পৃষ্ঠা:Yugnayak Sankardeva.djvu/৩৭৯

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হৈছে
৩৭১
আজিৰ জগত আৰু ভবিষ্য়তৰ ধৰ্ম


মানুহৰ কায়িক শ্ৰম অনেকখিনি লাঘৱ হৈছে; বৈজ্ঞানিক প্ৰচেষ্টাত খাদ্য-সামগ্ৰীৰ উৎপন্ন-বৃদ্ধি, যানবাহন চলাচলৰ বাবে খাদ্য়-সামগ্ৰীৰ বিতৰণ, চিকিৎসা বিজ্ঞানৰ উন্নতিৰ ফলত মৃত্যুৰ হাৰৰ পতন আদি কিমান যে সা-সুবিধা আমি ভোগ কৰিছোঁ তাক কৈ অঁতাব নোৱাৰি। পাছে ইমানৰ সত্ত্বেও মানুহৰ হা-হুমুনিয়াহ, অভাৱ-অনাটন, দুখ- ক্লেশ গুচা নাই কিয়? অকল দুখীয়াৰে নহয়, আজি কোটি- পতিৰো জীৱন মানে অকল খোৱা-কামোৰা আৰু ধুম-ধুপাল কিয়? কিহৰ কাৰণে আজি সম্পদে আপদ, সম্পত্তিও বিপত্তি, পঞ্চামৃতো হলাহলৰ তুল্য।

 ইয়াৰ গুৰিত এক ৰহস্য হ’ল-আমাৰ চকুৰ আগত যিখন পুৰণি জগত অদৃশ্য হৈ যাবলৈ ধৰিছে, আমাৰ চকুৰ আঁৰত তেনে আন এখন নতুন জগতৰ সৃষ্টি হব লাগিছে। গতিকে এহাতে সেই বিদায়-প্ৰাৰ্থী পুৰণি জগতৰ মৰণ-যাতনা, আৰু ইহাতে অনাগত নতুন জগতৰ প্ৰসৱ-বেদনা; দুয়ো মিলি আমাৰ বৰ্তমান জীৱন এনেদৰে জৰ্জৰিত কৰি তুলিছে। আগৰজন ৰজা চলিল, নতুন ৰজা পাটত বহিল ( The king is dead : long live the king)-পুৰণি জগতৰ মৃত্যু আৰু নতুন জগতৰ জন্ম তেনেকুৱাই হলেও, কাৰ্যত ই এনে ভয়ানক।

 তাতোকৈ ডাঙৰ কথা, মৃত্যুমুখী যি পুৰণি ধৰণী তাৰ গৰ্ভৰ পৰাই নৱাগত নতুন জগতৰ সম্ভৱ হব লাগিব। অসম্ভৱক সম্ভৱ কৰি জন্ম পোৱা এই নতুন জগত সেইদৰে অদৃষ্টবাদী নিৰ্ধাৰিত কাৰ্যসূচীৰ জীৱনৰ পুৰণি সাধুৰ বিপৰীতে দেখাত দুঃসাহসিক অথচ প্ৰকৃততে সুন্দৰ জীৱনৰ উপভোগদায়ক হব লাগিব। সুকবি চন্দ্ৰকুমাৰ আগৰৱালাৰ ভাষাৰে-

“মান-অপমান ঢৌৱাই যা’ক পৃথিবীৰপৰা গুচি।
নতুন সৃষ্টিৰ অৰুণ কিৰণ কৰক সকলো গুচি।