পৃষ্ঠা:Yugnayak Sankardeva.djvu/৯১

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
৮৩
ভক্তি-ধৰ্মৰ দাৰ্শনিক ভেটি

মুখে লৌক নাম মোৰ কৰ্ণে তৱ কথা।
হৃদয়ত পাদ-পদ্ম থাকোক সৰ্বথা৷।
সজ্জনৰ সঙ্গ নুগুচোক সৰ্বক্ষণে।
এতেক প্ৰসাদ মাগোঁ তোমাৰ চৰণে।৷” ৫২৪।

“কীৰ্ত্তন” শাস্ত্ৰৰ আদিতেও এই ব্ৰহ্মৰ সেৱাই পোৱা হয়—

“প্ৰথমে প্ৰণমো ব্ৰহ্মৰূপী সনাতন।
সৰ্ব অৱতাৰৰ কাৰণ নাৰায়ণ।
তযু নাভি কমলত ব্ৰহ্মা ভৈলা জাত।
যুগে যুগে অৱতাৰ ধৰা অসংখ্যাত।৷’’ ১।

 গীতাৰ “জগদ্বিপৰিবৰ্ত্ততে” মত অনুসাৰে এই ব্ৰহ্ম আদিও জগতৰ ইতৰ জীৱৰ দৰেই সেই বিকাৰৰ ফল, মায়াৰ ৰচনা। মাধৱ- দেৱৰ “ঘোষাত” সি স্পষ্টভাৱে প্ৰকাশিত হৈছে—

“ব্ৰহ্মা আদি কৰি জীৱ যত,  ৰাম ৰাম ৰাম ৰাম ৰাম,
  মায়া-শয্যা মাঝে আছয় ঘুমটি যাই৷
তুমি সি চৈতন্য সনাতন  ৰাম ৰাম ৰাম ৰাম ৰাম,
  আমি অচেতন নিয়োক নাথ জগাই।” ৬৫৮।

“ঘোষা’’ৰ আন আন ঠাইত সাংখ্য দৰ্শনৰ প্ৰকৃতি-পুৰুষৰ পৰা জগত সৃষ্ট হোৱা মত খণ্ডন কৰি বাদৰায়ণৰ উত্তৰ-মীমাংসা দৰ্শনৰ বিৱৰ্ত্তন- বাদকে সমৰ্থন কৰিছে—

প্ৰকৃতি পুৰুষ দুইৰো নিয়ন্ত মাধৱ।
সমস্তৰে আত্মা হৰি পৰম বান্ধৱ।৷” ৪০৫।
“প্ৰকৃতি পুৰুষ   দুইতো কৰি পৰ
   দুই হানো নিজ কাৰণ৷
পৰম ঈশ্বৰ   নামক ধৰিয়া
   আছাঁ তাতে নাৰায়ণ।” ৭৩।