সমললৈ যাওক

পৃষ্ঠা:Yugnayak Sankardeva.djvu/৪২

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
৩৪
যুগনায়ক শঙ্কৰদেৱ

একে কথাকে গীতাত কৃষ্ণই নিজ শিষ্য অৰ্জ্জুনক “দেৱোচিত” গুণ বুলি শিকাইছে; “দানম্ দামশ্চ যজ্ঞশ্চ স্বাধ্যায়ম তপ আৰ্জবম্ অহিংসা সত্যম” ইত্যাদি।

 পুনঃ পুনঃ পোৱা এনেবোৰ প্ৰমাণৰ পাছত, পণ্ডিতপ্ৰবৰ গ্ৰিয়াৰ্ছনে কোৱা কথা নুই কৰা কঠিন যে ভাগৱতী, তথা বৈষ্ণৱ, তথা কৃষ্ণ-সেৱা,ধৰ্মৰ বিৱৰ্তনৰ গুৰিত ইন্দো-য়ুৰপীয় পৰিয়ালৰ ইৰাণীয় আৰু ভাৰতীয় দুই ঠালেই উমৈহতীয়া অধিকাৰীৰূপে পোৱা সূৰ্য্য- উপাসনা। অকল ইমানেই নহয়, বাসুদেৱৰ গৰুড় আৰু সুদৰ্শন চক্ৰও যে সৌৰ কাহিনীৰ লগত জড়িত, পণ্ডিত মেক্ডলেনৰ এই সিদ্ধান্তও উলাই কৰিবৰ উপায় নাই নিশ্চয়।

 গোৱালিয়ৰ প্ৰদেশৰ বেশ নগৰৰ উত্তৰ-পূবে থকা, বাসুদেৱৰ নামে গ্ৰীক্ (যোন বা যৱন) বা অৱন্তিয়াল্ কিট্ছৰ দূত “ভাগৱত” হেলিয়ডৰে উছৰ্গা কৰা স্তম্ভটিত লিখা “দেৱদেৱস বা(-সুদে-)ৱস গৰুড় ধ্বজে” ইত্যাদি বচন আঙ্গিৰসে কৃষ্ণক “দেৱ দেৱত্ৰাসূৰ্য্য় ম্” বুলি উপাসনা কৰিবলৈ শিকোৱা বচনৰ প্ৰতিধ্বনি নুবুলি নোৱাৰি। এই স্তম্ভলিপি খৃষ্টপূৰ্ব দুশ বছৰৰ আগৰ; ইয়াৰ পূৰ্বে কৃষ্ণক “দেৱ-দেৱস বাসুদেৱস” ( দেৱৰো-দেৱ-বাসুদেৱ) বা প্ৰধান দেৱতা বোলা কথা ক’তো পোৱা নহয়। তদুপৰি উক্ত স্তম্ভলিপিৰে শেষছোৱা অশোকৰ দ্বিতীয় শিলালিপিৰ লগত তুলনা কৰা হয়, আৰু তাত থকা দম- ত্যাগ-অপ্ৰমাদ” প্ৰভৃতি গীতাৰ (১৪৷১-২) “দম-ত্যাগ-অপৈসুনম” বচনৰ প্ৰতিধ্বনি যেন লাগে। তাৰ গৰুড়ধ্বজে” কথাটো নাৰায়ণ- বিষ্ণুৰ লগত জড়িত বোধায়ণ ধৰ্মসূত্ৰৰ “গৰুত্মান্” (২৷৫৷২৪) শব্দৰ লগত তুলনীয়; কিয়নো গৰুড় বা সুপৰ্ণৰ লগত বিষ্ণু প্ৰভৃতি সৌৰ দেৱতাৰ সম্পৰ্ক নিবিড়।

 তদপি বৈদিক বিষ্ণু (সূৰ্য্য )-উপাসক আঙ্গিৰসৰ শিষ্য কৃষ্ণত লীন হৈ পৰাৰ আৰু নানা হেতু আছে। ঋক্ বেদৰ (১৷২২৷১৮) “ত্ৰিণি পদা বিচক্ৰমে বিষ্ণু গোপা অদাভ্যঃ।” “বিষ্ণু গোপে (সূৰ্য্যই)