এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হৈছে
৩৭৯
মহাপুৰুষীয়া ধৰ্মত নৱ-বিধানৰ সঙ্কেত
মহাপুৰুষীয়া ধৰ্মতো তেনেকৈ মূলত “গুৰুৱে দিয়ে মাটি। শিষ্যই
ধৰে আঁটি॥”—এনে কথা নাছিল। এই ধৰ্মৰ যি চাৰি-বন্তু তাক
বুজি-বাজি লৈ প্ৰত্যেকে নিজ উৎকৰ্ষৰ বাবে নিজে যত্ন কৰিব, এয়ে
তেওঁৰ লক্ষ্য আছিল। বুদ্ধদেৱে কোনো সময়ত দূৰদৃষ্টিহীন এনে
নিৰ্বোধ মত কেতিয়াও প্ৰচাৰ নকৰিছিল—“ইদম্ এব সচ্চম্, মোঘম্
অন্নম!” “মই কোৱা কথাৰ বাহিৰে আন সকলো কথা মিছা'—
এনে কথা বুদ্ধদেৱে কেতিয়াও নকৈছিল। গতিকে ভবিষ্যতৰ যুক্তি-
বিচাৰত তেওঁ কোৱা কোনো কথাৰ এক চুলিও ইফাল-সিফাল হব
নোৱাৰিব, তেনে নিষেধ তেওঁ কৰা নাছিল। শঙ্কৰদেৱেও আদিৰ
পৰা অন্তলৈ সেইদৰেই কৈছিল—যদি মোৰ কথাত পতিয়ন নোযোৱাঁ
তেন্তে এনে এনে শাস্ত্ৰৰ এনে এনে অধ্যায় চোৱাঁ। গতিকে ভবিষ্যত
জগতৰ বাবে এনে স্বাধীন-ধৰ্মইহে উপযোগী।
⸺