লাভ কি বল? ২১৷১৩৷ মোৰ ঘৰ (সংসাৰ) খন নাম-ঘৰ হব লাগিছিল; পাছে তোমালোকে পাতিলা ডকাইতৰ গহ্বৰ। ২৩৷১৩ ধিক্ কপটীয়াহঁত, স্বৰ্গৰ দুৱাৰ তহঁতেই খুন্দি খুন্দি মাৰিলি; নিজেও নোসোমালি আৰু আনকো সোমাবলৈ নিদিলি ধৰ্ম-ব্যৱসায়ীৰ বিৰুদ্ধেই এনে কথা কোৱা হৈছে। সন্ত মাৰ্কৰ সমাচাৰত কৈছে, ‘১২৷২৯। প্ৰথম আদেশ শুনাহঁক, আমাৰ ভগবান একেজন ঈশ্বৰ। ১২।৩০। আৰু তোমালোকে সেই জনকে সমস্ত হৃদয়েৰে, সমস্ত আত্মাৰে, সমস্ত চিত্তেৰে, আৰু সমস্ত শক্তিৰে ভক্তি কৰিবাঁ। ১২৷৩২ ঈশ্বৰ একেজন, আৰু তেওঁৰ বিনে কেও নাই। সন্ত জনৰ সমাচাৰত কৈছে, ১৷১। আদিতে আছিল নাম ( ওঙ্কাৰ); নাম আছিল ঈশ্বৰৰ সৈতে; আৰু নামেই আছিল ঈশ্বৰ। ১৷১৪ তেওঁতে আছিল প্ৰাণ, আৰু প্ৰাণেই আছিল মানুহৰ দীপ্তি। ১।১৪। নামেই হল মঙহ ( শৰীৰ), আৰু আমাৰ মাজত থাকিল সৌন্দৰ্য্যময় আৰু সত্যময়।’ ’১৩৷৩৪। এক নতুন আদেশ তোমালোকক মই শুনাওঁ-তোমালোকে পৰস্পৰক প্ৰীতি কৰিবাঁ।
যিহেতুকে মহম্মদীয় ধৰ্ম ই পূৰ্ব সৰ্ব-ধৰ্ম-সমন্বয় দাবী কৰে, আৰু যিহেতুকে পৃথিবীৰ আদি ধৰ্ম বেদ-বেদান্ত আদিৰ উত্তৰাধিকাৰী সূত্ৰেও শঙ্কৰদেৱে সদৌ লাভ কৰিছে, মহাপুৰুষীয়া ধৰ্মত স্বভাৱতে আমি তাৰ অনেকখিনি মিল দেখিবলৈ পাওঁহঁক। মহম্মদীয় ধৰ্মৰ মূল তত্ত্ব হল “তৌহি” (ঈশ্বৰৰ একত্ব), আৰু তাৰ তথ্য হল “লা ইলাহু ইল্ল আল্লা” অৰ্থাৎ সেই একেশ্বৰৰ বাহিৰে কেও উপাস্য নহয়। ই নিশ্চয় মহাপুৰুষীয়া “এক দেৱ এক সেৱ এক বিনে নাই কেৱ।” “তৌহিদ”ৰ বিৰোধী ভাবেই “শ্বাৰ্ক”; মহাপুৰুষীয়া মতে
“কৃষ্ণ দেৱতাক যিটো অন্য দেৱতাৰ সম
পাতয় অধম মূঢমতি।
চৌৰাশী নৰক ভুঞ্জি পাপৰ যোনিত সিটো
অৱশ্যে হইবেক উৎপতি।৷”