ্কিত সেই বাধা নাই। টেৰেছাই নিজে মছজিদত সোমাই নামাজ পঢ়ি আহিছে।
আমাৰ দেশতো সকলো মানুহ আধুনিক হোৱা হ'লে অন্ধবিশ্বাস তথা ডাইনী হত্যাৰ দৰে কুপ্ৰথাৰ অৱসান ঘটিলহেঁতেন। আমাৰো প্ৰয়োজন এজন কামাল আতাতুৰ্কৰ।