প্ৰাণ গোপাল তোমাৰ বিনোদ হৰি
।। ৰাগঃ তুৰ-বসন্ত।। তালঃ পৰি।।
ধ্ৰুং।। প্ৰাণ গোপাল তোমাৰ বিনোদ হৰি জানিব কেমনে।
বৈকুণ্ঠ তেজিয়া কেলি কৰা বৃন্দাবনে।।
পদ।। সদায় ৰমণ যাৰ নিজানন্দ সুখে।
সো হৰি বিৰিন্দাবনে ফুৰা কোন দুঃখে।।
ব্ৰহ্মা হৰে সেৱে যাৰ চৰণৰ ৰেণু।
কোন সুখে তুমি প্ৰভু চাৰি ফুৰা ধেনু।।
যে তুমি অনন্ত কোটি ব্ৰহ্মাণ্ডেৰ পতি।
কোন লাভে লৈলা গোপ শিশুৰ সঙ্গতি।।
সৃষ্টি স্থিতি প্ৰলয় কটাক্ষে মিলে যাৰ।
ই কোন বড়াই তুমি হৰা ভূমিভাৰ।।
তপ জপ যাগ যোগে যি গতি নপাৱে।
সি গতি লভিল সেবি কাম দ্বেষ ভাৱে।।
কৃপাৰ সাগৰ প্ৰভু তুমি হৃষিকেশ।
মাগয় মাধৱে তুৱা পাৱে কৃপালেশ।।