একচল্লিশ
আজিৰ জগত আৰু ভবিষ্যতৰ ধৰ্ম
অন্ততঃ তিনি কুৰি বছৰ জীয়াই থকাৰ সৌভাগ্য যিসকলৰ ঘটিছে সেইসকলে মন কৰিলে মূলতঃ এই কথা দেখিবলৈ পাব, যোৱা আঢ়ৈ কুৰি বছৰত আমি যেনে ক্ষিপ্ৰ পৰিবৰ্তনৰ ভিতৰেদি আহিব লাগিছোঁহঁক আগৰ আঢ়ৈ হাজাৰ বছৰতো তেনে পৰিবৰ্তন পৃথিবীত ঘটা নাছিল। এনে অভূতপূৰ্ব পৰিবৰ্তনৰ প্ৰথম পাতনি আৰম্ভ হয় উনৈশ শতিকাৰ শেষ ছোৱাত ভাপ-নাও, ভাপ-গাড়ী, বিজুলী-ডাক আদিৰ আবিষ্কাৰৰ ফলত। পুৰণি ধীৰ স্থিৰ পৃথিবীখন তেতিয়াই পোনে পোনে অলপ চক্ খাই উঠে। তাৰ পাছত যেতিয়া কুৰি শতিকাৰ জন্মৰ লগে লগে আইনষ্টাইন প্ৰভৃতি নতুন বৈজ্ঞানিকৰ ন ন আবিষ্কাৰে নিউটন প্ৰভৃতি পুৰণি বৈজ্ঞানিকৰ পুৰণি সিদ্ধান্তবোৰ ভেটিয়ে সৈতে কঁপাই তুলিলে, তেতিয়া সচাকৈয়ে বুঢ়ী আই বসুমতীও যেন পাটগাভৰুৰ দৰে চঞ্চল হৈ উঠিল। পৃথিবীয়ে জড়াজীৰ্ণা নিজ শৰীৰলৈ নতুন যৌৱনৰ যেন দুকূল-ডকা বান অহা অনুভৱ কৰিলে!
“কালো’য়ং নিৰৱধি বিপুল চ পৃথ্বী” সচা কথা; কিন্তু আজি পৃথিবীৰ সেই বিপুল বপু যেন তেনেই সঙ্কুচিত হল আৰু নিৰৱধি কাল মিনিট নালাগে ছেকণ্ডৰো শত-সহস্ৰাংশত বিভক্ত হল। আজি সচাকৈয়ে পৃথিবীখন চোতালখনৰ সমানো নহয়, ই তিল মেলা ডলা- খনতকৈও যেন সৰু হ’ল; স্থান আৰু কাল উভয়ৰ যেন হত্যা সাধন কৰ হ’ল! দুকুৰি-আঢ়ৈকুৰি বছৰৰ আগত একেখন প্ৰদেশৰ দুশ- মাইল দূৰৰ বাটলৈ যোৱা কথাও এনে দীৰ্ঘকাল আৰু বিপদ-সঙ্কুল কথা আছিল যে ঘুৰি আই-বোপাই ভাই-ককাইৰ লগত দেখা হব নে নহয় ঘোৰ সন্দেহ কৰি হাঁহ-পাৰ মাৰি খাই যোৱা কথা এতিয়াও
২৪