পৃষ্ঠা:Yugnayak Sankardeva.djvu/৪৪০

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
৪৩২
যুগনায়ক শঙ্কৰদেৱ

ব্যৱহৃত। “ওঁ যল্লদ্ধা পুমান্ সিদ্ধো ভৱত্যমৃতো ভৱতি তৃপ্তো ভৱতি।” ৪।–যাক পালে নৰ(-নাৰী) সিদ্ধ হয়, অমৃত (অমৰ) হয়, তৃপ্ত হয়। ভক্তি অবিহনে যে মানুহ সিদ্ধ নহয়, অমৃত নহয়, তৃপ্ত নহয়, এই ভাব ইয়াত সোমাই আছে। সিদ্ধ নহলে মানুহৰ খোজনীয় অভাৱৰ ওৰ নপৰে; অমৃত নহলে দুনাই দুনাই বিভিন্ন যোনিৰ ভিতৰেদি সংসাৰলৈ অহা-যোৱা কষ্টৰ শেষ নহয়; তৃপ্ত নহলে অভাৱ নুগুচে। তেন্তে বুজিব লাগিব ভক্তি-লাভ হলে পাব লগা ঘাই বস্তু পোৱা হৈ যায়, দুনাই বিচাৰিব নালাগে; অমৃত পালে সংসাৰ-পথত বিভিন্ন যোনিত অহা-যোৱাৰ দুখ ভুগিব নালাগে; তৃপ্ত হলে কামনাৰ উৎপীড়ন নাথাকে। ইয়াৰ পৰা বুজিব পাৰি যে লাভ মানেই ভগৱৎ-বস্তু লাভ; বা ভক্তি আৰু ভগৱান একে। যৎপ্ৰাপ্য ন কিঞ্চিদ্ বাঞ্ছতি ন শোচতি ন দ্বেষ্টি ন ৰমতে নোৎসাহী ভৱতি।” ৫।—যাক পাই লোকে একোকে পাবলৈ বাঞ্ছা নকৰে, একোৰে বিয়োগত শোক নকৰে, একোৰে কাৰণে দ্বেষ নকৰে, একোতে প্ৰীতি নকৰে, একোলৈকে উৎসাহ নজন্মে। ই পূৰ্ব সূত্ৰৰ বিবৃতি বৰূপ। ভক্তি তথা ভগৱন্তক পালে আৰু বাঞ্ছা কৰিবলৈ, শোক বা দ্বেষ কৰিবলৈ, যেনেকৈ একো নাথাকে তেনেকৈ প্ৰীতি কৰিবলৈ বা উৎসাহী হবলৈকো বাকী নাথাকে; অৰ্থাৎ ভক্তি বা ভগৱন্ত-লাভেই লোকৰ সৰ্বস্ব লাভ। “ওঁ যজ্ জ্ঞানাৎ মত্তো ভৱতি স্তব্ধো ভৱতি আত্মাৰামো ভৱতি।” ৬।–যাৰ (যি ভক্তি-লাভ বা ভগৱন্ত-লাভৰ) জ্ঞান জন্মিলে লোক মতলীয়া হয় (থিৰেৰে থাকিব নোৱাৰে), নিশ্চল অৰ্থাৎ বাহ্যক্ৰিয়াদি শূন্য হয়, আৰু আত্মাত অৱস্থান কৰি পৰমানন্দ লাভ কৰে। দেখাত বিৰোধী হলেও পৰম ভক্তৰ এই তিনি অৱস্থা সুপ্ৰতিষ্ঠিত।

 দ্বিতীয় অনুবাকৰ আঠটি সূত্ৰত ভক্তিৰ লক্ষণ আৰু তাক অৱলম্বন কৰি কিদৰে ভক্তিৰ সাধনা কৰিব লাগে তাক কোৱা হৈছে। “ওঁ ন সা কাময়মান নিৰোধ-ৰূপত্বাৎ।” ৭।–পূৰ্ণিমা নিশা যেনেকৈ ডাৱৰ