বাকীছোৱা জীৱন/জীৱনে নতুন মোৰ ল'লে
জীৱনে নতুন মোৰ ল'লে
চনটো আছিল ১৯৯১।
আমি কলকাতা এৰাৰ আগৰে পৰা ল'ৰা আৰু বোৱাৰীয়ে আমাক মাতি আছিল আমেৰিকাত তেওঁলোকৰ তালৈ যাবলৈ। গৃহস্থৰ এটাই উত্তৰ, তেওঁ নাযায়। ইমান দীঘলীয়া যাত্ৰা কৰি তেওঁৰ আমেৰিকা নামৰ দেশখন চোৱাৰ সমূলি ইচ্ছা নাই। আমেৰিকালৈ নগ’লেও ইংলেণ্ড আৰু ইউৰোপলৈ তেওঁ একাধিকবাৰ গৈছে। ল'ৰা-বোৱাৰী আহি থাকে, গতিকে ঘৰতে সিহঁতক লগ পায়। তদুপৰি অসমতে থাকি তেওঁৰ কৰিবলগীয়া বহু কাম বাকী। বাৰ্ধক্যই হেঁচি ধৰাৰ আগতে লেখা-মেলা সামৰিব লাগিব। শেষত জানিবা ল’ৰা-বোৱাৰীৰ অনুৰোধত আৰু মোৰ নিৰৱচ্ছিন্ন খেচখেচনিত যাবলৈ ওলাল। ওলাল মানে তেওঁ এটা লাগেজৰ দৰেহে গ'ল। বিদেশলৈ যোৱাৰ আগত কৰিবলগীয়া প্ৰস্তুতিপৰ্বৰ সকলো ব্যৱস্থা ময়েই কৰিছিলো।
আমাৰ প্ৰথম আমেৰিকা যাত্ৰাৰ বিষয়ে লিখিছো ‘লয়াৰ্ছ বুক ষ্ট’ল’ৰ দ্বাৰা প্ৰকাশিত ‘তৃতীয় বিশ্ববাসিনীৰ আমেৰিকা দৰ্শন’ নামৰ ভ্ৰমণ কাহিনীত। ইয়াৰ দ্বিতীয় তাঙৰণ প্ৰকাশ কৰিছে বীণা লাইব্ৰেৰীয়ে। গতিকে সেই দিনবোৰ স্মৃতিকথাত সন্নিৱিষ্ট নকৰিলো। পিছে ভ্ৰমণ কাহিনীটো কিয় লিখিলো আৰু লিখাৰ পাছত মোৰ জীৱনে কেনেকৈ এটা নতুন মোৰ ল’লে তাক কোৱাৰ ইচ্ছা প্ৰকাশ নকৰাকৈ থাকিব নোৱাৰিলো। কলকাতা [ ১৪০ ] এৰিবৰ আগৰে পৰা মনে মনে প্লেন কৰিছিলো যে কৰ্মব্যস্ত জীৱনটোত সময়ৰ অভাৱত নিজে ভালপোৱা যিবোৰ ইচ্ছা পূৰাব পৰা নাই সেইবোৰকে এটা এটাকৈ কৰিম। তাৰ ভিতৰত প্ৰথমটো ইচ্ছা আছিল আৰাম চকীত আঁউজি মনে বিচৰা কিতাপ পঢ়াৰ। পিছে অদৃষ্টই মোৰ সকলো প্লেন-প্ৰ'গ্ৰাম নাকচ কৰি মোক কাণত ধৰি চোঁচৰাই আনি থিয় কৰাই দিলে তেৰাৰ প্লেনমতে এটা নিৰ্দিষ্ট বাটত। নিয়তিক বাধা দিয়ে কোনে? গতিকে ভবা মতে আৰাম চকীত আঁউজি কিতাপ নপঢ়ি হাতত কাগজ-কলম লৈ বহিবলগীয়া হ'লো সাধাৰণ চকী-মেজত।
আমেৰিকাত চাৰিটা মাহ কটাই উভতি অহাৰ পাছত যাৰে লগত দেখা হয় সোধে তাত ক'লৈ গ'লো, কি দেখিলো, কেনে লাগিল, কি কৰিলো, কি খালো ইত্যাদি একেধৰণৰ প্ৰশ্ন। একেধৰণৰ প্ৰশ্নৰ উত্তৰো হয় একে। ফটা ৰেকৰ্ডখন বজাই বজাই ধৈৰ্যচ্যুতি ঘটিবলৈ আৰম্ভ হৈছিলহে এনেতে হেমন্ত বৰ্মনে সেই সময়ত তেওঁ সম্পাদনা কৰা ‘শ্ৰীময়ী’ নামৰ আলোচনীখনত মোৰ ভ্ৰমণকাহিনীটো প্ৰকাশ কৰিবলৈ ইচ্ছা প্ৰকাশ কৰিলে।উৎসাহিতবোধ কৰি লিখিবলৈ আৰম্ভ কৰিলো যদিও পাঁচ-ছটামান কিস্তিত লেখাটো শেষ কৰিম বুলি ভাবিছিলো। পিছে লাগিল নহয় লেঠা। চিনাকি-অচিনাকি অনেকে লেখাটো ভালপোৱা বুলি ক'লে। সৰ্বোপৰি সাহিত্য আকাশৰ নক্ষত্ৰ নিৰুপমা বৰগোহাঞি, প্ৰীতি বৰুৱা, মামণি ৰয়ছম গোস্বামী, মঞ্জুমালা দাস প্ৰমুখ্যে কেইবাগৰাকীয়ে লেখাটোৰ উচ্চ প্ৰশংসা কৰি এই নিঃকিনক লেখা-মেলাৰ জগতখনত সোমাবলৈ অনুপ্ৰেৰণা যোগালে। এনেতে এদিন কলকাতাৰ পৰা গৌতম প্ৰসাদ বৰুৱাই চিঠিৰে লেখাটোৰ প্ৰশংসা কৰি ভ্ৰমণ কাহিনীটোৰ কলেৱৰ বৃদ্ধি কৰিবলৈ ক’লে। তাৰ পাছত এদিন আবেলি মিঠাইৰ টোপোলা এটা হাতত লৈ আমাৰ ঘৰলৈ আহিল অৰূপা পটংগীয়া কলিতা আৰু ৰাজেন কলিতা। সাহিত্যিক দম্পতীহালৰ লগত সিবাৰেই মোৰ প্ৰথম চিনাকি। ভ্ৰমণ কাহিনীটোৰ বাবে জনোৱা তেওঁলোকৰ শুভেচ্ছাই মোক অভিভূত কৰিলে। লিখাটো আৰম্ভ কৰোতে স্বতঃস্ফূৰ্তভাৱে কলমৰ আগেদি ওলোৱা অনুভূতিসমূহ লিখি গৈছিলো। বিশেষ ব্যক্তিসকলে পঢ়ি আছে বুলি জনাৰ পাছত সঁচা কথা ক'বলৈ গ'লে মই অলপ বিমোৰতে পৰিছিলো। কেইবাযোৰ অভিজ্ঞ চকু অনবৰতে মোৰ লেখাটোৰ আশে-পাশে ঘূৰি থকা যেন লাগিছিল। এদিন বীৰেশ্বৰ বৰুৱা আৰু সুভদ্ৰাৰ জীয়ৰী পলিৰ বিয়াত লগ পালো প্ৰশাসনিক বিষয়া নীলিময় চৌধুৰীক। ইতিমধ্যে ৰথী-মহাৰথীসকলৰ প্ৰশংসা শুনি শুনি মোৰ অহংবোধটো কিছু ওফোন্দি উঠা যেন অনুভৱ কৰিছিলো, চৌধুৰী ডাঙৰীয়াই যাৰ তুলনাত মোৰ [ ১৪১ ] লেখাটো বেছি ভাল হোৱা বুলি ক'লে শুনি নিমিষতে মোৰ সেই অহংবোধৰ গ্ৰাফডাল ৰকেটৰ গতিত মহাকাশ স্পৰ্শ কৰিলে, যদিও জানো মিছাকৈয়ে চুপাৰলেটিভ স্তৰলৈ তেওঁ প্ৰশংসা তুলি নিছিল। যাৰ তুলনাত বেছি সুখপাঠ্য হোৱা যেন বুলি কৈছিল তেওঁৰ নামটো প্ৰকাশ কৰিলে মোৰ তেজ পিবলৈ চাৰিওফালে পিনপিনাই উৰি থকা মহবোৰেও হাঁহিব। যি কি নহওক সকলোৰে পৰা পোৱা উৎসাহ-উদ্দীপনাই মোৰ ভ্ৰমণ কাহিনীটোৰ কলেৱৰ বঢ়ালে।
তেনে সময়তে অধুনালুপ্ত বাংলা দৈনিক পত্ৰিকা ‘সময় প্ৰবাহ’ৰ সম্পাদক সুকুমাৰ বাগচীয়ে বাংলা ভাষাতো ভ্ৰমণ কাহিনীটো লিখিবলৈ কোৱাত দুয়োটা ভাষাতে সমান্তৰালভাৱে লিখি থাকিলো।
অসমীয়া মাধ্যমতে পঢ়িছিলো যদিও বাইদেউ আৰু মোৰ বিদ্যাৰম্ভ হয় ঈশ্বৰচন্দ্ৰ বিদ্যাসাগৰৰ বৰ্ণ পৰিচয়ৰ মাজেৰে। সংখ্যাৰ লগত চিনাকিও বাংলা ভাষাৰে। বচ্, সিমানলৈকেই, তাৰ পাছত শিক্ষাৰ মাধ্যম হ’ল অসমীয়া৷ পিছে বাংলা পাঠ্যপুথিৰে সম্পৰ্ক বিচ্ছিন্ন হ’লেও আমি ধুবুৰী-গৌৰীপুৰ এলেকাবাসী হোৱা বাবে ধুবুৰীৰ কিতাপৰ দোকানত সৰু ল'ৰা-ছোৱালীৰ বাবে পোৱা হাসি-খুশী, ঠাকুমাৰ ঝুলি আদি বাংলা কিতাপ পঢ়িছিলো। গতিকে বাংলা প্ৰাথমিক জ্ঞান তেতিয়াই আহৰণ কৰিছো। তাৰ পাছত বাংলা সাহিত্যৰ সৈতে ঘনিষ্ঠ হোৱাত ভাষাটো সহজতে লিখিব পৰাও হলো। পশ্চিম অসমবাসী হোৱা হেতুকে আমাৰ মাতৃভাষা গোৱালপাৰীয়া। গতিকে অসমীয়াই হওক বা বাংলাই হওক আমি শুনি বা পঢ়ি শিকো। সেইফালৰ পৰা বিশুদ্ধ অসমীয়াভাষী বা বাংলাভাষীসকলে প্ৰচলিত মুখ্য ভাষাটো পঢ়ি শিকিব নালাগে। আমাৰ বহু সময় নষ্ট হৈছিল পঢ়ি, শুনি ভাষা এটা আয়ত্ত কৰাত। আজিকালি আমাৰ ফালেও অনেকে ঘৰত দেশী বা গোৱালপাৰীয়াৰ ( বা কোচ ৰাজবংশীসকলে দাবী কৰামতে ৰাজবংশী ভাষা ) পৰিবৰ্তে ল’ৰা-ছোৱালীৰ লগত বিশুদ্ধ অসমীয়া কয় যাতে ভাষা এটা আয়ত্ত কৰিবলৈ সময় নষ্ট কৰিবলগীয়া নহয়। তদুপৰি আজি উন্নত যোগাযোগৰ যুগত দেশী ভাষা-ভাষীসকলে ততালিকে অসমীয়া ভাষা ৰপ্ত কৰিব পাৰে। অবিভক্ত গোৱালপাৰা জিলাৰ পূব অংশৰ মানুহে দেশী ভাষা নকয়, নামনি অসমত কোৱা ভাষা কয়। অৱশ্যে ভাষা এনে এটা বস্তু যাৰ পৰিবৰ্তন দেখা যায় কেইমাইলমানৰ ব্যৱধানতেই।
গোৱালপাৰীয়া ভাষাৰ কথা উলিয়াই বীৰেশ্বৰ বৰুৱা আৰু সুভদ্ৰাৰ জীয়েক পলিৰ বিয়াৰ ৰভাতলিলৈ আকৌ মনত পৰিল। সুভদ্ৰা ধুবুৰীৰ ছোৱালী, গতিকে বৰ্তমানে গুৱাহাটীবাসী সেই অঞ্চলৰ বহুতে নিমন্ত্ৰণ পাইছিল বিয়াখনত। ৰভাৰ তলত [ ১৪২ ] সোমায়ে দেখিলো এটা চুকত আড্ডা জমিছে। গোৱালপাৰীয়া ভাষা কাণত পৰাত সেইফালে আগবাঢ়িলো। আড্ডাৰ মধ্যমণি আছিল পবিত্ৰ চক্ৰবৰ্তী, কাযত উপবিষ্ট শীলভদ্ৰ। তেওঁলোকক বেৰি ধৰিছে একে ভাষা-ভাষী পুৰুষ-মহিলাই। ৰসাল কথা কোৱাত পবিত্ৰদাৰ সমকক্ষ কোনো নাই। আন নিমন্ত্ৰিতসকলে কোৱা শুনিছিলো, ‘সৌ গোৱালপাৰীয়া কেইটালৈ চাওক, কি মিলা-প্ৰীতি! নিজা ভাষাত কথা পাতি বিৰাট জমাইছে দেই।’ একেটা মন্তব্য কাণত পৰিছিল অৱসৰপ্ৰাপ্ত প্ৰশাসনিক বিষয়া উপেন ভূঞাৰ জীয়েকৰ বিয়াতো। ভূঞাৰ পত্নী অনুও গোৱালপাৰীয়া। তেওঁ আকৌ মোৰ খুৰাৰ ছোৱালী। যি কি নহওক, গোৱালপাৰীয়া মানুহ আড্ডাবাজ আৰু নিজ ভাষাত কথা ক'ব পাৰিলে আন একো নালাগে।
ভ্ৰমণ কাহিনী লিখাৰ প্ৰসংগ উলিয়াই বহু বেলেগ কথা উলিয়ালো। যাঠিৰ দশকৰে পৰা ছেগা-চোৰোকাকৈ অধুনালুপ্ত অসম বাতৰি, নতুন অসমীয়া, আমাৰ প্ৰতিনিধি আৰু অসমবাণীত লেখা-মেলা কৰিছিলো। অনুবাদ কৰিছিলো মাৰাঠী সাহিত্যিক শ্ৰীপাদ যোশীৰ উত্তৰ-পূৰ্বাঞ্চল ভ্ৰমণৰ কাহিনী ‘পূৰ্বাঞ্চলাচি মুছাফী’ নামৰ কিতাপখন মাৰাঠীৰ পৰা অসমীয়ালৈ। কিতাপখন প্ৰকাশ কৰিছিল বীণা লাইব্ৰেৰীয়ে। ‘নেশ্যনেল বুক ট্ৰাষ্ট্ৰ'ৰ অনুৰোধ ক্ৰমে অমলেন্দু গুহৰ সৈতে যুটীয়াভাৱে চৈয়দ আব্দুল মালিকৰ উপন্যাস ‘সূৰুমুখীৰ স্বপ্ন' বাংলা ভাষালৈ অনুবাদ কৰিছিলো। বাংলা আলোচনী ‘দেশ’ আৰু ‘অমৃত’তো দুবাৰ মান লিখিছো। তাৰ পাছত মই গৱেষণাৰ কামত দীৰ্ঘদিন লাগি থকা বাবে সাহিত্য চৰ্চাত যতি পৰিছিল। অৱশ্যে লিখাহে নাছিলো, গল্প-উপন্যাস পঢ়িছো বিৰতিহীনভাৱে। কলম আকৌ কেতিয়াবা সচল হ’ব ই কল্পনাতীত আছিল। পিছে ১৯৯২ চনত যাঠি বছৰ বয়সত ভ্ৰমণ কাহিনীটো লিখিবলৈ যি কলম ধৰিলো তাক আৰু আঙুলিৰ মাজৰ পৰা নমাব পৰা নাই। মই সাহিত্যিক নহওঁ। ভাষা জ্ঞানো সীমিত। সাহিত্য চৰ্চা বিশেষ কৰা নাছিলো। মোৰ পঢ়া-শুনাৰ ক্ষেত্ৰখন আছিল সম্পূৰ্ণ বেলেগ। গতিকে কবি-সাহিত্যিক বান্ধৱী নিৰুপমা, তোষপ্ৰভা আৰু অঞ্জলি বাইদেৱে যেতিয়া সাহিত্যৰ অলি-গলিৰে সোমাই বিবিধ আলোচনা কৰে তেতিয়া মই মনে মনে তেওঁলোকৰ পাণ্ডিত্যৰ তাৰিফ কৰো। যি কি নহওক, লিখিবলৈ ভাল লাগে বাবে লিখো। কেতিয়াবা কোনোবাই মোক সাহিত্যিক বুলি ক'লে বাধা দি কওঁ— মই লিখোহে, সাহিত্যিক নহওঁ। পাঠক-পাঠিকাসকলৰ অনুপ্ৰেৰণা আৰু শুভেচ্ছাই মোৰ কলমক জীৱনৰ শেষ অধ্যায়ত প্ৰৱেশ কৰাৰ পাছতো সচল কৰি ৰাখিছে। তেওঁলোকক ধন্যবাদ জনোৱাৰ ভাষা মোৰ নাই। তাৰে মাজত ‘অসমীয়া খবৰ' নামৰ বাতৰি [ ১৪৩ ] কাকতখনে মোক নিয়মীয়াকৈ স্তম্ভ এটা লিখাৰ দায়িত্ব দি মোক কলম ধৰাৰ পৰা অব্যাহতি নিদিলে।
মোৰ স্মৃতিকথাৰ প্ৰথম খণ্ড ‘জীৱনৰ জোৱাৰ-ভাটাৰ মাজেদি’ত উল্লেখ কৰা হৈছে যে সমাজত বাল্যকালৰে পৰা দেখা লিংগ বৈষম্যই কিশোৰী বয়সতে মোক বিদ্ৰোহী কৰি তুলিছিল। তেতিয়াৰে পৰা আজি ইমান বছৰ পাছতো সেই বৈষম্য তিষ্ঠি থকা দেখি মোৰ বিদ্ৰোহী মন অধিক বিদ্ৰোহী হৈ উঠিছে। হাতত কলমটো লোৱাৰ পাছত এই বৈষম্যৰ বিৰুদ্ধে লিখাটো মোৰ পবিত্ৰ কৰ্তব্য বুলি ধৰি লৈছো। কেৱল লিংগ বৈষম্যই নহয়, যিকোনো ধৰণৰ বৈষম্য আৰু অন্যায়ৰ বিৰুদ্ধে মাত মতা অভ্যাস এটা গঢ়ি উঠিছে মোৰ মাজত।
সাধ্যানুসৰি স্বতঃস্ফূৰ্তভাৱে মানুহক উপযাচি উপকাৰ কৰিবলৈ আগবাঢ়ি অহাও মোৰ এটা স্বভাৱ। আজি মই ভাবো উপযাচি উপকাৰ কৰাটো কোনো মহৎ গুণ নহয়। দোষ বুলি কোৱাই বোধকৰো ভাল। এইবোৰৰ দ্বাৰা মানুহ অপ্ৰিয়হে হয়। মানুহৰ ভাল কৰিবলৈ গৈ একাধিকবাৰ মই নিন্দিত হৈছো।
এই প্ৰসংগত ঈশ্বৰচন্দ্ৰ বিদ্যাসাগৰে এসময়ত কোৱা কথা এষাৰলৈ মনত পৰিল। কোনোবা এজন মানুহে তেওঁৰ নিন্দা কৰা বুলি শুনি বিদ্যাসাগৰে হেনো টপৰাই কৈছিল যে সেই মানুহজনৰতো তেওঁ কেতিয়াও উপকাৰ কৰা নাই। অৰ্থাৎ উপকাৰীকহে অজগৰে খায়। ঈশ্বৰচন্দ্ৰৰ লগত নিজক তুলনা কৰাৰ ধৃষ্টতা মোৰ নাই, কিন্তু তেওঁৰ অভিজ্ঞতাই মোক মানুহৰ চৰিত্ৰ সম্পৰ্কে সচেতন কৰিছে। ফলত উপকাৰীৰ গালিবৰ্ষণে মোক বৰকৈ ব্যথিত নকৰে। মানুহৰ স্বভাৱে মৰিলেও হেনো লগ নেৰে। মোৰো একে অৱস্থা। সদ্যহতে থাওক বাৰু এইবোৰ কথা। বেলেগ প্ৰসংগলৈ যাওঁ।