পৃষ্ঠা:Yugnayak Sankardeva.djvu/৩৫৪

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হৈছে

আঠত্ৰিশ

শঙ্কৰদেৱৰ অসমীয়া প্ৰাণ-প্ৰতিষ্ঠা

অসমীয়া সমাজৰ প্ৰকৃত বুৰঞ্জী, অসমীয়া জাতীয়তাৰ স্বৰূপ ইতিহাস, বাস্তৱতে শঙ্কৰদেৱৰ বিস্তৃত জীৱনী মাত্ৰ। শঙ্কৰদেৱৰ যুগ অসমক কোনো কোনো বিষয়ত এলিজাবেথৰ যুগৰ ইংলণ্ডৰ লগত তুলনা কৰিলেও সেই তুলনা স্বৰূপতে সীমাবদ্ধ; কিয়নো অকল সাহিত্যৰ ফালৰ পৰা চালেও, অসমীয়া বৈষ্ণৱ সাহিত্য অসমৰ সাংস্কৃতিক, সামাজিক আৰু জাতীয় জীৱনৰ ভিতৰলৈ ইমান দকৈ শিপোৱা যে এলিজাবেথৰ যুগৰ সাহিত্য ইংলণ্ডৰ লগত কোনো কালেই সিমান দকৈ শিপোৱা বুলিব নোৱাৰি। সচাকৈয়ে অকল অসমীয়া আধ্যাত্মিক জীৱনতে নহয়, অসমীয়া জাতিৰ বহুমুখী কৰ্ম্ম-প্ৰতিভা আৰু কাৰ্য্য- শক্তিৰ অন্ত-নপৰা একেটি উহ মাত্ৰ শঙ্কৰদেৱ; জাতীয় প্ৰাণ-স্পন্দন একটি কম্পন-কেন্দ্ৰ কেৱল শঙ্কৰদেৱ।

 যেনেকৈ অকল সূৰ্য্যৰ উদয়ৰ পৰা অস্তলৈকে দিন বুলি ধৰিলেও, প্ৰকৃততে পুৱতী নিশা বা ফেহুজালিৰ পৰা কেহেলি-কেন্দেলি সন্ধিয়াৰ পোহৰলৈকে দিনৰ গণনা কৰিব পাৰি, তেনেকৈয়ে মাধৱ কন্দলী প্ৰভৃতি শঙ্কৰ-সূৰ্য্যৰ আগমন সূচোৱা পুৱতীয়া ভোটা তৰাৰ সময়ৰ পৰা ধৰি বৈকুণ্ঠনাথ ভট্টদেৱ প্ৰভৃতি সাঁজলী তৰাৰ প্ৰথম জিলিঙনি অহা কাললৈকে অসমৰ বৈষ্ণৱ যুগৰ মহা পয়োভৰৰ কাল বুলি বুজিব লাগিব। স্বৰূপতে এই পাঁচশ বছৰেও শঙ্কৰদেৱ প্ৰভৃতিৰ ৰচনাৰ জেউতি আৰু সেই সকলৰ প্ৰচাৰিত ধৰ্মৰ জিলিঙনি অকণো ম্লান পৰা নাই, নপৰিবও। মুঠতে, কি সাহিত্য, কি সামাজিক বা জাতীয় জীৱন, ক’তো শঙ্কৰদেৱৰ প্ৰভাৱৰ পৰা অসমীয়া জাতিক বিচ্ছিন্ন কৰিব পৰা কোনো আন্দোলন ঘটা নাই, ঘটিবৰ সম্ভাৱনাও হোৱা নাই। যুৰ’পৰ ওপৰত খৃষ্ট ধৰ্মৰ প্ৰভাৱৰ দৰে আৰু আৰৱ-