সমললৈ যাওক

পৃষ্ঠা:Yugnayak Sankardeva.djvu/৫৫

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হৈছে
৪৭
বৈদান্তিক ধৰ্মৰ প্ৰতিবাদী বৌদ্ধ ধৰ্ম

আকৌ, “অন্না হি লাভূপনিসা অন্না নিব্বানগামিনী” (লাভৰ পথ অন্য, নিৰ্বাণৰ পথ অন্য): ইয়াত “উপনিসা” (উপনিষৎ) ’পথ’ অৰ্থত ব্যৱহাৰ কৰা হৈছে; কিন্তু অমৰকোষ আদি সংস্কৃত অভিধানতো “ধৰ্মে ৰহস্যুপনিষৎ স্যাৎ” বুলি ‘গোপনীয় ধৰ্মমত’ অৰ্থ সমৰ্থন কৰিছে, যদিও তৈত্তিৰীয়ৰ নিচিনা প্ৰামাণিক প্ৰধান উপনিষতো তেনে কথা নাই।

 “সত্যম্ বদ। ধৰ্মং চৰ। স্বাধ্যায়ন্ মা প্ৰমদঃ। আচাৰ্য্যায়া প্ৰিয়াং ধনং আহৃত্য প্ৰজাতন্তুম্ মা ব্যৱচ্ছেতাসী। সত্যান্ ন প্ৰমদিতব্যম্। ধৰ্মান্ ন প্ৰমদিতব্যম্। কুশলান্ ন প্ৰমদিতব্যম। ভূত্যৈ ন প্ৰমদিতব্যম। স্বাধ্যায়প্ৰবচনাভ্যাং ন প্ৰমদিতব্যম্। দেৱপিতৃকাৰ্য্যাভ্যাম ন প্ৰমদিতব্যম্। মাতৃদেৱো ভৱ। পিতৃদেৱো ভৱ। আচাৰ্য্যদেৱো ভৱ। যান্যৱদ্যানি কৰ্মাণি তানি সেৱিতব্যানি ন ইতৰানি।” (তৈত্তিৰীয়, ১৷১১)। উপনিষদ শিক্ষা লাভৰ পাছত গুৰুৱে শিষ্যক দিয়া এনেবোৰ আদেশ কেনেকৈ ‘গোপনীয় ধৰ্মমত’ শিক্ষা দিয়া বোলা হল, ভাবিব-লগীয়া। ইয়াৰ লগত অশোকৰ “ধম্ম”ৰ মূলনীতি ৰিজাব লগীয়া—দেৱানাং প্ৰিয়ই এইদৰে কয়: মাতৃ-পিতৃ আৰু তেনে দৰে প্ৰবীণসকলৰ শ্ৰদ্ধাশীল কাৰ্য্য অৱশ্য কৰ্ত্তব্য; সদৌ জীৱৰ প্ৰতি স্নেহশীল কাৰ্য অৱশ্য বৰ্দ্ধিতব্য, সত্য অৱশ্য বক্তব্য; ধম্মৰ এনে গুণবোৰ অৱশ্য প্ৰতিষ্ঠাতব্য; তদপি শিষ্যৰ দ্বাৰা সবিনয় শিক্ষকক সম্মান অৱশ্য কৰ্তব্য।”

“যে ব্ৰাহ্মণো বাহিতপাপো নিহুহুঙ্কো নিক্কাসাৱোযত্ততো।
বেদান্তাবুসিত-ব্ৰহ্মচৰ্যো ধম্মেন স ব্ৰহ্মবাদং বদেৰ্য্য॥

 ‘যি পাপৰহিত, নিৰহঙ্কাৰ, নিষ্কাম, আত্মসংযত, বৈদান্তিক, ব্ৰহ্মচৰ্য্যপৰায়ণ, ধৰ্মী, তেনে ব্ৰাহ্মণে ব্ৰহ্মবাদ বুজাব পাৰে।’ এনে উক্তিৰ পৰা বুজিব পাৰি বুদ্ধদেৱে ব্ৰহ্মবাদ অস্বীকাৰ কৰা নাই। এই উক্তিৰ পাছতে শুক্ল যজুৰ্বেদী, অধ্বৰ্য্যু, কৃষ্ণ যজুৰ্বেদী, বাজসনেয়, তৈত্তিৰীয়, সামবেদী, ছান্দোগ্য আৰু ঋকবেদী ঐতৰেয়সকলৰ