(খ) শঙ্কৰদেৱ-মাধৱদেৱৰ অন্যান্য আধুনিক জীৱনী
স্বৰ্গীয় বেজবৰুৱাৰ গ্ৰন্থখনিৰ বাহিৰে বৰ্তমান আন দুই এজন লেখকে এই বিষয়ে দুই এখন কিতাপ ছপাই উলিয়াইছে, আৰু ভালেখিনি শ্ৰদ্ধেয় বন্ধুৱে সেই কেখনৰ আসোঁৱাহ-ভৰা কথালৈ আমাৰ দৃষ্টি আকৰ্ষণ কৰিছে। কথাতে কয় বোলে লৰাৰ যিমান ভাগৰ, খেদাৰো সিমান ভাগৰ; গতিকে আত্মবিনোদনৰ বাবে লিখা আৰু ইতৰ জনসাধাৰণৰ কাৰণে ছপাই উলিওৱা তেনে কিতাপৰ ওপৰত মতামত দিবলৈ যোৱাৰ পৰা বিৰত থাকিবলৈ বাধ্য হলোঁ। স্বয়ং বেজবৰুৱা দেৱেই শঙ্কৰদেৱ-মাধৱদেৱৰ জীৱনী লিখিবলৈ পোনতে সাহ নকৰি পাছত ভয়ে ভয়ে অথচ গভীৰ ভক্তিৰে সেই পুথি লিখিছিল; কিন্তু জ্ঞানীয়ে য’ত ভৰি পেলাবলৈ সাহ নকৰে, মূৰ্খই ত’তো টিঘিলঘিলায়, এখন শঙ্কৰদেৱ-মাধৱদেৱৰ নৱকৈ লিখা দুষ্ট জীৱনী পঢ়ি আমাৰ তেনে ভাবেই দৃঢ় হৈছে।
পৃথিবীৰ মুখ্য ধৰ্ম-প্ৰৱৰ্তকসকলৰ জীৱনী আৰু সমালোচনা কেনেদৰে কৰা হয় আৰু কৰা উচিত যথাস্থানত আমি তাৰ আলোচনা কৰিছোঁ; সেয়ে বৈজ্ঞানিক বিচাৰ-পদ্ধতি বুলি আমি ভাবোঁ। পূৰ্ব-ভাব লৈ গৱেষকৰ আসনত বহা বিড়ম্বনা মাত্ৰ। সত্য অন্বেষণেই যেতিয়া আমাৰ মূল উদ্দেশ্য হয় তেতিয়া তাৰ বাহিৰে আন একোৰে প্ৰতি আমাৰ দৃষ্টিপাত হব নালাগিব। পক্ষপাতিতা যে পাপেই, গৱেষণাৰ উপযোগী জ্ঞান আৰু মানসিক প্ৰস্তুতি নোহোৱাকৈ তেনে কামলৈ আগবঢ়াও পাপ নিশ্চয়। আমি আশা কৰিছোঁ আগলৈ যেন এনে অন্যায়ৰ পুনৰাবৃত্তি নহয়।