পৰভাতে বিহাৰে চলে মূৰাৰি
।। ৰাগঃ ধনশ্ৰী।. তালঃ পৰি।।
ধ্ৰুং।। পৰভাতে বিহাৰে চলে মুৰাৰি।
মধুৰ নটবৰ বেশধাৰী।।
পদ।। শিৰে ময়ূৰেৰ পুচ্ছ লুলে।
কুসুম কৰ্নিকাৰ কৰ্ণমূলে।।
কনক পিশঙ্গ বসন ভালা।
উৰে লুলে বৈজয়ন্তী মালা।।
অধৰ সুধা ৰেণু ৰন্ধ্ৰ পূৰে।
সুৰস পঞ্চম অমিয়া ঝুৰে।।
সঙ্গে অলেখ গোৱালগণে।।
দিশ-দশো পূৰয় হৰি-কীৰ্তনে।।
নিজপদে ৰঞ্জিত বিৰিন্দাবনে।
হৰি প্ৰৱেশিলা ৰঙ্গ মনে।।
কহে মূৰুখ মাধৱ দাসে।
হৰি পাদপদ্ম মকৰন্দ আশে।।