পৃষ্ঠা:Yugnayak Sankardeva.djvu/৩৬৩

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হৈছে
অসমীয়া সমাজত মজ্জাগত শঙ্কৰী প্ৰভাৱ


ঘোষা- “কি কৰিলোঁ কি কৰিলোঁ ভকতি নকৰি।
 অন্তক পাইলেক আসি ৰক্ষা কৰাঁ হৰি॥
পদ- নকৰিলোঁ শিৰে মাধৱক নমস্কাৰ।
 ইটো মাথা গোট মোৰ ভৈল মহাভাৰ॥
 কৰ্ণ দুই আছে নুশুনিলোঁ হৰি কথা।
 দুগোটা গৰ্ত্তৰ ভাৰ বহিলোঁহো বৃথা॥
 জিহ্বা মোৰ আছন্তে নলৈলোঁ ৰাম নাম।
 দাদুৰীৰ জিহ্বা যেন ভৈল কোন কাম।
 নেদেখিলো নয়নে প্ৰভু যেন ৰূপ।
 সম্যকে জানিলো দুয়ো আখি অন্ধকূপ
 যেন চিত্ৰ-বিচিত্ৰ মৈৰাৰ ভাসে পাখি।
 হৰি-ৰূপ নেদেখিলো পাইলোঁ তেন আখি॥
 হৰি-পদ তুলসীৰ নলৈলোঁহা ঘ্ৰাণ।
 জীৱন্তে মৰিলোঁ নাসা ভাটিৰ সমান॥
 পিন্ধিলোঁহো বাহুত অনেক অলঙ্কাৰ।
 প্ৰভুৰ পূজাক নকৰিলেঁ একবাৰ॥
 কৃষ্ণ-কৃত্য নকৰিলোঁ ভৈলোঁহো বৰ্ব্বৰ।
 ইটো হস্ত-বাহু মিছ মৃতক শৱৰ॥

 পাৱ দুই আছন্তে নগৈলোঁ ক্ষেত্ৰস্থান।
 মোৰ পাৱ ভৈল বৃক্ষ-শিপাৰ সমান॥
 হা হা দয়াময় মোৰ কি কৰিলা গতি।
 এভু তুৱা নাম লৈতে হৌক মোৰ মতি॥
 কম দোযে যি জন্ম হোৱে সংসাৰত।
 তাতো নাহাড়োক চিত্ত তুৱা চৰণত॥
 সদায় ঘোযোক ৰাম-নাম মোৰ মুখে।
 সংসাৰ-সাগৰে তেৱে তবোঁ মই সুখে॥