সমললৈ যাওক

পৃষ্ঠা:Yugnayak Sankardeva.djvu/৪২৪

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হৈছে
৪১৬
যুগনায়ক শঙ্কৰদেৱ

পুনৰপি পাত্ৰসকলক মাতি আনি।
মহা শান্তভাৱে ৰাজা বুলিলন্ত বাণী॥২৯০॥
যদি তোমাৰ হোৱে প্ৰাণৰ শঙ্কট।
তেতিয়া মাথাক নিয়া ৰাখিবা তলত॥
হেন বাক্য শুনি তাসম্বাৰ চাৰিজন।
ৰাজাৰ মুখ চাই বুলি বচন॥২৯১॥
যদি প্ৰাণ মৰে সিও কথা অতি ভাল।
তথাপিতো মূৰ নচাপৰে কোনো কাল॥
হেন শুনি ৰজা ভৈল পৰম বিস্ময়।
পৰীক্ষা কৰিব লাগি মনে আলোচয়॥২৯২॥
তেজী ঘোৰা চাৰি গোট তেখনে অনাইলা।
পথত দীঘল খাণ্ডা-যতনে বন্ধাইলা॥
ঘোৰা দৌৰাইবাক লাগি কৰিলা আদেশ।
তেসম্বেও মনে উঠিলা নিঃশেষ॥২৯৩॥
ঘোৰাত উঠিলা আগে নেওগ ফুকন।
বিজুলী সঞ্চাৰে ঘোৰা কৰিলা গমন॥
খাণ্ডা সমীপত মাথা নত নকৰিলা।
খাণ্ডা ঘাৱে মুণ্ড গোট উফৰি পৰিলা॥২৯৪॥
গাণ্ডী গোট ঘোৰাৰ যে ওপৰে থাকিলা।
গুই মেলা সোলাৰো যে সেহি মত ভৈলা॥
আন দুজনক ৰাজা ৰাখিল ধৰাই।
দেখি বুদ্ধিস্বৰ্গনাৰায়ণ মহাৰাই॥ ২৯৫॥
গুণিবে লাগিলা ৰাজা শোক কৰি অতি।
একনিষ্ঠ লোক মাৰি ভৈলোঁ ভক্ত-ঘাতী॥২১৬॥
তোমৰা সৱৰ জানিলোঁহো একমত।
এক গুৰু পদ বিনে নাজানা সতত॥ ২৯৯॥