(ঘ) গীতা আৰু উপনিষ মতে ব্ৰহ্মবিচাৰ
গীতাত কৰ্মযোগত পোনতে ব্ৰহ্ম শব্দটি ব্যৱহৃত হৈছে—
“কৰ্ম-ব্ৰহ্মোদ্ভৱং বিদ্ধি ব্ৰহ্মাক্ষৰসমুম্ভবম্।
তস্মাৎ সৰ্বগতং ব্ৰহ্ম নিত্যং যজ্ঞে প্ৰতিষ্ঠিতম্॥” ৩৷১৫
অৰ্থাৎ '(যজ্ঞাদি) কৰ্ম ব্ৰহ্মৰ পৰা উদ্ভৱ বুলি জানিবাঁ। অক্ষৰৰ পৰা ব্ৰহ্ম সমূম্ভৱ হৈছে। এতেকে সৰ্বব্যাপী ব্ৰহ্ম সদায় যজ্ঞত প্ৰতিষ্ঠিত।’ কোনো কোনোৱে এই শ্লোকত ব্ৰহ্মক ‘বেদ’ বুলি ব্যাখ্যা কৰে। জ্ঞানযোগত ব্ৰহ্ম শব্দৰ প্ৰয়োগ এনেদৰে পোৱা হয়—
“ব্ৰহ্মাৰ্পণং ব্ৰহ্ম হবিৰ্ব্ৰহ্মাগ্নৌ ব্ৰহ্মণ হুতম্।
ব্ৰহ্মৈব তেন গন্তব্যং ব্ৰহ্মকৰ্মসমাধিনা॥” ৪া২৪
অৰ্থাৎ ‘(ব্ৰহ্মবিৎসকলে) আহুতি আদিক ব্ৰহ্ম, ধৃত আদিক ব্ৰহ্ম, অগ্নিক ব্ৰহ্মৈৱ, হোমকৰ্তাক ব্ৰহ্ম, হোমক্ৰিয়াক ব্ৰহ্ম আৰু তাৰ দ্বাৰা পাব লগা ফলও ব্ৰহ্ম বুলি ভাবে।’
সন্ন্যাস যোগত ব্ৰহ্ম সম্পৰ্কত আছে—
“ব্ৰহ্মণ্যাধ্যায় কৰ্মানি সঙ্গং ত্যক্ত্বা কৰোতি যঃ।
লিপ্যতে ন স পাপেন পদ্মপত্ৰমিবান্তসা।” ৫৷১০
অৰ্থাৎ ‘যি ব্ৰহ্মত অৰ্পণ কৰি আসক্তি ত্যাগৰ দ্বাৰা কাম কৰে, পানীয়ে যেনেকৈ পদুম পাতক, পাপেও তেনেকৈ তেনেজনক লিপ্ত নকৰে।'
বিভূতি যোগত অৰ্জুনে কৃষ্ণ কৈছে—
“পৰং ব্ৰহ্ম পৰং ধাম পৱিত্ৰ পৰমং ভবান্।
পুৰুষং শতং দিব্যমাদিদেৱমজং বিভুম॥” ১০৷১২
অৰ্থাৎ ’আপুনি পৰম ব্ৰহ্ম, পৰম ধাম, পৰম পৱিত্ৰ (পাৱন); সনাতন দিব্য পুৰুষ, জন্মৰহিত, সৰ্বব্যাপী আদিদেৱ।’