পৃষ্ঠা:Yugnayak Sankardeva.djvu/৮৭

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হৈছে
৭৯
দ্ৰাবিড়ী দেশত ভক্তি ধৰ্ম

 আকৌ, ভক্তি-ধৰ্মৰ শ্ৰেষ্ঠতাৰ লগতে তাৰ সাম্যবাদ আৰু বৰ্ণ- বিচাৰহীনতাও সম্ভৱ এই আলৱাৰসকলতে আৰম্ভ হয়। পেৰিয় আৰু তেওঁৰ জীয়েক অণ্ডল আলৱাৰৰ পাছৰ একাদশ আলৱাৰৰ নাম তিৰু পান; এওঁৰ ঘৰ দাক্ষিণাত্যৰ ওৰাবুৰ নামে ঠাইত। এওঁ জাতত পৰিয়া (চাণ্ডাল) আছিল; নাৰদৰ দৰে হাতত বীণ লৈ কৃষ্ণ কীৰ্ত্তন কৰি ফুৰাই তেওঁৰ কাম আছিল। এদিন সেইদৰে নাম গাই কৃষ্ণপ্ৰেমত তন্ময় হৈ বাহিৰে প্ৰায় অচেতন অৱস্থাত দাক্ষিনাত্যৰ কাৱেৰী অঞ্চলত ৰঙ্গনাথ মন্দিৰৰ সন্মুখত বাটত পৰি আছিল। এনেতে যোগী নামৰ পূজাৰী এজন আহি বাটত সেইদৰে চণ্ডাল এটা পৰি থকা দেখি নিলগৰ পৰা এটা দলি মাৰি তাক খেদি পঠিয়ায়। তাৰ পাছত মন্দিৰৰ দুৱাৰ মুখ পাই দেখে দুৱাৰ ভিতৰৰ পৰা মাৰি থোৱা আছে; বহুত যত্নেৰেও দুৱাৰ মেলিব নোৱাৰি তেওঁ মন্দিৰৰ ভিতৰৰ পৰা অহা এটি মাত শুনিলে—পূজাৰী, তুমি আজি মোক ভৰিৰে প্ৰহাৰ কৰিলা; গতিকে মন্দিৰত তোমাৰ প্ৰবেশ নিষেধ। যোগীয়ে কান্দি-কাটি সুধিলে, “ভগৱান, মই কেতিয়া তেনে অকৰ্ম কৰিলোঁ? ‘কাৰেৰী তীৰ্থৰ যি মহাত্মাই মোৰ গুণকীৰ্ত্তন কৰি তন্ময় হৈ বাটত পৰি আছিল, তেওঁ মোৰ দ্বিতীয় বিগ্ৰহ; আৰু তুমি তেওঁকে অবিবেচক- ভাৱে অপমান কৰিলাঁ৷ এতিয়া যদি তুমি তেওঁক কান্ধত লৈ নিয়মিতৰূপে মন্দিৰ প্ৰদক্ষিণ কৰাঁ, তেতিয়াহে দুৱাৰ মেল খাব।’ যোগয়ে তৎক্ষণাত গৈ তিৰুপ্পানক পোনতে ক্ষমা-ভিক্ষা খুজিলে; তেওঁ আচৰিত হৈ কলে, প্ৰভু, মই অধম চাণ্ডাল, মোৰ যদি কিবা অপৰাধ হৈছে’—। তেওঁৰ কথা শেষ হবলৈ নেপাওঁতেই যোগীয়ে গাৰ বলেৰে তিৰুপ্পানক কান্ধত তুলি সপ্তপ্ৰাকাৰ-বিশিষ্ট ৰঙ্গনাথ মন্দিৰ প্ৰদক্ষিণ কৰি দোষমুক্ত হল। তেতিয়াৰ পৰা তিৰুপানৰ নাম হল যোগীবাহন।

 অসমীয়া দিহা-ঘোষাৰ দৰে কৃষ্ণ-ভক্তিমূলক অনুপম গীতবোৰত