পৃষ্ঠা:Yugnayak Sankardeva.djvu/৭১

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হৈছে
৬৩
কন্-ফু-ছিয়াছ,ছক্ৰেটিছ আৰু যীশুখৃষ্ট


এই এৰিটলৰে শিষ্য আছিল। এৰিটলৰ শিক্ষা তেওঁৰ গুৰু প্লেটোৰ শিক্ষাৰ পৰা অলপ পৃথক আৰু গভীৰতাত অলপ হীন দেখিয়েই বাৰ্ট্ৰাণ্ড, ৰছেল প্ৰভৃতি পণ্ডিতে কয়, সহজ জ্ঞানেৰে পনীয়া কৰা প্লেটোই এৰিষ্টটল। এৰিষ্টটলৰ ঈশ্বৰৰ কল্পনা সাংখ্য দৰ্শনৰ পুৰুষৰ দৰে নিস্ক্ৰিয় এজন; এতেকে বিপক্ষ সমালোচক সকলে কয়, ‘এৰিষ্টটলৰ ঈশ্বৰ বেছেৰা। তেওঁ তিৰুতা-সেৰুৱা অকামিলা ৰজা; তেওঁৰ ৰাজত্ব আছে, শাসন নাই। সি যিহওক, এইসকল ভাবুকে চহাই থৈ যোৱা মাটিতে তেওঁলোকৰ চাৰি-তিনি শ বছৰৰ পাছত যীশুখৃষ্টই তেওঁৰ একেশ্বৰ বাদৰ কঠিয়া সিঁচিল। যীশুৰ আগৰ অনেক কালৰ পৰাই ভাৰতবৰ্ষৰ দৰে য়ুৰপতো বহু দেৱ-দেৱীৰ সেৱা আৰু বলি-বিধান প্ৰচলিত আছিল সন্দেহ নাই।

 যীশুৰ পাছত পিতৰ, পল প্ৰভৃতিয়ে খৃষ্টধৰ্ম প্ৰচাৰ কৰা কালতো ইউৰপত মূৰ্ত্তি-পূজা আৰু বলি-বিধান আছিল; ‘সিহঁতে সেই দিনত মূৰ্ত্তিৰ আগত দামুৰি বলি দিছিল, আৰু সেই কামত ৰঙ, পাইছিল। ( এক্ট্ ছ, ৭৪১)। সিহঁতলৈ এথেন্সত বাট চাওঁতে গোটেই ছহৰখন পৌত্তলিকতাত তল যোৱা দেখি পলৰ প্ৰাণ চঞ্চল হৈ উঠিছিল। (এক্টছ, ১৭ ১৬)। এতেকে যীশুৰ প্ৰথম আদেশ আছিল: ‘হেৰা, শুনা, আমাৰ পৰমপিতা ভগবান এজনহে। ঈশ্বৰ এজন, দ্বিতীয় নাই। (মাৰ্ক ১২।২৯, ৩২)। যীশুৰ দ্বিতীয় আদেশ, ‘নিজক যেনে ভাল পোৱা', ওচৰচুবুৰীয়াকো তেনেকৈ ভাল পাবাঁহঁক। ( মাৰ্ক, ৩১)। আকৌ, নতুন আদেশ মই দিছোঁ, তোমালোকে পৰম্পৰক ভাল পাবাঁ। (জন, ১৩।৩৪)। এয়ে শঙ্কৰদেৱৰ ভাষাত আৰু আৰু সুমধুৰ সুমঙ্গল হৈ উঠিছে।ঃ

“সমস্ত প্ৰাণীক দেখিবেক আত্ম সম।
উপায় মধ্যত সিটো অতি মুখ্যতম।”

 যীশুৰ প্ৰয়াণৰ পাছত তেওঁৰ দুই শিষ্য মেধু আৰু জন , আৰু আন দুজন প্ৰত্যক্ষদৰ্শী মাৰ্ক আৰু লুক্, এই চাৰিজনে সুকীয়া-সুকীয়াকৈ