গ্ৰন্থৰ প্ৰথম তাঙৰণত আছিল; আৰু গ্ৰন্থাকাৰে যদি নিজে তাৰ দ্বিতীয় সংস্কৰণ যুগুত কৰিছিল তাত তেনেবোৰ কথা বাদ পৰিব বুলি আমি পৰম আশা মনত পুহিছিলো। দুৰ্ভাগ্যক্ৰমে তেনেবোৰ কথা দ্বিতীয় তাঙৰণত আগৰ দৰেই থাকিল।
আমি মানি লওঁ প্ৰায়সকল গুৰুৰ সম্পৰ্কে সৰহ-তাকৰ নানান ধাৰ্মিক কিম্বদন্তি থাকে; সেইসকলৰ অলৌকিকতা প্ৰমাণ কৰিবৰ হেপাহেৰেই তেনেবোৰ কথা সজা হয় নিশ্চয়। কিন্তু বহুত সময়ত এনেবোৰ কথাই সত্যৰ অপলাপ কৰাৰ উপৰি হিত-বিপৰীত হৈ পৰে। দৃষ্টান্তৰূপে, মাধৱদেৱৰ বিচাৰ-বিচক্ষণতা দেখুৱাবৰ বাবে গুৰু-পত্নীৰ ঘট-পূজা কৰা আৰু গুৰুৰ লগত চুপতি-মৰ কথাৰ অৱতাৰণাই এই গ্ৰন্থৰ দুই তাঙৰণতে ঠাই পাইছে, ই অন্যায়; যিহেতুকে গুৰুজনাৰ জীৱন-আদৰ্শৰ লগত ই একেবাৰে খাপ নোখোৱা কথা, আৰু যিহেতুকে এনে কথা কেনেবাকৈ সচা হোৱা হলেও সি উক্ত চাৰিখন গুৰু-চৰিতৰ এখনত নহয় ইখনত থাকিলহেতেন। ১৯৬৩ত পোৱা এনে এখন গ্ৰন্থৰ নতুন তাঙৰণত তেনে কথা অশোভন নিশ্চয়।
বৰ্তমান তাঙৰণৰ ঘাই কথাৰ আৰম্ভৰ আগতে “উত্তৰ কমলাবাৰী গ্ৰান্ট সত্ৰ”ৰ এখন মানচিত্ৰ ছপোৱা আছে; তাৰ টোকা—“বহুল আতাৰ দ্বাৰাই সংস্থাপিত পুৰণি কমলাবাৰী সত্ৰৰ চিত্ৰ। এই সত্ৰ আৰু এতিয়া নাই; ব্ৰহ্মপুত্ৰই খহাই নিলে। সত্ৰৰ এই চিত্ৰ পিতৃদেৱতা দীননাথ বেজবৰুৱা ডাঙৰীয়াই ভালেমান বছৰৰ আগতে নিজ হাতে আঁকি মোক ভালকৈ ছপা কৰাবলৈ দিছিল। —গ্ৰন্থকাৰ।”
“গ্ৰান্ট সত্ৰ” কি আৰু এই নাম কিয় হল, এই সম্পৰ্কে নানা কথা আমাৰ শুনা আছে, আৰু বহুতেই জানে। বহু আতাৰ সংস্থাপিত মূল সত্ৰৰ লগতে শঙ্কৰদেৱ-মাধৱদেৱৰ জীৱনীৰ কোনো পোনপটীয়া সম্বন্ধ নাই। পিতৃ-ইচ্ছা পালনৰ বাবেই গ্ৰন্থাকাৰে এই মানচিত্ৰ