বাকীছোৱা জীৱন/কলকাতা বিশ্ববিদ্যালয়ৰ নৃতত্ত্ব বিভাগত

ৱিকিউৎসৰ পৰা
[ ৮৪ ]

কলকাতা বিশ্ববিদ্যালয়ৰ নৃতত্ত্ব বিভাগত

 এনথ্ৰ’প'ল'জিকেল চাৰ্ভে অব্ ইণ্ডিয়াত পোষ্ট ডক্টৰেল ফেল’ হিচাপে দুটা টাৰ্ম আৰু চি এছ আই আৰৰ পুল অফিচাৰ হিচাপে এটা টাৰ্ম গৱেষণা কৰাৰ পাছত ইউ জি চিৰ পাঁচবছৰীয়া ৰিছাৰ্চ এছ'চিয়েটশ্বিপ পদটোৰ প্ৰাৰ্থী হৈ দিল্লীত সাক্ষাৎকাৰ এটা দিবলৈ গৈছিলো। পদটোৰ বাবে নিৰ্বাচিত হৈ যোগ দিলো কলকাতা বিশ্ববিদ্যালয়ৰ নৃতত্ব বিভাগত। ইতিমধ্যে চাৰ্ভেৰ কামৰ পৰা ইস্তাফা দি অধ্যাপক দেৱপ্ৰসাদ মুখাৰ্জীয়ে বিশ্ববিদ্যালয়ৰ নৃতত্ত্ব বিভাগত মুৰব্বী অধ্যাপক হিচাপে যোগ দিছিল। বিষয়টোৰ ওপৰত তেওঁৰ অগাধ পাণ্ডিত্য। কয় ভাল, লিখে ভাল, পঢ়ায় ভাল। পিছে অলপ চেৰাবলিয়া বুলি ইতিমধ্যে উল্লেখ কৰা হৈছে। প্ৰতিভাশালী ব্যক্তি অলপ তেনে প্ৰকৃতিৰ হয়েই হেনো। তেওঁ বহুত মজাৰ মজাৰ কাণ্ড কৰে। তাৰে এটা ঘটনালৈ মনত পৰিছে।

 সেই সময়ত মানুহৰ ক্লোনিং অৰ্থাৎ বিজ্ঞানাগাৰতে জেৰক্স কপি কৰাদি মানুহৰ ডুপ্লিকেট সৃষ্টি কৰাৰ চিন্তা-চৰ্চা চলিছিল। প্ৰবন্ধটো ড° মুখাৰ্জীক পঢ়িবলৈ দিছিলো। পঢ়ি উঠি তেওঁ গভীৰ চিন্তাত মগ্ন হ’ল। মুখত মাত নাই, পিয়নে কেতিয়াবাই আনি দিয়া চাহ কাপ ঠাণ্ডা হ’ল, তেওঁৰ কাণসাৰ নাই। এনেতে সোমাই আহিল একেটা বিভাগৰে ড° অশোক ঘোষ। ড° মুখাৰ্জীক ধ্যানমগ্ন হৈ বহি থকা দেখি ড° ঘোষে তেওঁৰ ওচৰলৈ আহি চিঞৰি সুধিলে— ‘কি দেবুদা কিবা নতুন প্ৰজেক্টৰ কথা ভাবিছে নেকি?’

 —‘নহয় হে, মিচেছ গুহই ক্লোনিং সম্পৰ্ক দিয়া প্ৰবন্ধ এটা পঢ়ি ভাবিছো এনে এটা ঘটনা বাস্তৱায়িত হ’লে পৃথিৱীত বৈপ্লৱিক পৰিবৰ্তন আনিব পৰা যাব। তুমি পঢ়ি চাবাচোন। হেৰা অশোক, দেখাই-শুনাই হুবহু তোমাৰ দৰে তোমাৰ সন্তানেৰে যদি কোঠাটো ভৰি পৰে তোমাৰ বাৰু কেনে লাগিব? ভাল নালাগিবনে?’

 —‘আপোনাৰ উদ্ভট চিন্তা। কি আবোল-তাবোল বলকি আছে?'

 —‘তুমি বৰ বেৰসিক হে। তদুপৰি সন্তানহীনসকলে ক্লোনিং পদ্ধতিত এদিন যে পিতৃ-মাতৃ হ’ব নোৱাৰিব তাক তুমি জানিলা কেনেকৈ? বিজ্ঞান যিদৰে আগবাঢ়িছে এদিন সকলো সম্ভৱ হ'ব।'

 —‘গছত কঁঠাল, ওঁঠত তেল’ –বুলি কৈ ড° ঘোষ ওলাই গ'ল। তাৰ পাছত [ ৮৫ ] ড° মুখাৰ্জী লম্ভিল মোৰ ওপৰত। মই তেওঁক খুচি কৰিবলৈ কৈছিলো তেওঁ ক্লোনিং পদ্ধতিত হুবহু নিজৰ দৰে মানুহ উৎপাদন কৰিব পাৰিলে বিশ্বত ৰেকৰ্ড স্থাপন কৰিব পাৰিব।

 ড° মুখাৰ্জী মানুহজন শিশুৰ দৰে সৰল। মোৰ কথা শুনি সঁচাকৈয়ে খুচি হৈছিল।