পৃষ্ঠা:Yugnayak Sankardeva.djvu/৪৪৪

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হৈছে
৪৩৬
যুগনায়ক শঙ্কৰদেৱ

আদি পোনতে নৈৰ সৰু সৰু ঢৌৰ দৰে উঠি শেষত সাগৰৰ ঢৌৰ দৰে ভয়ানক হৈ পৰে।

 তাৰ পাছত দুস্তৰা মায়া কোনে কেনেকৈ তৰিব পাৰি তাৰ নিৰ্দেশ। “ওঁ কস্তৰতি কৰতি মায়াম? যঃ সঙ্গং ত্যজতি যো মহানুভাবং সেৱতে যো নিৰ্মমো ভৱতি।” ৪৬।—কোনে মায়া-সাগৰ পাৰ হব পাৰে? কোনে? যি (বিষয়-) সঙ্গ ত্যজে, সাধুক সেৱে, আৰু ( সাংসাৰিক বিষয়ত ) নিৰ্মম (মমতা-হীন)। ওঁ যো বিবিক্তস্থানং সেৱতে যে লোকবন্ধমূলয়তি নিস্ত্ৰৈগুণ্যো ভৱতি যোগ-ক্ষেমং ত্যজতি।” ৪৭।—যি নিৰ্জন ঠাইত থাকে, যি লোকৰ লগত বান্ধ নাখায়, সত্ত্ব-ৰজঃ-তমঃ গুণৰ অতীত হয়, যোগ ( অপ্ৰাপ্ত প্ৰাপ্তি) আৰু ক্ষেম (প্ৰাপ্ত ৰক্ষণাৱেক্ষণ) ত্যাগ কৰে। “ওঁ যঃ কৰ্মফলং ত্যজতি কৰ্মাণি সন্ন্যস্থতি ততো নিদ্বন্দো ভৱতি।” ৪৮—যি কৰ্মফল ত্যজে, কৰ্মসন্যাস (ভগৱন্তত কৰ্মফল-অৰ্পণ ) কৰে, আসক্তি এৰে। “ওঁ বেদানপি সন্ন্যস্যতি কেৱলমবিচ্ছিন্নানুৰাগং লভতে।” ৪৯।—( যি) বেদবিহিত (সন্ধ্যাদি) ক্ৰিয়াও ত্যাগ কৰে (আৰু) কেৱল (ভগৱন্তৰ) অবিচ্ছিন্ন ভক্তিত কাল কটায়। “ওঁ স তৰতি স তৰতি স লোকাংস্তাৰয়তি।” ৫০।—তেওঁ তৰে, তেওঁ তৰে, তেওঁ জগতক তাৰে।

 সপ্তম অনুবাকৰ সাতটি সূত্ৰত দেৱৰ্ষি নাৰদে নিজ অভিজ্ঞতাৰ পৰা ভক্তিৰ অনুভৱ বুজাইছে। “ওঁ অনিৰ্বচনীয় প্ৰেমস্বৰূপ।” ৫১।— এই প্ৰেমৰ স্বৰূপ কথাৰে বুজাব নোৱাৰি। “ওঁ মূকাস্বাদনৱৎ।” ৫২। —ই বোবাই সোৱাদ পোৱাৰ নিচিনা। “ওঁ প্ৰকাশ্যতে ক্কাপি পাত্ৰে।” ৫৩।—কোনো পাত্ৰত ( ভক্তত) তাৰ স্বৰূপ প্ৰকাশ পায়। “ওঁ গুণৰহিতং কামনাৰহিতং প্ৰতিক্ষণবৰ্দ্ধমানমবিচ্ছিন্নং সূক্ষ্ম্যতৰমনুভৱৰূপম্।” ৫৪।—ই (তিনি) গুণৰ অতীত, কামনাশূন্য, ক্ষণে ক্ষণে বাঢ়ি যোৱা (নুটুটা), ছেদ-ভেদ নথকা, বাহ-ইন্দ্ৰিয়গ্ৰাহ্য নোহোৱা ( সূক্ষ্মতৰ) অনুভৱ। “ওঁ তৎপ্ৰাপ্য তদাবলোকয়তি, দেব শৃণোতি, তবে ভাষয়তি, তদেব চিন্তয়তি।” ৫৫।—তাক পাই তাকেইহে দেখে,