কৰা অসম্ভৱ বুলিব পাৰি। সেইদেখি অন্ততঃ দাৰ্শনিক-বৈজ্ঞানিক
সকলৰ বাবে সেই “ৰূপ”-ভৰা আধ্যাত্মিক জগতখনেইহে প্ৰকৃত (সং);
আৰু এই বেমেজলীয়া ভৌতিক জগতখনৰ বিভিন্নতাবোৰ চাই
অভিন্ন কৰিব পৰা হয় সেই আধ্যাত্মিক জগতখনতহে। (ৰাষ্ট্ৰ, ৫ম পুথি)
‘ঘোৰাহ’ৰ ৰূপৰ সহায়েৰে যেনেকৈ ঘোৰাবোৰৰ অৰূপৰ একী- কৰণ হয়, তেনেকৈ ‘গৰুত্ব’ আদিও; যি ৰূপৰ সহায়েৰে আকৌ এই বিভিন্ন ৰূপ একীকৰণ হব পাৰে, প্লেটোই তাক “সৎৰূপ” বুলিছে। নিজ বা সমাজৰ আচৰণত যিদৰে আমি কোনো কাম সৎ বুলি মানো, বিজ্ঞানতো সেইদৰে সৎ বস্তু চিনিব লাগিব; নহলে আমি দেখা-শুনা এই ভৌতিক কাৰ্য্য়-কলাপবোৰৰ অন্তহীন আৱৰ্ত্তনৰ আগ-গুৰি একো ধৰিব নোৱাৰোঁ। (আৰু তেতিয়া এই সংসাৰ আকাৰ-বিহীন দৃশ্য আৰু অৰ্থহীন শব্দেৰে ভৰা ভূতৰ ৰাজ্যত পৰিণত হব)!
আমি এই সৃষ্টিৰ অন্তও পাবগৈ নোৱাৰো, আদিলৈও উলটিব নোৱাৰোঁ।; কিন্তু মাজৰ এই আবৰ্ত্তমান জগতৰ আৱৰ্ত্তনৰ উদ্দেশ্য বিচাৰি পাব পাৰোহঁক। মানুহৰ বাবে নহয়, নিজৰ বাবেইহে এই সৃষ্টি সৎ, এই কথা বুজিব পাৰিলেই দেখিবলৈ পোৱা হব ধৰ্ম আৰু বিজ্ঞান একত পৰিণত হৈছে। আধুনিক জগতৰ শ্ৰেষ্ঠ বৈজ্ঞানিক জুলিয়েন্ হক্সলিয়ে কবৰ দৰে, ‘মানুহৰ আবিৰ্ভাবত পৃথিবীৰ ইতিহাসৰ এক অধ্যায়ৰ সামৰণি পৰিল; ব্ৰহ্মাণ্ডত আত্মাৰ উদ্ভৱ হল : মানুহে ভাবিবলৈ, অনুভৱ কৰিবলৈ আৰু সত্য-সুন্দৰৰ উপাসনা পালিবলৈ ধৰিলে। আকৌ নতুন অধ্যায় আৰম্ভিলে : তাত ব্যক্তিৰ উৎপত্তি হল আৰু জড়ে চৈতন্যত পৰিণতি লভিলে। এতিয়া চৈতন্যই জড়ক গঢ় দিব লাগিব; এই গঢ় দিয়া কাৰ্য্য় এহাতে বিজ্ঞান, ইহাতে কলাবিদ্যা, আৰু আন হাতে ধৰ্ম। এই তিনিও যেতিয়া পৰম্পৰ-সহযোগ হব পাৰে, তিনিও পৰম্পৰ-বিৰোধী যাতে হবলৈ নাপায়, তাৰ বাবে আমি সাবধান হোৱা উচিত।
ছক্ৰেটিছ-প্লেটোৰ মতে সমাজৰ সুবিচাৰ তাৰ প্ৰত্যেক লোকৰ