বোলয় দ্বৈত কোন অজ্ঞ জন॥” ব্ৰহ্মৰ বাহিৰে যেতিয়া দ্বিতীয় বস্তু স্বৰূপতে নাই, তেন্তে শৰীৰ ঢাকিবৰ কাৰণ নাই; এই বাবেই ব্ৰহ্মজ্ঞানী সনক-সনাতন সদাশিৱ-শুকদেৱ আদিয়ে অঙ্গ-আচ্ছাদনৰ কোনো আৱশ্যকতা অনুভৱ নকৰিছিল। বস্ত্ৰ-হৰণত ভক্ত-গোপীহঁতৰ এই পৰীক্ষাই আৰম্ভ হৈছিল; তাত তেওঁলোক ভালদৰে উত্তীৰ্ণ নহল বুলিয়ে পাছত ৰাস-লীলাৰ শেষ পৰীক্ষা।
ব্যাসদেৱে বস্ত্ৰ-হৰণৰ এই কুমাৰীহঁতক “আহতা” বুলিছে, আৰু “ঈষৎ অক্ষত যোনি” বুলি শ্ৰীধৰ স্বামীয়ে তাৰ অৰ্থ কৰিছে। “যোনি” মানে ‘মায়া’; যেনে “মম যোনিৰ্মহদ্ ব্ৰহ্ম” (গীতা)। তেন্তে “ঈষৎ অক্ষত যোনি” বোলাত কুমাৰীহঁতৰ ’মায়া’ ( অবিদ্যা) তেতিয়াও সম্পূৰ্ণ ক্ষয় নোহোৱা বুজালে। “দৈৱী হ্যেষা গুণময়ী মম মায়া দুৰতয়া। মামেব যে প্ৰপদ্যন্তে মায়ামেতাং তৰন্তি তে।” (গীতা)। অত্যন্ত দুৰ্জয়া মায়াৰ পৰা তেতিয়াও সম্পূৰ্ণ উদ্ধাৰ নোপোৱাৰ বাবে, সাংসাৰিকভাৱে তিৰুতাৰ পৰম ভূষণ লাজ ত্যাগ কৰিব নোৱৰা হেতুকে, বছৰেকৰ মূৰত তেওঁলোকৰ নতুন মহলা লোৱা হল ৰাস-ক্ৰীড়াত।
“ৰাসক্ৰীড়া বিড়ম্বনং। কামজয়াখ্যায়ানায়েতি তম্। কিঞ্চ শৃঙ্গাৰ কথোপদেশেন বিশেষতো নিবৃত্তিপৰেয়ং পঞ্চাধ্যায়ীতি ব্যক্তী কৰিষ্যামঃ।” বুলি শ্ৰীধৰ স্বামীয়ে আৰম্ভতেই ইঙ্গিত দিলে বোলে ৰাসপঞ্চাধ্যায়ৰ শৃঙ্গাৰ ভাব ওপৰৰ বাকলি মাথোন, তাৰ শাহটো কৰবাত। শঙ্কৰদেৱেও কলে, “কামজয়ী নামে ইটো কেশৱৰ কেলি।” ব্যাসদেৱেও আদিতেই কলে—
“ভগৱানাপি তা ৰাত্ৰীঃ শাৰদ্যোৎফুল্লমল্লিকাঃ।
বীক্ষৰন্তুং মনশ্চক্ৰে যোগমায়ামুপাশ্ৰিতঃ॥”
যি মহতী ঐশী শক্তিৰ বলত নোহোৱাকো হোৱা দেখি সেয়ে যোগমায়া। আকৌ “প্ৰহস্য সদয়ং গোপীৰাত্মমো’প্যৰীৰমৎ”—আত্মাৰাম হৈয়ো কৃষ্ণই সদয়ৰূপে হাঁহি মুখে গোপীসকলক ৰমণ কৰিলে অৰ্থাৎ ৰমণ কৰা যেন দেখুৱালে।