এ নাথ তাৰিয়ো তাৰিয়ো যদুমণি
অৱয়ব
।। ৰাগঃ তুৰ-ভাটিয়ালী।। তালঃ যতি।।
ধ্ৰুং।। এ নাথ তাৰিয়ো তাৰিয়ো যদুমণি।
মজিলোহো-ভৱসিন্ধু তোমাক নজানি।।
পদ।। এ ভৱসাগৰ মাজে পৰি হামু ভাসি।
কাম-ক্ৰোধ কুম্ভীৰ মগৰে গিলে আসি।।
শোক মোহ ভয় মহা পাকে তল কৰে।
তৃষ্ণা তৰঙ্গে পায়া সব শ্ৰুতি হৰে।।
চিন্তা নাম বাড়ব অগণি শোষৈ প্ৰাণ।
নাহিকে তৰণী তুৱা পদ বিনে আন।।
জানিয়া তোমাৰ পাৱে পশিলো শৰণ।
কহয় মাধৱ গতি অৰুণ চৰণ।।