বিপক্ষে প্ৰচাৰ কৰিছিল বুলিব পাৰি : তথাপি বৌদ্ধ তথা উত্তৰ- বৌদ্ধ ভাৰত বৈষয়িক ইতিহাসৰ এক সোণালী যুগ নিশ্চয়; ইয়াৰ কাৰণ কি? অশোক প্ৰভৃতি বৌদ্ধ ৰজাসকলে বৌদ্ধধৰ্ম প্ৰচাৰৰ হকে যি কৰিছিল; স্কন্দগুপ্ত, কুমাৰগুপ্ত প্ৰভৃতি গুপ্তৰজাসকলেও ভাৰতত ভাগৱতী ধৰ্মপ্ৰচাৰৰ অৰ্থে তাকেই কৰিছিল : আৰু গুপ্ত- ভাৰতো ঠিক তেনেকৈয়ে ইতিহাসৰ আন এটি সোণালী যুগ।
এই দুই উৎকৃষ্ট উদাহৰণৰ পৰা ইয়াকে বুজিব পাৰি, যি মানসিক দুৰ্বলতা আৰু অনীতি-অধৰমৰ কেৰোনে ব্যক্তিৰ দৰে সমাজ আৰু জাতিক খুলি খুলি খায়, প্ৰত্যেক শ্ৰেষ্ঠ ধৰ্মৰ আধ্যাত্মিক গুণে সেই দুৰ্বলতা আৰু অনীতি-অধৰম অন্তৰৰ পৰা অন্তৰ কৰি ব্যক্তিৰ দৰে সমাজ আৰু জাতিক সুস্থ আৰু সবল হোৱাৰ বাটত আগবঢ়াই নিয়ে। তদুপৰি মানসিক জড়তা বা দুৰ্বলতাৰ লগত জড়িত হীনতা- নীচতা আদিৰ ছাই-মাকতিয়ে আত্মাৰ যি ফিৰিঙটি ঢাকি থয়, সত্য ধৰ্মই সেইবোৰ গুচাই দিয়া মাত্ৰকে সেই পৱিত্ৰ অম্লান জ্যোতিয়ে মায়াৰ সকলো আন্ধাৰ দূৰলৈ খেদে। জড়তা আৰু বন্ধনৰ পৰা মুক্ত এনে আত্মাই কি আধ্যাত্মিক, কি বৈষয়িক, সকলে ক্ষেত্ৰতে অসাধ্য সাধন কৰিব পাৰে; তাৰ ফলতেই বৈষয়িক কোনো লক্ষ্য নোহোৱাকৈয়ে অসমৰ বৈষ্ণৱ আন্দোলনে অসমীয়া জাতিৰ বৈষয়িক উন্নতিতে অতুলনীয় বৰঙনি যোগাব পাৰিছিল। ইয়াৰ অন্যতম জ্বলজ্বল-পটপট উদাহৰণ পোৱা হয় উত্তৰ-বৈষ্ণৱ যুগৰ অনুপম মায়ামৰা আন্দোলনত; আহোমৰ দৰে সেই কালৰ এটি প্ৰৱল প্ৰতাপ ৰাজশক্তিক এমুঠি নিৰস্ত্ৰ নিৰামিষী নিমাখিত মায়ামৰা প্ৰজাই থৰহৰি কম্পমান কৰিব পাৰিছিল। কেইবা শ বছৰৰে সুপ্ৰতিষ্ঠিত আহোম ৰাজসিংহাসন বলেৰে কাঢ়ি লৈ ভালেমান বছৰ নিজে ৰাজ্য চলোৱা কথাৰ পৰাই উলঙ্গ আত্মা আনৱিক বোমাতকৈও কিমান শক্তিধৰ তাক অনুমান কৰিব পাৰি।” (অ, সা, বু, ৪ৰ্থ সং ২১৩-১৮ পিঠি)।