সমললৈ যাওক

পৃষ্ঠা:Yugnayak Sankardeva.djvu/৩৯

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে

চাৰি
বেদান্তত বৈদিক দেৱতা

বেদৰ সাৰ তিনি প্ৰস্থানঃ শ্ৰুতি প্ৰস্থান উপনিষদ, ন্যায় প্ৰস্থান ব্ৰহ্মসূত্ৰ, স্মৃতি প্ৰস্থান গীতা। বেদান্ত বুলিলে সেইদেখি এই তিনিও শাস্ত্ৰকে বুজায়; কিন্তু বেদান্ত-দৰ্শন বুলিলে অকল ব্ৰহ্মসূত্ৰহে বুজিব লাগে। বেদান্তই বৈদিক ক্ৰিয়াকাণ্ড আৰু দেৱ-দেৱী দূৰ কৰিলে; কিন্তু সেই বেদৰে এজন ঘাই দেৱতা বিষ্ণু (সূৰ্য্য়) কৃষ্ণৰূপে বেদান্তৰ সিংহাসনত কেনেকৈ বহিবলৈ পালে সিও ভাবি চাব লগা কথা নিশ্চয়।

“সৰ্বোপনিষদো গাবো দোগ্ধা গোপালনন্দনঃ।
পাৰ্থোবৎসঃ সুধীৰ্ভোক্তা দুগ্ধং গীতামৃতং মহৎ।”
“সকল উপনিষদে ধেনু,  দোগ্ধা ভৈল তাৰ নন্দসুত,
 বৎস ভৈল তাৰ কুন্তী-পুত্ৰ ধনঞ্জয়।
দুগ্ধ ভৈল তাৰ গীতামৃত,  কৃষ্ণৰ চৰণে দিয়া চিত্ত
 সুবুদ্ধিসকলে সন্তোষে পান কৰয়॥”

উপনিষদৰ সাৰ কাঢ়িয়ে যে গীতা ৰচনা কৰা হৈছে, সি “দেখোঁতেই চিতল, পিঠিতেই কাঁইট।” গীতাৰ নায়ক কৃষ্ণই “বৃষ্ণিনাম্বা বাসুদেৱো হস্মি” বোলাত তেওঁক বৃষ্ণিবংশী বুলি সঠিক জনা হয়। মহাভাৰতত তেওঁক সাধাৰণতে “বাসুদেৱ” (৩|১৪|৮) অৰ্থাৎ বসুদেৱৰ পুত্ৰ বুলিছে; কিন্তু ভাণ্ডাৰকাৰৰ মতে তেওঁৰ নিজ নামেই বাসুদেৱ, কৃষ্ণ তেওঁৰ গোত্ৰ নামহে। প্ৰাক্‌বৌদ্ধ যুগৰ,খৃষ্টপূৰ্ব সপ্তম শতিকাৰ আগৰ, ছান্দোগ্য উপনিষদত তেওঁক “তদ্বৈতদ্‌ ঘোৰ আজিৰসঃ কৃষ্ণস্য় দেৱকীপুত্ৰায়” (৩|১৭|৬) বুলিছে।

 কৃষ্ণক ঋক্‌বেদত অসুৰ আৰু দ্ৰাবিড়ী পুৰাণত যৌৱন-দেৱতা বুলিছে; তেন্তে সেই কৃষ্ণই গীতা-উপনিষদত বিষ্ণু তথা “ভগবান্