পৃষ্ঠা:Yugnayak Sankardeva.djvu/৩৬৬

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হৈছে
৩৫৮
যুগনায়ক শঙ্কৰদেৱ

উপদেশপূৰ্বক জ্ঞান শ্ৰেষ্ঠ। তাতে কৰি ধ্যান, ধ্যানতো কৰি কৰ্মফল- ত্যাগ উত্তম।” (কথা-গীতা, দ্বাদশ অধ্যায়)। উচ্চতম ভাৰতীয় দৰ্শনৰ এই শ্ৰেষ্ঠতম আদৰ্শত শঙ্কৰদেৱৰ শিক্ষাৰ অনুপম গুণত অসমৰ নিৰক্ষৰ চহা এটিও অতি উচ্চশিক্ষিত। অসমীয়া জীৱনত এনে এটি কাম নাই যিটো ঈশ্বৰত উছৰ্গা নকৰাকৈ কৰা বা লোৱা হয়। বাহিৰৰ কথা নকলেও, ভাৰতবৰ্ষৰ ভিতৰত অসমীয়াৰ দৰে স্বভাৱতে শ্ৰেষ্ঠ সংস্কৃতিসম্পন্ন এনে এটা জাতি নোলাব।