“নৃপতি শুনিয়া খেদি আইলা ভূমি পাৱে।
সেৱে শৰীৰত মায়া কৰি নম্ৰভাৱে ১৬২।
হৰি হৰি কিনো মোৰ ভৈল বিড়ম্বন।
আগে মই পাপী কিনো নলৈলোঁ শৰণ।
এহি বুলি দুঃখ ৰাজা অনেক কৰিলা।
সো শৰীৰতে পাছে শৰণক লৈলা৷। ১৬৮০।
তদুপৰি কাঞ্চীপূৰ্ণৰ উচ্ছিষ্ট খাবলৈ ৰামানুজৰ ব্যগ্ৰতাৰ লগত শঙ্কৰ দেৱৰ উচ্ছিষ্টলৈ অনন্ত কন্দলীৰ ধাউতি তুলনীয়।
কাঞ্চীপুৰৰ পৰা ৰামানুজ তিৰুপতিলৈ আহি বেঙ্কটাদ্ৰিৰ ওপৰত বিয়দগঙ্গা তীৰ্থত কিছুকাল তপস্যা কৰে আৰু তাৰ পৰা আহি তেওঁ বৈষ্ণৱ ধৰ্ম প্ৰচাৰত লাগি যোৱাত সহস্ৰ সহস্ৰ লোকে তেওঁৰ শৰণ লয়। ৰামানুজে সকলো লোকক উত্তেজিত কৰি চলিত ধৰ্মমত গুচাই পেলাইছে, এই অভিযোগ শুনি ত্ৰিশিৰাপল্লীৰ চোল ৰজা কৃমিকান্তই ৰামানুজক বধ কৰিবলৈ মানুহ পাঁচিল; প্ৰাণৰক্ষাৰ কাৰণে ৰামানুজে শ্ৰীৰঙ্গম এৰি মহিষাসুৰৰ যাদৱপুৰীত (মেলকোট) আশ্ৰয় ললেগৈ। তাৰ জৈনধৰ্মী ৰজা বল্লাৱন ৰামানুজৰ গুণত মোহিত হৈ বৈষ্ণৱ ধৰ্ম গ্ৰহণ কৰি বিষ্ণু বৰ্দ্ধন নাম লয়। জৈন গুৰুসকল এই বাবে অতিশয় অসন্তুষ্ট হৈ ৰামানুজৰ বিৰুদ্ধে নানান অভিযোগ আনিলে, আৰু তাৰ বাবে বাধ্য হৈ ৰজাই শাস্ত্ৰীয় বিচাৰৰ বাবে উভয় পক্ষক মতাই অনালে। ইদিনৰ পিছত সিদিনকৈ তৰ্ক-যুদ্ধ চলিল। শেষত জৈন গুৰুসকল সম্পূৰ্ণ পৰাস্ত হৈ কোনোৱে বৈষ্ণৱ ধৰ্ম ললে, আৰু কোনোৱেবা দেশকে এৰিলে। যাদৱ পুৰীৰ বৰ্ত্তমান টোয়াৰৰ জৈন মন্দিৰ ধূলিসাৎ হল আৰু তাৰ ঠাইত ৰামানুজৰ নাৰায়ণ স্বামীৰ মন্দিৰ মূৰ দাঙি উঠিল; তেতিয়াৰ পৰা সেই ঠাইৰ নাম “তেজ- নাৰায়ণপুৰ” হল। প্ৰপন্নামৃত গ্ৰন্থমতে ১০৯১ ত ৰামানুজে ইয়াত শ্ৰী নাৰায়ণ মূৰ্ত্তি প্ৰতিষ্ঠা কৰে; ইয়াৰ পাছত বাৰ বছৰ মেলকোটত থাকি তেওঁ ধৰ্ম প্ৰচাৰ কৰে।