পৃষ্ঠা:Yugnayak Sankardeva.djvu/৪৭২

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
৪৬৪
যুগনায়ক শঙ্কৰদেৱ

(ঝ) উপসংহাৰত লেখকৰ বক্তব্য

আমাৰ অন্যতম আজীৱন সাধনাৰ ফল এই গ্ৰন্থখনে পোহৰৰ মুখ দেখিবলৈ পাব তাৰ বাবে আমাৰ সন্তোষ কুলায়-পাচিয়ে নধৰা হৈছে। ঠিক আধা শতিকাৰ আগত পঢ়াশলীয়া ছাত্ৰৰূপে শিৱসাগৰ বিমলালয় সভাই পতা শঙ্কৰদেৱৰ তিথিত আমি পোনতে এখনি ৰচনা পঢ়ি এই বিষয়ত প্ৰথম উদগনি পাওঁ। তাৰ দুই-তিনি বছৰৰ পাছত বিশ্ববিদ্যালয়ৰ জীৱনৰ দুৱাৰ-দলিত তেতিয়াৰ অসম ছাত্ৰ সম্মিলনে ঘোষণা কৰা ‘সমাজ সংগঠনত শঙ্কৰদেৱ’ বিষয়ৰ ৰচনা প্ৰতিযোগিতাত প্ৰথম বঁটা লাভ কৰি পুনৰ উৎসাহিত হওঁ। এইদৰেই যোৱা আঢ়ৈ কুৰি বছৰ অসমীয়া সাহিত্য অধ্যয়নৰ লগে লগে মহাপুৰুষীয়া সাহিত্য চৰ্চাও প্ৰায় সমান্তৰালভাৱে কৰি আহিছোঁ, আৰু তাৰ ফল যোৱা প্ৰায় আঢ়ৈ কুৰি বছৰেই অসমীয়া-ইংৰাজী নানান কাকতত ওলোৱা অলেখ প্ৰৱন্ধৰ উপৰি Mahāpurusism, a universal Religion আৰু Jagat-Guru Sankardew, the Founder of Mahāpurasism নামৰ গ্ৰন্থ দুখনত লিপিবদ্ধ হৈছে। “যুগনায়ক শঙ্কৰদেৱ” এই সদৌৰে শেহতীয়া চেষ্টা আৰু এক নতুন পদক্ষেপৰ যত্ন যে আমাৰ শ্ৰদ্ধান্ত পঢ়ৱৈসকলে অৱশ্যে মন কৰিব বুলি ভাবোঁ। গৱেষণা ক্ষেত্ৰত যোৱা পোৱা-শতিকাত দুই-তিনিজন বিশ্ববৰেণ্য মনীষীৰ মানসিক সান্নিধ্য লাভ কৰাৰ সৌভাগ্য আমাৰ ক্ষুদ্ৰ জীৱনত ঘটিল। গৱেষণাৰ বাবে সেই সকলে নিৰ্দেশ কৰা পথ আমি কায়মনোবাক্যে অনুসৰণ কৰিবৰ যত্ন কৰিছোঁ। কৰবাত যদি পাৱ পিচলিছে সেই দোষ সম্পূৰ্ণ আমাৰ। মহাপুৰুষীয়া সাহিত্যৰ ভবিষ্যত গৱেষণাৰ বাবে আমি যদি অলপো অৰিহণা যোগাব পাৰিছোঁ তেনেহলেই নিজক কৃতাৰ্থ মানিম।

———