পৃষ্ঠা:Yugnayak Sankardeva.djvu/৩৬১

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হৈছে

উনচল্লিশ
অসমীয়া সমাজত মজ্জাগত শঙ্কৰী প্ৰভাৱ

বায়ু আৰু পোহৰ জীৱন-ধাৰণৰ বাবে এনে অনিবাৰ্য উপকৰণ যে আমি সিহঁতৰ সুকীয়া অস্তিত্ব বা ঈশ্বৰৰ এই মহৎ দানৰ কথা সদায় পাহৰি যাওঁ। অসমীয়া সংস্কৃতিতে তেনেকৈয়ে শঙ্কৰদেৱৰ অৱদান বায়ুমণ্ডলৰ দৰেই সৰ্বব্যাপী: আমি তাৰ মাজতে জীয়াই আছে আৰু উশাহ-নিশাহ লৈছো, কিন্তু তাৰ স্বৰূপ বহুত সময়তে আমাৰ মনত নপৰে।

 মানুহৰ জীৱন-দৰ্শন দুবিধ; আৰু তাৰ পৰিপোষক জ্ঞানে দুবিধ। চাৰি বেদৰ যি শিক্ষা বা জ্ঞান তাক বোলা হয় অপৰা বিদ্যা বা অবিদ্যা; যি জীৱন-দৰ্শনত মানুহৰ ইন্দ্ৰিয়-জনিত প্ৰবৃত্তিবোৰ চৰিতাৰ্থ কৰাকে সুখ আৰু জীৱনৰ লক্ষ্য বুলি মানি লোৱা হয়, আৰু সেই উদ্দেশ্যেই জীৱনৰ সকলো ধৰ্ম-কৰ্ম আচৰণ কৰা হয়, সেই প্ৰবৃত্তি-মাৰ্গৰ সাধনেই ইয়াৰ লক্ষ্য। ইয়াৰ প্ৰাৰ্থনা:-

“বিধেহি দেৱি কল্যাণং বিধেহি বিপুলাং শ্ৰি য়ং।
ধনং দেহি জয়ং দেহি যশো দেহি দ্বিষো জহি॥”

ইন্দ্ৰিয়-জনিত সুখ-ভোগ, ধন-মান, আৰু এইবোৰৰ চূড়ান্তৰূপে স্ব- লাভেই ইয়াৰ চৰম আকাঙ্ক্ষা। কিন্তু এই স্বৰ্গ-মুখ শাশ্বত বা স্থায়ী কথা নহয়; যাগ-যজ্ঞ আদি নানা উপায়ে পুণ্যলাভ হলে স্বৰ্গবাস হব পাৰে, কিন্তু সেই পুণ্য অক্ষয় নহয়; গতিকে তাৰ ক্ষয় হলেই জীৱ পৃথিবীলৈ নামি আহি নিজ কৰ্মফল অনুসাৰে পুনৰ নানা যোনীত জন্ম লব লগা হয়। এইবাবেই উপনিষদৰ ঋষিসকলে প্ৰবৃত্তিৰ পথ পৰিত্যাগ কৰি নিবৃত্তিৰ পথত আগবাঢ়িবলৈ উপায় দিছে। এই পথৰ জ্ঞান বা শিক্ষা তাক বোলা হৈছে পৰা-বিদ্যা-

বা বিদ্যা। ইন্দ্ৰিয়জনিত যি সুখ সি কেৱল ইতৰ জীৱনৰহে উপযোগী,

২৩