বাকীছোৱা জীৱন/একৈশ শতিকাতো অন্ধবিশ্বাসৰ কবলত সমাজ

ৱিকিউৎসৰ পৰা
[ ৩০৬ ]

একৈশ শতিকাতো অন্ধবিশ্বাসৰ কবলত সমাজ

 মাজে মাজে হতাশাই মনটোক হেঁচি ধৰে। কিয়নো পৃথিৱী জ্ঞান-বিজ্ঞানত আগুৱাই যোৱাৰ লগে লগে ভাবিছিলো মানুহৰ মনৰ দিগন্তই প্ৰসাৰ লাভ কৰিব। সাক্ষৰতাৰ হাৰ দিনে দিনে বৃদ্ধি পাইছে, মানুহ শিক্ষিত হৈ গৈ আছে। শিক্ষাই মানুহক মুক্ত চিন্তা কৰি যুক্তিবাদী আৰু বিজ্ঞানমনস্ক হ’বলৈ শিকায়। কিন্তু ভবামতে মানুহৰ মানসিক উত্তৰণ নেদেখো। মানুহৰ বাহ্যিক পৰিবৰ্তন ঘটিছে দ্ৰুতগতিত। এসময়ত গৰুৰ গাড়ীত উঠা আমিসকলে জেট বিমানত উঠিলো, লেমৰ পোহৰত পঢ়াসকলে বিজুলী নহ'লে এন্ধাৰ দেখো। ঘৰে ঘৰে আহিল মটৰ গাড়ী, এয়াৰ কণ্ডিশ্যনাৰ, ৱাশ্বিং মেচিন, ম’বাইল ফোন, মাইক্ৰ'ৱেভ অ’ভেন ইত্যাদি। সাজ-সজ্জাত আহিল বৈপ্লৱিক পৰিবৰ্তন। খোৱা-বোৱা, আদৱ-কায়দাতো।

 পৰিৱৰ্তন নেদেখো মানসিকতাত। ই যেন স্থবিৰ হৈ সমাজৰ বুকুত হেঁচা মাৰি বহি আছে। ‘দৈনিক অগ্ৰদূত’ কাকতখনৰ ৯ নৱেম্বৰ ২০০৫ সংখ্যাত এটা বাতৰিৰ শিৰোনাম আছিল ‘ভৌতিক পৰিস্থিতি নিয়ন্ত্ৰণৰ দায়িত্ব ল’লে স্বাস্থ্যমন্ত্ৰীয়ে, ইটা বটল দলিয়াই মহানগৰীত ‘ভূত’ৰ তাণ্ডৱ’। কেইবা কলমজোৰা বাতৰিটো পঢ়ি সপোন দেখা যেন পাইছিলো। কোনো গাঁও নহয়, সৰু চহৰ নহয় মহানগৰীৰ মাজমজিয়াত ভূত! আমি সাধাৰণ মানুহৰ মনৰ পৰা অন্ধবিশ্বাস, কুসংস্কাৰ, ডাইনীৰ ধাৰণা আদি উৎপাটন কৰিবলৈ আপ্ৰাণ চেষ্টা কৰিছো। ইফালে বিজ্ঞানৰ ছাত্ৰ হৈও সমাজৰ আগশাৰীৰ নাগৰিকে মান্ধাতাযুগৰ ধ্যান-ধাৰণাৰ প্ৰচাৰ চলাই সভ্যতাৰ ওলোটামুখী যাত্ৰাৰ ‘শুভাৰম্ভ’ ঘটাইছে। ২০০৫ চনৰ ধ্যান-ধাৰণাৰ অলপো পৰিবৰ্তন হোৱা নাই। ২০১১ চনতো ডাইনীৰ অবাধ বিচৰণ।

 সংস্কাৰমুক্ত মনৰ মানুহ পৃথিৱীত বিৰল। অন্ধবিশ্বাসৰ ভিত্তিত গঢ়ি উঠা যিবোৰ [ ৩০৭ ] সংস্কাৰে নিজৰ, দহৰ আৰু সমাজৰ ক্ষতি কৰে দেশৰ শান্তি বিঘ্নিত কৰে আৰু প্ৰগতিৰ পথ বন্ধ কৰে সেইবোৰক কোৱা হয় কুসংস্কাৰ। প্ৰকৃত শিক্ষাই মানুহক যুক্তিবাদী কৰে। আজিৰ যুগ বিজ্ঞানৰ যুগ, বিজ্ঞানমনস্কতাৰ যুগ। কিন্তু দেখি হতাশ হৈছো শিক্ষিত পুৰুষ-নাৰীৰ মানসিকতাও সম্পূৰ্ণভাৱে অন্ধবিশ্বাস আৰু কুসংস্কাৰমুক্ত হ’ব পৰা নাই। আদিম মানৱ-মানৱীৰ দৰে অজান আশংকাত ভুগি নিৰাপত্তাৰ বাবে জ্যোতিষী, ঈশ্বৰপুৰুষ, বাবাজীসকলৰ শৰণাপন্ন হৈছে। আঙুলিবোৰত ধাৰণ কৰিছে হৰেক ৰকমৰ পাথৰ, বাহুত ওলোমাইছে মাদলি, মণিবন্ধনত মেৰিয়াই লৈছে মন্ত্ৰস্নাত নানাৰঙী সূতা।

 আজিৰ ৰাজনীতিকসকলৰ অলৌকিক শক্তিৰ ওপৰত অগাধ বিশ্বাস। নিৰ্বাচনৰ আগত আৰু ভোট গণনাৰ সময়ত তেওঁলোকৰ অনেকে হিন্দু-মুছলমান-খ্ৰীষ্টান-শিখ কোনো ঈশ্বৰকে বাদ নিদিয়ে। গাদী হেৰোৱাৰ ভয়ত বা গাদী দখলৰ আশাত সাধু-সন্ন্যাসী, নাঙঠ বাবা আনকি ভূত-প্ৰেত-বীৰাৰ আশ্ৰয় লোৱা দেখি তবধ মানিছো। মাজে মাজে সভ্যতাৰ কলংক নাঙঠ বাবাৰ আগমন ঘটে। বাটে বাটে সেই অসভ্যটোক পূজা কৰি কৰি চেলা-চামুণ্ডাসকলে সমদল উলিয়ায়। সাধাৰণ মানুহ উলংগ হৈ বাটে বাটে ঘূৰি ফুৰিলে তৎক্ষণাত পুলিচে ধৰিব, কিন্তু নাঙঠ বাবা নামৰ কলংকটোক সমাজৰ নামী-দামী মানুহে পূজাহে কৰে। ডিজগাষ্টিং।

 জৱাহৰলাল নেহৰু কেতিয়াবা সাধু-সন্ন্যাসীৰ শৰণাপন্ন হোৱা বুলি শুনা নাই, কিন্তু তেওঁৰ কন্যা ইন্দিৰা গান্ধী আছিল চন্দ্ৰস্বামীৰ ভক্ত৷ নৰসিংহ ৰাৱো একেজনাৰে শৰণাপন্ন হৈছিল। এবাৰ লোকসভা নিৰ্বাচনৰ আগত অটলবিহাৰী বাজপেয়ীক টিভিত দেখিছিলো সাইবাবাৰ কাষত।ৰাজনীতিকসকলৰ কোনে কাৰ শিষ্যত্ব গ্ৰহণ কৰিছে তাৰ এখন তালিকা পাইছিলো তেহেলকা নামৰ আলোচনীত। এবাৰ জনতা ভৱনত এগৰাকী কেবিনেট মন্ত্ৰীৰ ওচৰলৈ যাবলগীয়া হৈছিলো। মই তেওঁৰ হাতৰ আঠোটা আঙুলিত আঠবিধ পাথৰৰ আঙঠি দেখি তাজ্জব! হাফ চাৰ্টৰ হাতৰ তলেৰে বাহুত দেখিছিলো একাধিক তাবিজ-মাদলি। ইমানৰ পাছতো তেওঁ যোৱা বিধানসভা নিৰ্বাচনত (২০১১) মন্ত্ৰীৰ গাদীখনত উপৱিষ্ট হ'ব নোৱাৰিলে।

 মোৰ দীঘলীয়া জীৱনটোত যুগৰ পৰিবৰ্তন হোৱা দেখি আছো। এটা সময়ত যেতিয়া আজিৰ দৰে বিজ্ঞান-প্ৰযুক্তিবিদ্যা ইত্যাদিয়ে আকাশলংঘী উন্নতি কৰা নাছিল তেতিয়া কিন্তু শিক্ষিত মানুহৰ পৰিবেশ আছিল অন্ধবিশ্বাস আৰু কুসংস্কাৰমুক্ত। তেওঁলোক আছিল ৰেশ্বনেল। আমাৰ দেউতাহঁতৰ সময়ত শিক্ষিত শ্ৰেণীটো [ ৩০৮ ] কেইবাগৰাকী সমাজ সংস্কাৰকৰ কৰ্মৰাজিৰ দ্বাৰা প্ৰভাৱিত হৈছিল। আমাক প্ৰভাৱিত কৰিছিল দেউতাহঁতে। আজি বড়ো অধ্যুষিত অঞ্চলবোৰত ডাইনী হত্যা সংঘটিত হৈ আছে সঘনে। মই কোকৰাঝাৰত ডাঙৰ হৈছো। কোনো দিনে ডাইনী হত্যাৰ কথা শুনা নাছিলো। ১৯৮৪ চনত যেতিয়া সেইবোৰ অঞ্চলত নৃতাত্ত্বিক গৱেষণাৰ বাবে তথ্য সংগ্ৰহ কৰিবলৈ আহিছিলো তেতিয়া তথ্যৰ যোগান ধৰা গাঁৱৰ মুৰব্বীসকলে অতীতত প্ৰচলিত ডায়না-ডাইনীৰ ধাৰণাৰ বিষয়ে উল্লেখ কৰি কৈছিল যে পৰৱৰ্তীকালত কাৰোবাক ডাইনী বুলি সন্দেহ কৰিলে তেওঁলোকক গাঁও এৰিবলৈহে কোৱা হৈছিল। হত্যা কৰা নাছিল। ঊনৈশ শতিকাৰ শেষৰ ফালৰ পৰা কুৰি শতিকাৰ প্ৰথম চাৰিটা দশকলৈ বড়ো সমাজখনৰ সংস্কাৰ কৰিছিল গুৰুদেৱ কালীচৰণ ব্ৰহ্মই। আমাৰ ধাৰণা তেওঁৰ প্ৰভাৱত অতীতৰ ডাইনী হত্যাৰ দৰে সামাজিক ব্যাধি লোপ পাইছিল। বৰ্তমানে কোনো সমাজকে পথ প্ৰদৰ্শন কৰিবলৈ কোনো উপযুক্ত ব্যক্তি নাই আৰু থাকিলেও তেওঁলোকৰ কথা শুনিবলৈ কাৰো সময় নাই। আজিৰ যুগত যাৰ হাতত আছে ক্ষমতা আৰু অৰ্থ তেৱেঁই আদৰ্শ। তাবিজ-মাদলি ওলমোৱা এনে ‘আদৰ্শ ব্যক্তি’ক আমি সমাজৰ অধঃপতনৰ কাৰণ বুলিহে ভাবো। নিজৰ ওপৰত যাৰ বিশ্বাস নাই, যেয়ে মানসিক শক্তি আহৰণ কৰিবলৈ নাঙঠ বাবাৰ ভৰিত লুটি খাই পৰে বা জ্যোতিষীৰ পৰা পাঁচটকীয়া পাথৰ পাঁচ হেজাৰত কিনে তেনে মানুহৰ ওপৰত আমাৰ আস্থা নাই। অথচ তেনে মানুহ আজি সংখ্যাত বেছি।